ETV Bharat / state

দিব্যাংগসকলৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ নিশ্চিতি প্ৰদান পীযুষ হাজৰিকাৰ

author img

By

Published : Aug 30, 2022, 10:14 PM IST

জনতা ভৱনত দিব্যাংগসকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক । আলোচনাৰ জৰিয়তে দিব্যাংগসকলৰ সমস্যা সমাধানত গুৰুত্ব । চৰকাৰী চাকৰিৰ আবেদনৰ মাছুল ৰেহাই দিয়া আৰু পৰীক্ষাত দৃষ্টিহীনসকলৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস (Pijush Hazarika meets Divyangjan leaders)।

Pijush Hazarika meets Divyangjan leaders
দিব্যাংগসকলৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থাৰ নিশ্চিতি প্ৰদান পীযুষ হাজৰিকাৰ

গুৱাহাটী, ৩০ আগষ্ট: সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই(Minister Pijush Hazarika) মঙলবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত অসমৰ দিব্যাংগসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ নেতৃবৃন্দৰে এক বিশেষ আলোচনাত মিলিত হয় । সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত, সঞ্চালককে ধৰি শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই সংগঠনৰ নেতৃত্বৰ পৰা ৰাজ্যখনৰ দিব্যাংগসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় (Pijush Hazarika meets Divyangjan leaders) ।

Pijush Hazarika meets Divyangjan leaders
দিব্যাংগসকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক

ৰাজ্য চৰকাৰৰ চাকৰিত দিব্যাংগসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সংগঠনৰ ফালৰ পৰা মন্ত্ৰীগৰাকীক আহ্বান জনোৱাত তেঁও সকলো বিভাগতে দিব্যাংগসকলে সাংবিধানিক সংৰক্ষণৰ সুবিধা নিশ্চিত ৰূপত লাভ কৰিব বুলি উল্লেখ কৰে (Reservations for Divyangjan)। আনহাতে চৰকাৰী চাকৰিৰ আবেদনৰ মাচুল ৰেহাই দিয়া আৰু পৰীক্ষাত দৃষ্টিহীনসকলৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাতে বিভাগীয় বিষয়াৰে আলোচনা কৰে আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে ।

Pijush Hazarika meets Divyangjan leaders
দিব্যাংগসকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক

প্ৰতিনিধিসকলে গুৱাহাটীত দিব্যাংগসকলৰ বাবে জিৰণি ঘৰ আৰু লুইছ ব্ৰেইলীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনায় (Louis Braille statue in Assam)। লুইছ ব্ৰেইলীৰ প্ৰতিমূৰ্তি স্থাপনত মন্ত্ৰী হাজৰিকাই সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি দিব্যাংগসকলৰ বাবে জিৰণি ঘৰৰ বিষয়টো পৰৱৰ্তী সময়ত বিবেচনা কৰা হ'ব বুলি প্ৰকাশ কৰে ।

আনহাতে ৰাজ্যখনত বহুকেইটা সংগঠনে সক্ৰিয়ভাৱে দিব্যাংগসকলৰ বাবে কাম কৰি থকাটো উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই সকলো সংগঠনকে সমিল মিলেৰে দিব্যাংগসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । সংগঠনৰ নামত কোনেও যাতে দিব্যাংগসকলক হাৰাশাস্তি নকৰে তাৰ বাবেও মন্ত্ৰী হাজৰিকাই সকলোকে আহ্বান জনায় ।

Pijush Hazarika meets Divyangjan leaders
দিব্যাংগসকলৰ সংগঠনৰ নেতৃত্বৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক

আনহাতে একাংশ সংগঠনে দিব্যাংগসকলৰ বিভিন্ন দাবীৰ(Demand of Divyangjan) বাবে সততে আন্দোলনমুখী পৰিৱেশ সৃষ্টি কৰা বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলন কৰাৰ বাবে আমাৰ সকলোৰে সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু দিব্যাংগসকলৰ দল-সংগঠনে যিকোনো সময়তে বিভাগীয় শীৰ্ষ বিষয়া আৰু মন্ত্ৰীক লগ কৰিব পাৰে আৰু আন্দোলনৰ কাৰ্যসূচী লোৱাৰ আগতেই আলোচনাৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰিব পাৰে ।

লগতে পঢ়ক: কৰ্তব্যৰত আশা কৰ্মীৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.