Piyush Hazarika at nagaon: মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক: পীযুষ হাজৰিকা

By

Published : Aug 3, 2022, 4:13 PM IST

Updated : Aug 3, 2022, 4:32 PM IST

thumbnail

মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক । নগাঁৱত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ(Minister Pijush Hazarika at Nagaon) । বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত আৰু বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় নগাঁৱৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা(Minister Pijush Hazarika meeting at Nagaon DC Office) । বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই । মন্ত্ৰী হাজৰিকাই কয় যে, অসমীয়াই জেহাদীৰ সমৰ্থকক ক্ষমা খুজিবলগীয়া পৰিস্থিতি হ’লে অসমত থাকিবলৈ বাদ দিব লাগিব ৷ তেওঁ লগতে কয় যে, য’ত দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব, তাত কঠোৰ ব্যৱস্থা লোৱা হ’ব(Minister Pijush Hazarika Comment on Jihadi in Assam) ৷ মন্ত্ৰীগৰাকীয়ে বিৰোধী কংগ্ৰেছকো কটাক্ষ কৰে(Minister Pijush Hazarika Comment on Congress ) । কংগ্ৰেছ দলত মত বিৰোধ, দলীয় কন্দল এটা স্বাভাৱিক কথাত পৰিণত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

Last Updated : Aug 3, 2022, 4:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.