7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 3, 2022, 7:16 PM IST

TOP 10 AT 7 AM

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Nayanmoni Saikia will be rewarded as DSP: উপ-আৰক্ষী অধীক্ষক হ’ব নয়নমণি শইকীয়া

উপ-আৰক্ষী অধীক্ষক পদত অধিস্থিত হ’ব কমৱেল্থ গেমছত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়াই (Gold Medallist Nayanmoni Saikia)৷ কমৱেল্থ গেমছ-2022ৰ লনবল ফ’ৰ ইভেন্টত সোণ জয় কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য নয়নমণি সম্প্ৰতি বন সুৰক্ষা কৰ্মী হিচাবে কৰ্মৰত হৈ আছে ৷

TMC protest in Guwahati: হাতে হাতে কাঁহি-বাতি লৈ ৰাজপথলৈ ওলাই আহিল মহিলা

কেন্দ্ৰীয় চৰকাৰে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ ওপৰত আৰোপ কৰা GST বাতিল কৰাৰ লগতে খাদ্যকে ধৰি সকলো সা-সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত মহানগৰীত তৃণমূল কংগ্ৰেছৰ মহিলা মৰ্চাৰ প্ৰতিবাদ(TMC protest in Guwahati) ৷ জিএছটি প্ৰত্যাহাৰৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (TMC protest against GST imposition on essential food items) ৷

Piyush Hazarika vs Karimuddin Barbhuyan : মই কৰিমউদ্দিন বৰভূঞাৰ ওচৰত ক্ষমা নোখোজোঁ, যি কৰে কৰক

অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা, জল সম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে তেজপুৰত কয় যে জেহাদীৰ সমৰ্থকৰ ওচৰত তেওঁ কেতিয়াও আঁঠু নলয় (Piyush Hazarikar never kneels to supporters of jihadi) । আনহাতে, আমিনুল ইছলাম, ৰফিকুল ইছলাম আদিৰ দৰে জেহাদীৰ সমৰ্থকৰ ওচৰত ক্ষমা নোখোজে বুলিও তেওঁ প্ৰকাশ কৰে ।

Drugs Trafficking : তিনিচুকীয়া আৰক্ষীৰ পৃষ্ঠপোষকতাত জিলাখনত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা : বীৰ লাচিত সেনা

বীৰ লাচিত সেনাৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু প্ৰচণ্ড মনোবল ভাঙিবলৈহে বৰ্বৰ আক্ৰমণ সংঘটিত কৰিলে তিনিচুকীয়া আৰক্ষীয়ে । ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ সদস্যক আৰক্ষীৰ আক্ৰমণ (Assam Police attack on Lachit Sena protestors) । আহোম জাতিক অপমান কৰা বিজেপি নেত্ৰী আঙুৰলতা ডেকাক সাধাৰণ সোধাপোছা কৰিবলৈ মেৰুদণ্ড নথকা অসম আৰক্ষীয়ে বীৰ লাচিত সেনা অসমৰ সৈনিকসকলৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই । আঙুৰলতা ডেকাক 'নৰ্তকী' আখ্যা শৃংখল চলিহাৰ ।

Guest House for Naga Patient: নগা ৰোগীৰ অতিথিশালা নিৰ্মাণৰ বাবে ভূমি আবণ্টনত তামিলনাডুৰ মুখ্যমন্ত্ৰীক ধন্যবাদ নেফিউ ৰিঅ'ৰ

নাগালেণ্ডৰ ৰোগীসকলক থকাৰ সুবিধাৰ বাবে অতিথিশালা স্থাপনৰ বাবে নাগালেণ্ড চৰকাৰক তামিলনাডুৰ ৰাণীপেট জিলাৰ ৱালাজা তালুকৰ ৰাবাক্কাম গাঁৱত ১০,০০০ বৰ্গফুট ভূমি আবণ্টন কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই । ই চিকিৎসা সুবিধা লাভ কৰিবলৈ ভেলোৰলৈ ভ্ৰমণ কৰা নাগা ৰোগীসকলক অতি প্ৰয়োজনীয় সহায় আগবঢ়াব (Naga patient guest house in Tamilnadu) বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Piyush Hazarika at nagaon: মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক: পীযুষ হাজৰিকা

মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক । নগাঁৱত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ(Minister Pijush Hazarika at Nagaon) ।

Man arrested with golden boat: গুৱাহাটী ৰে'লৱে ষ্টেচনত উদ্ধাৰ সোণৰ নাও

গুৱাহাটী ৰে’লৱে ষ্টেচনত সোণৰ নাও উদ্ধাৰ । ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় সোণৰ নাওখন । নাওখনৰ লগতে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক(One arrested with gold boat at guwahati railway station) ।

Public protest: তিনিটাকৈ মৃতদেহ লৈ লাহোৱালত ৰাইজৰ প্ৰতিবাদ

ডিব্ৰুগড়ৰ লাহোৱাল ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ তিনিটাকৈ মৃতদেহ লৈ লাহোৱাল নতুন আলিৰ জয়পুৰ পথত বহিল শ শ লোক ৷ ডিব্ৰুগড়ৰ লাহোৱালৰ নতুন আলিত সংঘটিত হোৱা এটি ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা তিনিজন শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী ৰাইজৰ ৷

Prisoners escape from Diphu jail: ডিফু কাৰাগাৰৰ পৰা তিনি কাৰাবন্দীৰ পলায়ন

যোৱা নিশা ডিফু ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা তিনিজন কাৰাবন্দী পলায়ন কৰে(prisoners escape from diphu jai)। এই ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল ৰেঞ্জাৰ-লাট মণ্ডল

দুৰ্নীতি নিবাৰক শাখাই ভিন্ন সময়ত এইদৰে ঘোচখোৰ বিষয়াক আটক বা গ্ৰেপ্তাৰ কৰি আহিছে যদিও ঘোচ খাই খাই ছাল ডাঠ হোৱা একাংশ বিষয়াই এতিয়াও কেটকুটকে কৰিব খোজা নাই (Operation against corruption)৷ তাকেই প্ৰমাণ কৰি দুৰ্নীতিৰ নিবাৰক শাখাৰ হাতত ঘোচ খাই থাকোতেই আটক হ’ল ৰেঞ্জাৰ দেৱব্ৰত গগৈ ৷ নগৰবেৰা ৰাজহ চক্ৰৰ লাট মণ্ডল মদন নাথকো ঘোচ লৈ থাকোতেই আটক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.