ETV Bharat / entertainment

Aishwarya Rai Bachchan latest news: অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ ভুৱা পাছপ’ৰ্ট উদ্ধাৰ

author img

By

Published : Dec 17, 2022, 3:18 PM IST

উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ ভুৱা পাছপ’ৰ্ট উদ্ধাৰ কৰাৰ পিছত গ্ৰেটাৰ নয়ডাৰ পৰা তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে সোধা-পোছা আৰম্ভ কৰিছে যে তেওঁলোকে ইয়াৰ সৈতে কি কৰাৰ পৰিকল্পনা কৰিছিল ? এই দলটো ফাৰ্মাচিউটিকেল কোম্পানীৰ নামত প্ৰৱঞ্চনাৰ সৈতেও জড়িত আছিল ।

Aishwarya Rai
ঐশ্বৰ্য ৰায়

চিটাৰা ডেস্ক, 17 ডিচেম্বৰ : নয়ডাৰ বিটা-2 থানা আৰু চাইবাৰ চেলে এটা ঔষধ কোম্পানীৰ নামত প্ৰতাৰণা কৰা নাইজেৰিয়ান গেঙৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা গৈছে যে এজন অৱসৰপ্ৰাপ্ত কৰ্ণেলৰ পৰা প্ৰায় এক কোটি আশী লাখ টকা প্ৰৱঞ্চনাৰে হৰলুকি কৰে প্ৰৱঞ্চক দলটোৱে । সমান্তৰালকৈ এই দলটোৰ পৰা বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপ’ৰ্টো উদ্ধাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে অভিযুক্তক জেৰা আৰম্ভ কৰিছে আৰু জানিবলৈ চেষ্টা কৰিছে যে কিহৰ বাবে তেওঁলোকে ঐশ্বৰ্য ৰায়ৰ ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰিব বিচাৰিছিল ।

আৰক্ষী উপ-আয়ুক্ত (তৃতীয় জ’ন) অভিষেক বাৰ্মাই কয় যে, “নয়ডা আৰক্ষী আৰু গ্ৰেনো চাইবাৰ চেলে গ্ৰেটাৰ নয়ডাৰ পৰা নাইজেৰিয়াৰ তিনিজন নাগৰিক আইকে উফেৰেমুকেবে, এডউইন কলিন্স আৰু ব’ অক’ল’ই ডেমিয়নক গ্ৰেপ্তাৰ কৰিছে” ৷ আৰক্ষীয়ে তথ্য লাভ কৰে যে এই দলটোৱে এবট ফাৰ্মাচিউটিকেলছকে ধৰি অন্যান্য কোম্পানীসমূহৰ প্ৰতিনিধি হিচাপে মানুহক লক্ষ্য কৰি লৈছে ।

ঐশ্বৰ্য ৰায়ৰ ভুৱা পাছপ’ৰ্ট কিয় ব্যৱহাৰ কৰিব বিচাৰিছিল সেই কথা জানিবলৈ আৰক্ষীয়ে তিনি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে । প্ৰথমাৱস্থাত অৱশ্যে দলটোৰ সদস্যসকলে ড্ৰাগছ কোম্পানীটোৰ প্ৰতিনিধিৰ ভাও ধৰে । তেওঁলোকে কোম্পানীটোৰ প্ৰতিনিধিৰ ৰূপ লৈ অত্যধিক দামত ড্ৰাগছ ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ উপৰিও দলটোৱে অহৰহ মেট্ৰিম’নিয়েল ৱেবছাইট আৰু ডেটিং এপৰ ​​জৰিয়তেও মানুহক টাৰ্গেট কৰি আছিল ।

আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে এই দলটোৱে ‘এবট ফাৰ্মাচিউটিকেলছ’ কোম্পানীকে ধৰি আন কোম্পানীসমূহৰ প্ৰতিনিধিৰ ৰূপ লৈ মানুহক লক্ষ্য কৰি লৈছে ।

লগতে পঢ়ক : ড্ৰাগছৰ গোচৰত অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক জাননী প্ৰদান কৰে ইডিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.