Piyush Hazarika vs Karimuddin Barbhuyan : মই কৰিমউদ্দিন বৰভূঞাৰ ওচৰত ক্ষমা নোখোজোঁ, যি কৰে কৰক

author img

By

Published : Aug 3, 2022, 7:01 PM IST

Etv Bharat

অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা, জল সম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে তেজপুৰত কয় যে জেহাদীৰ সমৰ্থকৰ ওচৰত তেওঁ কেতিয়াও আঁঠু নলয় (Piyush Hazarikar never kneels to supporters of jihadi) । আনহাতে, আমিনুল ইছলাম, ৰফিকুল ইছলাম আদিৰ দৰে জেহাদীৰ সমৰ্থকৰ ওচৰত ক্ষমা নোখোজে বুলিও তেওঁ প্ৰকাশ কৰে ।

তেজপুৰ, ৩ আগষ্ট : এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মন্ত্ৰী পীযুষ হাজৰিকাক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ বাবে আহ্বান জনাইছিল । লগতে তেওঁ যদি তেনে নকৰে তেন্তে ইয়াৰ পিছত অনিয়ন্ত্ৰিত আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছিল কৰিমউদ্দিন বৰভূঞাই । উক্ত ভাবুকিৰ সময়তে মন্ত্রীগৰাকীয়ে উভতি ধৰিছে কৰিমউদ্দিন বৰভূঞাক (Minister Piyush Hazarika counter attack Karimuddin Barbhuyan) ।

মই কৰিমউদ্দিন বৰভূঞাৰ ওচৰত ক্ষমা নোখোজোঁ, যি কৰে কৰক : পীযুষ হাজৰীকা

তেওঁ কয় "মই কি, মোৰ ল'ৰা আৰু ১৪ গোষ্ঠীয়েও বৰভূঞাৰ ওচৰত ক্ষমা নোখোজে । তেওঁলোকে ১৪ গোষ্ঠী শব্দটো বুজি পায়নে নাই মই নাজানো । কিন্তু মই কোনো জেহাদীৰ ওচৰত ক্ষমা খোজাতকৈ মই মৰি যাম, কিন্তু ক্ষমা নোখোজোঁ ।" তেওঁ লগতে কয় যে তেওঁলোকে যি কৰে কৰক, তেওঁ ভয় কৰা মানুহ নহয় । লগতে তেওঁলোকে যি আন্দোলন কৰে তাৰ বাবে শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে কয়, (Piyush Hazarika at Tezpur) অনিয়ন্ত্ৰিত আন্দোলনৰ নামত জেহাদী কাৰ্যকলাপ যাতে নহয় । তেতিয়া সেয়া কঠোৰ হাতেৰে দমন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

উল্লেখ্য, আজি নগাঁৱতো এই একে ভাবুকি দিয়ে পীযুষ হাজৰিকাই । মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক বুলি নগাঁৱত মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika at Nagaon) । বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত আৰু বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika meeting at Nagaon DC Office) ।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই । তেওঁ কয় যে অসমীয়াই জেহাদীৰ সমৰ্থকক ক্ষমা খুজিবলগীয়া পৰিস্থিতি হ’লে অসমত থাকিবলৈ বাদ দিব লাগিব ৷ তেওঁ লগতে কয় যে, য’ত দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব, তাত কঠোৰ ব্যৱস্থা লোৱা হ’ব (Minister Pijush Hazarika Comment on Jihadi in Assam) ৷ মন্ত্ৰীগৰাকীয়ে লগতে বিৰোধী কংগ্ৰেছকো কটাক্ষ কৰে (Minister Pijush Hazarika Comment on Congress ) ।

লগতে পঢ়ক :Piyush Hazarika at nagaon: মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক: পীযুষ হাজৰিকা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.