ETV Bharat / entertainment

Avatar movie news:অৱতাৰ চাই জীৱন যাত্ৰাৰ সামৰণি মাৰিলে এজন যুৱকে!

author img

By

Published : Dec 17, 2022, 5:50 PM IST

অৱতাৰ 2 চাই থাকোতেই হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে এজন যুৱকে ৷ সবিশেষ আগলৈ-

avatar
অৱতাৰ 2 ৰ শেহতীয়া খবৰ

চিটাৰা ডেস্ক, 17 ডিচেম্বৰ : অৱতাৰ 2 (Avatar-The Way Of Water) চাই থকা অৱস্থাতেই হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয় এজন লোকৰ । এই আশ্চৰ্যজনক খবৰ আহিছে অন্ধ্ৰ প্ৰদেশৰ কাকিনাডা জিলাৰ পেদ্দাপুৰম চহৰৰ পৰা । প্ৰাপ্ত বাতৰি অনুসৰি লক্ষ্মীৰেদ্দি শ্ৰীণুৱে তেওঁৰ ভাতৃ ৰাজুৰ সৈতে পেদ্দাপুৰমত ‘অৱতাৰ 2 ’ চাবলৈ গৈছিল । ছবিখন চাই থকাৰ মাজতে ঢলি পৰে শ্ৰীণু । লগে লগে তেওঁৰ কনিষ্ঠ ভাতৃ ৰাজুৱে তেওঁক চৰকাৰী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শ্ৰীণুক মৃত বুলি ঘোষণা কৰে । মৃত্যুৰ সময়ত লক্ষ্মীৰেদ্দি শ্ৰীণুৱে এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যায় ।

2010 চনতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল

উল্লেখযোগ্য যে টাইৱানতো একেধৰণৰ কাণ্ড সংঘটিত হৈছিল 2010 চনত । দৰাচলতে 2010 চনত মুক্তি পোৱা ‘অৱতাৰ’ৰ প্ৰথম পাৰ্টটো চাই থাকোঁতে হাৰ্ট এটেকত আক্ৰান্ত হৈ 42 বছৰীয়া এজন ব্যক্তিৰ মৃত্যু ঘটিছিল । ফ্ৰান্সৰ প্ৰেছ এজেন্সীত প্ৰকাশ পাইছিল এই প্ৰতিবেদন । চিকিৎসকৰ মতে, লোকজনৰ উচ্চ ৰক্তচাপ আছিল । চিকিৎসকে কয় যে এনে আকস্মিক মৃত্যুৰ কাৰণ চিনেমা চোৱাৰ ফলত সৃষ্টি হোৱা অতিৰিক্ত উদ্বেগ ।

2009 চনৰ ‘অৱতাৰ’ ছবিখন আজিও দৰ্শকৰ মনত সজীৱ হৈ আছে । ছবিখনত সকলোৰে কাম প্ৰশংসনীয় আছিল । আনকি সৃষ্টিকৰ্তাসকলেও নাজানিছিল যে পাণ্ডোৰাৰ জগতখনে ইমান মানুহক আকৰ্ষণ কৰিব পাৰিব । এতিয়া এই ছবিখনৰ দ্বিতীয় খণ্ড Avatar-The Way Of Water 16 ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে ।

লগতে পঢ়ক : Aishwarya Rai Bachchan latest news: অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ ভুৱা পাছপ’ৰ্ট উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.