Akhanda path for Assam CM in kampur:মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে কামপুৰত অখণ্ড পাঠ

By

Published : Aug 3, 2022, 3:37 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্যৰ কামনাৰে কামপুৰ বৰক'লাত অনুষ্ঠিত হৈছে অখণ্ড পাঠ(Prayer for Assam CM Dr Himanta Biswa Sharma at Kampur in Nagaon)। বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা শিখ ধৰ্মাৱলম্বী লোকসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ অসমীয়া শিখ সকলে অনুষ্ঠিত কৰা হৈছে এই অখণ্ড পাঠ । শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ হিচাপে শিখ সম্প্ৰদায়ৰ ৰাজবীৰ সিঙক নিযুক্তি দিয়াত আনন্দিত হৈছে কামপুৰ বৰক'লাৰ শিখ ধৰ্মাৱলম্বী লোকসকল(Vice Chairman of Assam Minority Development Council)।সেইবাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ পৰিয়ালৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰি কামপুৰ বৰক'লাৰ তিনিটা গুৰুদ্বাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় অখণ্ড পাঠ । এই অখণ্ড পাঠৰ সামৰণি অনুষ্ঠানত পাঠক সকলক ধৰ্মীয় ৰীতিৰে শ্ৰদ্ধা জনোৱাৰ লগতে ২৪ গৰাকী কৃৰ্তী শিক্ষাৰ্থীক জলপানি প্ৰদান কৰা হয় ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.