Nayanmoni Saikia will be rewarded as DSP: উপ-আৰক্ষী অধীক্ষক হ’ব নয়নমণি শইকীয়া

author img

By

Published : Aug 3, 2022, 5:34 PM IST

Nayanmoni Saikia to promoted as DSP

উপ-আৰক্ষী অধীক্ষক পদত অধিস্থিত হ’ব কমৱেল্থ গেমছত সোণৰ পদক বিজয়ী নয়নমণি শইকীয়াই (Gold Medallist Nayanmoni Saikia)৷ কমৱেল্থ গেমছ-2022ৰ লনবল ফ’ৰ ইভেন্টত সোণ জয় কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য নয়নমণি সম্প্ৰতি বন সুৰক্ষা কৰ্মী হিচাবে কৰ্মৰত হৈ আছে ৷

নিউজ ডেস্ক, 3 আগষ্ট: 2 আগষ্টত ইতিহাস ৰঁচিলে গোলাঘাটৰ টেঙাবাৰী গাঁৱৰ নয়নমণি শইকীয়াই (Gold Medallist Nayanmoni Saikia)৷ বাৰ্মিংহামত অনুষ্ঠিত কমৱেল্থ গেমছ-2022ৰ(Commonwealth Games 2022) লনবল ফ’ৰ ইভেন্টত সোণ জয় কৰা ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য নয়নমণিয়ে গৌৰৱ কঢ়িয়াই আনিলে দেশলৈ, ৰাজ্যলৈ, ৰাজ্যৰ বন বিভাগলৈ ৷

কমনৱেল্থ গেমছ, ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় মহিলা দলৰ অন্যতম দলৰ সদস্য নয়নমণি শইকীয়াক ডিএছপি হিচাবে নিযুক্তি দিয়া হ'ব । ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি নয়নমণি শইকীয়াক দিয়া হ’ব এই নিযুক্তি (Nayanmoni Saikia to promoted as DSP)৷

উল্লেখ্য যে, নয়নমণি শইকীয়াই পূৰ্বতে এগৰাকী ভাৰোত্তলক হিচাবে কেৰিয়াৰ গঢ়িব বিচাৰিছিল ৷ কিন্তু এক আঘাতৰ বাবে নয়নমণিয়ে সেই কেৰিয়াৰ গঢ় দিব নোৱাৰিলে ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ 2007 চনৰ পৰা তেওঁ নিজকে লনবলত মনোনিৱেশ কৰে আৰু লন বলতেই সৰ্বস্ব উজাৰি দিয়ে নয়নমণিয়ে ৷ 2001 চনত ছাই গোলাঘাট কেন্দ্ৰত অন্তভূৰ্ক্ত হৈ বহুবাৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল ৷ 2011 আৰু 2015 চনত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ লনবল চেম্পিয়নশ্বিপত ব্যক্তিগত আৰু দলীয় শাখাত সোণৰ পদক লাভ কৰিছিল নয়নমণি শইকীয়াই ৷

পৰৱৰ্তী সময়ত 2012 চনতো এছিয়ান লন বাউলচ চেম্পিয়নশ্বিপত ছোৱালীৰ 25 বছৰৰ অনুৰ্ধৰ শাখাত সোণৰ পদক লাভ কৰিছিল । 2014 আৰু 2018 চনৰ কমনৱেল্থ গেমছক ভাৰতক প্ৰতিনিধিত্ব কৰিছিল নয়নমণি শইকীয়াই ৷ আশ্বৰ্যজনকভাৱে লনবলৰ প্ৰতি তেও ইমানেই আকৰ্ষিত হৈছিল যে, সন্তান জন্ম দিয়াৰ 9 মাহৰ পাছতে নয়নমণি শইকীয়াই পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ৷

অসম আৰু ভাৰতক কেইবাৰো প্ৰতিনিধিত্ব কৰা গোলাঘাটৰ নয়নণিয়েই সদৌ শেষত সকলোকে আনন্দিত কৰি আন তিনি সহযোগীৰ সৈতে দেশলৈ কঢ়িয়াই আনিলে সোনৰ পদক ৷ ইয়াৰ পাছতে বন সুৰক্ষা কৰ্মী হিচাবে কৰ্মৰত নয়নণিয়ে ইয়াৰ পাছতে উপ-আৰক্ষী অধীক্ষকৰ পদলৈ উন্নীতকৰণৰ পথ প্ৰশস্ত হয় ৷

লগতে পঢ়ক: CWG 2022: স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে অসমৰ নয়নমণিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.