Prisoners escape from Diphu jail: ডিফু কাৰাগাৰৰ পৰা তিনি কাৰাবন্দীৰ পলায়ন

author img

By

Published : Aug 3, 2022, 5:26 PM IST

Prisoners escape from Diphu jail

যোৱা নিশা ডিফু ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা তিনিজন কাৰাবন্দী পলায়ন কৰে(prisoners escape from diphu jai)। এই ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ডিফু, ৩ আগষ্ট: যোৱা নিশা ডিফু ৫ কিলোস্থিত জিলা কাৰাগাৰৰ পৰা তিনিজন কাৰাবন্দী পলায়ন কৰে(prisoners escape from diphu jai)। এই ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিবৰণী অনুসৰি যোৱা নিশা জিলা কাৰাগাৰৰ পাঁচজন কাৰাবন্দীক ক'ভিড পজিটিভ হোৱাৰ বাবে কাৰাগাৰৰে এক আছুতীয়া কোঠাত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল ৷

তেওঁলোকক আছুতীয়া কোঠাত ৰখাৰ সুযোগ গ্ৰহণ কৰি নিশা কোঠাটোৰ খিৰিকীৰ গ্ৰীল ভাঙি তিনিজন কাৰাবন্দী পলাই যায় বুলি জানিব পৰা গৈছে ৷ অৱশ্যে চৌহদৰ ওখ পকী বেৰ কেনেদৰে পাৰ হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ৷

পলায়ন কৰা কাৰাবন্দীকেইটা ক্ৰমে, ইদ্দিছ আলী আৰু আইনুল আলী দুয়ো এনডিপিএছ গোচৰত জৰিত ৷ আনজন কাৰাবন্দী বোকাজানৰ আজমেৰ আলী চুৰি গোচৰত জৰিত বুলি জানিব পৰা গৈছে ৷ কাৰাবন্দী কেইজনক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Suspected Jihadi Surrendered in Barpeta : বৰপেটাত জেহাদীৰে জড়িত এজনৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.