ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 18, 2022, 9:15 AM IST

Top 10 at 9 am
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

Road accident at Basistha: নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট তলত বাগৰি পৰিল বাহন, এজন নিহত

মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ সমীপত শনিবাৰে বিয়লি প্ৰায় ৪.৪৫ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Basistha)৷ জানিব পৰা মতে AS-01 ET 9972 নম্বৰৰ নিচান বাহনখনে মন্দিৰৰ সমীপৰ পাহাৰীয়া পথেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট তলৰ বশিষ্ঠ নৈত বাগৰি পৰে (One death in road accident)৷

GOC-in-c on India China Face off: ভাৰতীয় সেনাৰ হাতত সুৰক্ষিত হৈ আছে দেশৰ সীমান্ত: ৰাণা প্ৰতাপ কলিতা

ভাৰত-চীন সীমান্তত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত ৮ টা সংবেদনশীল এলেকা(Sensitive Zone) আছে, য’ত বিভিন্ন ঠাইত চীন আৰু ভাৰতৰ তৰফৰ পৰা তীক্ষ্ণ দৃষ্টি ৰখা হয় । ইয়াৰ ভিতৰৰ এটা বিশেষ স্থান হ’ল, য’ত ৯ ডিচেম্বৰত ভাৰত-চীন সেনাৰ(India-China dispute) মাজত সংঘৰ্ষৰ সূত্ৰপাত হ’ল ৷ যাৰ ফলত দুয়োপক্ষৰ সেনা সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় ৷ এই কথা সদৰি কৰিছে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ৷

SC rejects bilkis bano plea : উচ্চতম ন্যায়ালয়ত খাৰিজ হ’ল বিলকিছ বানুৰ আবেদন

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে খাৰিজ কৰিলে বিলকিছ বানুৰ আবেদন (SC rejects bilkis bano plea) ৷ জঘন্য অপৰাধটো যিহেতু গুজৰাটত সংঘটিত হৈছিল গতিকে ৰাজ্যখনত প্ৰচলিত শাস্তি লাঘৱ নীতি অনুসৰিয়েই অপৰাধীয়ে শাস্তি ভুগিব অথবা শাস্তি লাঘৱ কৰা হ’ব (Gujarat government remission to 11 convicts) বুলি ভুক্তভোগীৰ আবেদন সন্দৰ্ভত বিচাৰপীঠে আজি এই তাৎপৰ্যপূৰ্ণ ৰায় প্ৰদান কৰে ৷

Manohari Gold tea: চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ

পুনৰ ৰেকৰ্ড সংখ্যক মূল্যত চাহপাত বিক্ৰী কৰিলে মনোহাৰী চাহ বাগিচাই (Manohari Gold tea new records) । প্ৰতিকেজি চাহৰ দাম হ'লগৈ ১,১৫,০০০ টকা । ক্ৰয় হায়দৰাবাদৰ নিলুফাৰ কেফেৰ ।

Barpeta Marriage Controversy: বৰপেটাৰ বিয়াখনক লৈ সৰৱ চৰ্চা, আত্মপক্ষ সমৰ্থন দুয়োটা পক্ষৰ

‘‘আমি ধনী ঘৰৰ মানুহ নহয়, বহু কষ্ট কৰি বিয়াখন পাতিছিলোঁ, তেওঁলোকে কইনাই কাপোৰযোৰ বেয়া পিন্ধিছে বুলি কৈছিল, গহনাও তেওঁলোকে বিচৰামতে নাছিল, তাৰ পিছতহে জোৰোণৰ বস্তুক লৈ কথাৰ কটাকটি হৈছিল দুয়োৰে মাজত ৷’’ বৰপেটাৰ বিয়াক লৈ অব্যাহত অভিযোগ প্ৰতি-অভিযোগ ৷

Lekhika samaroh award 2022: কণ্ঠশিল্পী অনিমা চৌধুৰীক মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা

গোলাঘাট জিলাৰ তেলগৰম ৰঙ্গমঞ্চত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা প্ৰদান কৰে প্ৰবীণ কণ্ঠশিল্পী ড৹ অনিমা চৌধুৰীক(Lekhika samaroh felicitated Anima Choudhury) ।

Bongaigaon suicide case: বঙাইগাঁৱত ৩০ বছৰীয়া যুৱকৰ আত্মহনন

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা পুৰান বজাৰত ৩০ বছৰীয়া এগৰাকী যুৱকে ঘৰৰ ওচৰতে এজোপা গছত ছিপ লৈ আত্মহত্যা কৰে(Youth commits suicide in Bongaigaon) । পৰিয়ালৰ লোকে জনোৱা অনুসৰি যুৱকজনে প্ৰায় দুই বছৰ ধৰি মানসিক ৰোগত ভুগি আছিল(Mysterious suicide case in Bongaigaon) ।

FIFA World cup 2022 : তৃতীয় স্থানৰ বাবে আজি অৱৰ্তীণ হ’ব মৰক্কো-ক্ৰোৱেছিয়া

ফিফা বিশ্বকাপ ২০২২ত আজি তৃতীয় স্থানৰ বাবে মুখামুখি হ’ব মৰক্কো আৰু ক্ৰোৱেছিয়া । চলিত বিশ্বকাপত দুয়োটা দলৰ মাজত হোৱা প্ৰথমখন খেল ০-০ গ’লত অমীমাংসিতভাৱে সমাপ্ত হৈছিল ।

France squad struck by virus : ভাইৰাছৰ আক্ৰমণক লৈ উদ্বিগ্ন ফ্ৰান্স দল !

বিশ্বকাপ ফুটবলৰ ফাইনেললৈ মাজত মাত্ৰ এটা দিন বাকী (FIFA World Cup 2022 final)। আৰ্জেণ্টিনাৰ মুখামুখি হ'ব যোৱাবাৰৰ চেম্পিয়ন ফ্ৰান্স । কিন্তু তাৰ পূৰ্বে ফ্ৰান্সৰ কেইবাগৰাকী খেলুৱৈ ভাইৰাছৰ আক্ৰমণৰ ফলত অসুস্থ হৈ পৰিছে । ৰাফেল ভাৰ্ন আৰু ডিফেণ্ডাৰ ইব্ৰাহিমা কোনাটে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ।

Avatar movie news:অৱতাৰ চাই জীৱন যাত্ৰাৰ সামৰণি মাৰিলে এজন যুৱকে!

অৱতাৰ 2 চাই থাকোতেই হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে এজন যুৱকে ৷ সবিশেষ আগলৈ-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.