২০২৩ চনত মুকলি হ'ব 200 MP ৰ সৈতে Samsung Galaxy S23 Ultra smartphone

author img

By

Published : Aug 23, 2022, 10:34 PM IST

samsung-galaxy-s23-ultra-smartphone-with-200-mp-will-launch-in-2023

দক্ষিণ কোৰিয়াৰ টেক জায়ান্ট Samsungৰ বহু প্ৰত্যাশিত ফ্লেগশ্বিপ স্মাৰ্টফোন Galaxy S23 Ultra ত ২০০ মেগাপিক্সেলৰ মূল কেমেৰা থকাটো নিশ্চিত কৰা হৈছে । 2023 বৰ্ষত এই স্মাৰ্টফোনটো (Samsung Galaxy S23 Ultra smartphone) মুকলি কৰাৰ সম্ভাৱনা ।

দক্ষিণ কোৰিয়াৰ টেক জায়ান্ট Samsungৰ বহু প্ৰত্যাশিত ফ্লেগশ্বিপ স্মাৰ্টফোন Galaxy S23 Ultra ত ২০০ মেগাপিক্সেলৰ মূল কেমেৰা থকাটো নিশ্চিত কৰা হৈছে । 2023 বৰ্ষত এই স্মাৰ্টফোনটো (Samsung Galaxy S23 Ultra smartphone) মুকলি কৰাৰ সম্ভাৱনা আছে । Samsung ইলেক্ট্ৰনিকছৰ মোবাইল এক্সপিৰিয়েন্স (MX) বিভাগে আগশাৰীৰ কেমেৰা অংশীদাৰসকলৰ সৈতে নিশ্চিত কৰা তথ্য ভাগ-বতৰা কৰিছে যে তেওঁলোকে শেহতীয়াকৈ গেলাক্সি এছ২৩ত ২০০ মেগা পিক্সেল কেমেৰা স্থাপন কৰিব । 200 MPৰ সৈতে Samsung galaxy s23 ultra smartphone 2023 চনত মুকলি কৰা হ'ব ৷

চেমচাং ইলেক্ট্ৰনিকছে বিকাশ আৰু প্ৰক্ষেপিত উৎপাদন পৰিকল্পনাৰ সবিশেষ তথ্য ঘোষণা কৰি কিছুমান কোম্পানীক ২০ কোটি পিক্সেলৰ কেমেৰাৰ অংশ প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰে আৰু প্ৰয়োজনীয় অংশ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে । শেহতীয়াকৈ কোৱালকমৰ চিইঅ’ ক্রিষ্টিয়ানো আমনে (Cristiano Amon Qualcomm CEO) কয় যে, গেলাক্সি এছ২৩(Galaxy S23) ছিৰিজত একচেটিয়াভাৱে স্নেপড্ৰেগন ৮ জেন ২ ব্যৱহাৰ কৰা হ'ব ৷

লগতে পঢ়ক : Google TVৰ লেহেমীয়া প্ৰদৰ্শনৰ বিষয়ে ব্যৱহাৰকাৰীৰ মতামত ল'লে গুগলে

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ছেমছাং ইলেক্ট্ৰ’-মেকানিক্স আৰু ছেমছাং ইলেক্ট্ৰনিকছে ৭ৰ পৰা ৩ অনুপাতত 200 MP কেমেৰা প্ৰস্তুত কৰি আছে (Samsung Electro-Mechanics and Samsung Electronics) । যেতিয়া নিম্নমানৰ সামগ্ৰীত ২০ কোটি পিক্সেল কেমেৰা স্থাপন কৰা হয়, তেতিয়া যোগান শৃংখলটো অন্যান্য অংশ যোগানকাৰীলৈ সম্প্ৰসাৰিত হোৱাৰ আশা কৰা হৈছে ।

লগতে পঢ়ক : WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে আহিল এক বিশেষ এপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.