TMC protest in Guwahati: হাতে হাতে কাঁহি-বাতি লৈ ৰাজপথলৈ ওলাই আহিল মহিলা

author img

By

Published : Aug 3, 2022, 6:18 PM IST

TMC protest in Guwahati

কেন্দ্ৰীয় চৰকাৰে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ ওপৰত আৰোপ কৰা GST বাতিল কৰাৰ লগতে খাদ্যকে ধৰি সকলো সা-সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত মহানগৰীত তৃণমূল কংগ্ৰেছৰ মহিলা মৰ্চাৰ প্ৰতিবাদ(TMC protest in Guwahati) ৷ জিএছটি প্ৰত্যাহাৰৰ দাবীত চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (TMC protest against GST imposition on essential food items) ৷

গুৱাহাটী, 3 আগষ্ট: কেন্দ্ৰৰ বিজেপি চৰকাৰে নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ ওপৰত GST আৰোপ কৰা আৰু খাদ্যকে ধৰি সকলো সা-সামগ্ৰীৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম মহিলা তৃণমূল কংগ্ৰেছে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(TMC workers protest in Guwahati) ৷ মূল্যবৃদ্ধি ৰোধকে(TMC protest against price hike) ধৰি খাদ্য সমগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটি প্ৰত্যাহাৰ কৰাৰ দাবীত মহিলাসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানৰ লগতে কাঁহি-বাতি বজাই চৌদিশ উত্তাল কৰি তোলে(TMC protest against GST imposition on essential food items) ৷

হাতে হাতে কাঁহি-বাতিলৈ ৰাজপথলৈ ওলাই আহিল মহিলা

প্ৰতিবাদকাৰীসকলে কয় যে, চৰকাৰে 1,200 টকীয়া অৰুণোদয় আঁচনি দিয়াৰ নামত জিএছটি বৃদ্ধি কৰি এখন ঘৰৰ পৰা 12 হাজাৰ টকা কাঢ়ি লৈ গৈ আছে । আমাক আঁচনি নালাগে, চৰকাৰে জিএছটি উঠাই দিব লাগে । তেওঁলোকে লগতে কয় যে জনসাধাৰণে আচ্ছে দিন বিচাৰিছিল । হৰ ঘৰ ত্ৰিৰংগাৰ দৰে হৰ ঘৰ চাকৰি দিয়ক । তেতিয়াহে ক’ব পাৰিম বিজেপি চৰকাৰ জনসাধাৰণৰ চৰকাৰ বুলি ।

TMC protest in Guwahati
হাতে হাতে কাঁহি-বাতিলৈ ৰাজপথলৈ ওলাই আহিল মহিলা

আনহাতে তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুন বৰাই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ কয় যে, চৰকাৰে মাইক্ৰফাইনেঞ্চ আঁচনিৰ অজুহাত দেখুৱাই মূল্যবৃদ্ধি কৰিছে । এগৰাকী মহিলাইহে 1,200 টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে, বাকী হাজাৰগৰাকী মহিলাই পোৱা নাই । এগৰাকীৰ চৌকা জ্বলিছে বাকী হাজাৰগৰাকীৰ চৌকা জ্বলা নাই ৷ সেয়েহে এনে আঁচনি নালাগে, তাৰ পৰিবৰ্তে জিএছটি প্ৰত্যাহাৰ কৰিবলৈ বৰাই প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক : Piyush Hazarika at nagaon: মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.