ETV Bharat / state

কৰ্তব্যৰত আশা কৰ্মীৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

author img

By

Published : Aug 30, 2022, 9:37 PM IST

দুৰ্বৃত্তৰ দ্বাৰা কৰ্তব্যৰত আশা কৰ্মীক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আশাকৰ্মী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Protest against ASHA worker attack)। প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰ দুপৰীয়াৰ ভাগত নীলিবাৰীৰ জনৈক আকবৰ আলীৰ ঘৰৰ গৰ্ভৱতী মহিলাৰ খবৰ ল’বলৈ যোৱাৰ সময়তে আশা কৰ্মী আমিৰণ নেছাৰ সৈতে আকবৰ আলীয়ে প্ৰথমে বাক-বিতণ্ডাত লিপ্ত হয় ৷ তাৰ পিছত শাৰীৰিকভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আশা কৰ্মীগৰাকীক (ASHA worker attacked on duty)।

Protest against ASHA worker attack
Protest against ASHA worker attack

চিৰাং, 30 আগষ্ট: চিৰাঙৰ ডাংতল নিলীবাৰীত যোৱা ২৩ আগষ্ট কৰ্তব্যৰত আশা কৰ্মীক আক্ৰমণ কৰি আহত কৰা দোষীক গ্ৰেপ্তাৰৰ দাবীত জিলা সদৰ কাজলগাঁৱত কেইবাশ আশা কৰ্মীৰ প্ৰতিবাদী সমদল (ASHA wokers protest in Chirang) । চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত নীলিবাৰীত কৰ্তব্যৰত অৱস্থাতে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হৈছিল আশা কৰ্মী আমিৰণ নেছা (ASHA worker attacked in Chirang) । দুৰ্বৃত্তৰ দ্বাৰা শাৰীৰিক আক্ৰমণত গুৰুতৰভাৱে আহত আশা কৰ্মী আমিৰণ নেছাক কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাই চিকিৎসা কৰোৱা হৈছিল ।

কৰ্তব্যৰত আশা কৰ্মীৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

দুৰ্বৃত্তৰ দ্বাৰা কৰ্তব্যৰত আশা কৰ্মীক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আশাকৰ্মী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Protest against ASHA worker attack)। প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰ দুপৰীয়াৰ ভাগত নীলিবাৰীৰ জনৈক আকবৰ আলীৰ ঘৰৰ গৰ্ভৱতী মহিলাৰ খবৰ ল’বলৈ যোৱাৰ সময়তে আশা কৰ্মী আমিৰণ নেছাৰ সৈতে আকবৰ আলীয়ে প্ৰথমে বাক-বিতণ্ডাত লিপ্ত হয় ৷ তাৰ পিছত শাৰীৰিকভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে আশা কৰ্মীগৰাকীক (ASHA worker attacked on duty)।

লগতে পঢ়ক: বোকাখাতত গঁড়ৰ খৰ্গ সৰবৰাহকাৰী দুটা চোৰাং চিকাৰী আটক

ঘটনাৰ পিছৰ দিনটোতে সকলো কথা জিলা উপায়ুক্তক জনোৱা হৈছিল যদিও ঘটনাৰ ৮ দিন উকলি যোৱাৰ পিছতো চিৰাং আৰক্ষীয়ে দোষী আকবৰ আলীক আটক নকৰাত আশা কৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আজি আশা কৰ্মীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে আশা কৰ্মীক আক্ৰমণ কৰা দোষী ব্যক্তিক আটক কৰাৰ দাবীত কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পৰা চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে আশা কৰ্মী সন্থাৰ কেইবাশ সদস্যাই সমদল কৰি ওলাই আহে । সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত দিনে নিশাই সেৱা আগবঢ়োৱা আশা কৰ্মীক আক্ৰমণৰ ঘটনাত জড়িত ব্যাক্তিৰ বিৰুদ্ধে অভিযোগ দাখিলৰ পিচতো জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে সদৌ অসম আশা কৰ্মী সন্থাৰ সম্পাদিকা অনুপমা ৰায়ে ।

ASHA wokers protest in Chirang
কৰ্তব্যৰত আশা কৰ্মীৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ

তেওঁ কয় যে, আজিৰ ভিতৰতে যদি আশাকৰ্মীক আক্ৰমণ কৰা দোষী ব্যক্তিক আটক নকৰে তেনেহলে চিৰাং জিলাৰ আশাকৰ্মী সকলে অনিৰ্দিষ্ট কালৰ বাবে কৰ্মবিৰতি পালন কৰিব (ASHA workers to strike in Chirang) । চিৰাং জিলা প্ৰশাসনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক: ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড কোকৰাঝাৰ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.