Drugs Trafficking : তিনিচুকীয়া আৰক্ষীৰ পৃষ্ঠপোষকতাত জিলাখনত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা : বীৰ লাচিত সেনা

author img

By

Published : Aug 3, 2022, 6:30 PM IST

Lachit Sena

বীৰ লাচিত সেনাৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু প্ৰচণ্ড মনোবল ভাঙিবলৈহে বৰ্বৰ আক্ৰমণ সংঘটিত কৰিলে তিনিচুকীয়া আৰক্ষীয়ে । ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ সদস্যক আৰক্ষীৰ আক্ৰমণ (Assam Police attack on Lachit Sena protestors) । আহোম জাতিক অপমান কৰা বিজেপি নেত্ৰী আঙুৰলতা ডেকাক সাধাৰণ সোধাপোছা কৰিবলৈ মেৰুদণ্ড নথকা অসম আৰক্ষীয়ে বীৰ লাচিত সেনা অসমৰ সৈনিকসকলৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই । আঙুৰলতা ডেকাক 'নৰ্তকী' আখ্যা শৃংখল চলিহাৰ ।

গুৱাহাটী, ৩ আগষ্ট : তিনিচুকীয়া জিলাত ড্ৰাগছৰ বৰমৰমীয়া বেহাৰ মুখ্য পৃষ্ঠপোষক তিনিচুকীয়া আৰক্ষী (Tinsukia police sponsor of drug trafficking) । এই অভিযোগ বীৰ লাচিত সেনাৰ (Allegation on Tinsukia police by Lachit Sena) । আজি দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন আৰু প্ৰশাসনিক সচিব শৃংখল চলিহাই এই অভিযোগ উত্থাপন কৰে (Sringkhal Saliha of Bir Lachit Sena press conference) ।

সংবাদমেলত ৰণ্টু পানীফুকনে কয় যে আৰম্ভণিৰে পৰাই সংগঠনৰ তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালী ৰূপত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে । ডুমডুমাকে আদি কৰি বিভিন্ন অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত কৰাৰ সমান্তৰালভাৱে ড্রাগছ আসক্ত যুৱক-যুৱতীসকলক সঠিক পথলৈ ঘূৰাই আনিবলৈ কাম কৰি আহিছে ।

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইত ড্ৰাগছ মাফিয়াৰ দপদপনি আৰু ছাত্ৰ সমাজ এই বৰবিহৰ প্ৰতি ভয়ানকভাৱে আসক্তি বঢ়ালৈ গুৰুত্ব প্ৰদান কৰি তিনিচুকীয়া জিলা সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে মানুহৰ মাজত ব্যাপক সজাগতা (awareness amongst people against drugs) সৃষ্টিৰ লক্ষ্যৰে প্ৰতিখন আঞ্চলিক সমিতিকে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । সেই নির্দেশ অনুসৰিয়ে ২৮ জুলাইত পানীতোলা আঞ্চলিক সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী সফলভাৱে সমাপন কৰাৰ পিছত ২ আগষ্টত ডিগবৈ আঞ্চলিক সমিতিয়ে অনুৰূপ কাৰ্যসূচী গ্রহণ কৰিছিল ।

কিন্তু আগতীয়াকৈ আৰক্ষী প্ৰশাসনক কাৰ্যসূচী সন্দৰ্ভত জনাই থোৱাৰ পিছতো আৰক্ষী প্ৰশাসনে কাৰ্যসূচী ৰূপায়ণস্থলীত উপস্থিত হৈ শান্তিপূর্ণভাৱে গৈ থকা সমদলটোত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলক অতি নির্মমভাৱে আক্রমণ কৰি ড্ৰাগছৰ পৃষ্ঠপোষকৰ ৰূপত অৱতীৰ্ণ হয় । ডিগবৈ আৰক্ষীৰ এই কাৰ্য অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য বুলি তেওঁ কয় ।

আনহাতে, সংবাদমেলত সংগঠনটোৰ প্রশাসনিক সচিব শৃংখল চলিহাই কয় যে বীৰ লাচিত সেনাৰ জাতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু প্ৰচণ্ড মনোবল ভাঙিবলৈহে বৰ্বৰ তালিবানী আক্ৰমণ সংঘটিত কৰিলে তিনিচুকীয়া আৰক্ষীয়ে । তেওঁ কয় যে প্ৰতিবাদৰ নামত 'আহোম জাতি মুর্দাবাদ' ধ্বনি দিয়া বিজেপি নেত্ৰী আঙুৰলতা ডেকাক সাধাৰণ সোধাপোছা কৰিবলৈ মেৰুদণ্ড নথকা অসম আৰক্ষীয়ে বীৰ লাচিত সেনা অসমৰ সৈনিকসকলৰ ওপৰত বৰমতা দেখুৱাই লাভ নাই । আঙুৰলতা ডেকাক 'নৰ্তকী' আখ্যা দি তেওঁ কয় যে আঙুৰলতা ডেকাই ক্ষমা খুজিব লাগিব (Bir Lachit Sena criticised Angurlata Deka) ।

অন্যথা বৃহৎ আন্দোলন গঢ়ি তোলা হ'ব । বীৰ লাচিত সেনা মনেমনে বহি নাথাকে বুলি বুলিও তেওঁ হুংকাৰ দিয়ে । তেওঁ লগতে কয় যে কোনো ড্ৰাগছ মাফিয়াৰ শ্ৰুতলিপিত কাম কৰা দুই নম্বৰী আৰক্ষীয়ে জাতিৰ প্ৰতি থকা ভালপোৱা আৰু আমাৰ দৃঢ় মনোবল ভাঙিব নোৱাৰে । মুখ্যমন্ত্রীৰ কথা আৰু কামৰ মাজত মিল নাই বুলি অভিযোগ কৰি তেওঁ কয় যে তিনিচুকীয়া জিলাৰ এছ ডি পি অ'জনক নিলম্বন নকৰিলে তিনিচুকীয়াত বন্ধ ঘোষণা কৰা হয় । তেওঁ তিনিচুকীয়া আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তদন্ত ঘোষণাৰ বাবে মুখ্যমন্ত্রীৰ ওচৰত দাবী জনায় ।

লগতে পঢ়ক :Akhanda path for Assam CM in kampur:মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে কামপুৰত অখণ্ড পাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.