Public protest: তিনিটাকৈ মৃতদেহ লৈ লাহোৱালত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 3, 2022, 6:50 PM IST

public-protest-at-jaipur-highway-with-three-dead-bodies-in-dibrugarh

ডিব্ৰুগড়ৰ লাহোৱাল ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ তিনিটাকৈ মৃতদেহ লৈ লাহোৱাল নতুন আলিৰ জয়পুৰ পথত বহিল শ শ লোক ৷ ডিব্ৰুগড়ৰ লাহোৱালৰ নতুন আলিত সংঘটিত হোৱা এটি ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা তিনিজন শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী ৰাইজৰ ৷

মৰাণ, 3 আগষ্ট : তিনিটাকৈ মৃতদেহ লৈ লাহোৱাল নতুন আলিৰ জয়পুৰ পথত ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ(Public protest at Jaipur highway with three dead bodies) ৷ উল্লেখ্য যে, পুৱা ডিব্ৰুগড়ৰ লাহোৱালৰ নতুন আলিত সংঘটিত হোৱা এটি ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল তিনিজন ব্যক্তিৰ ৷ যাৰ পিছতেই উক্ত স্থানত সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতি । দুৰ্ঘটনাটোত মৃত্যু হোৱা তিনিজনকৈ লোকৰ মৃতদেহ লৈ নতুন আলিৰ জয়পুৰ পথত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

তিনিটাকৈ মৃতদেহ লৈ লাহোৱালত ৰাইজৰ প্ৰতিবাদ

দৰাচলতে, দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুওৱা তিনিজন শ্ৰমিকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ(Public demanding to justice for the victims) । পুৱাৰ ভাগত AS 06 Z 4617 নম্বৰৰ এখন তীব্ৰবেগী ব্ৰীজা বাহনে মহতীয়াই নিয়াৰ ফলত নিৰ্মল দাস আৰু বিক্ৰম মাহিলী নামৰ শ্ৰমিক দুজনৰ থিতাতে মৃত্যু হৈছিল । ইয়াৰে সংকটজনক অৱস্থাত লক্ষী পাতৰ নামৰ শ্ৰমিকজনক ডিব্ৰুগড় AMCত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছতে তেওঁৰো মৃত্যু ঘটে ।

আনহাতে, দুলীয়াজানৰ অইল ইণ্ডিয়াত কৰ্মৰত ৰানু চেতিয়া নামৰ যুৱকজনৰ বিৰুদ্ধে সুৰাপান কৰি বাহন চলোৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে । অভিযোগ মতে, ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ডিব্ৰুগড়লৈ কাম বিচাৰি অহা তিনি শ্ৰমিকক মহতীয়াই নিয়ে যুৱকজনে । ইফালে, প্ৰতিবাদস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক : ABVP protest in Nalbari: উত্তৰ বহী পুনৰ নিৰীক্ষণৰ দাবী প্ৰতিবাদকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.