ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 30, 2022, 3:08 PM IST

Top 10 at 3 PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

DU ragging controversy : কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি ছাত্ৰাৱাসৰ অধীক্ষকৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ ৰেগিং কাণ্ডক লৈ অৱশেষত মুখ খুলিলে অধীক্ষক দিব্যজ্যোতি দত্তই (Hostel Warden reaction on DU ragging case)। সমগ্ৰ ঘটনা সন্দৰ্ভত কেমেৰাৰ সন্মুখত ক'লে অধীক্ষকগৰাকীয়ে । ছাত্ৰাৱাসৰ একাংশ ছাত্ৰই তেওঁকো অপদস্থ কৰিছিল ।

Pathetic condition of Kokrajhar RNB Hospital: আৰ এন বি চিকিৎসালয়ৰ দুৰৱস্থা, হতবাক বিধান পৰিষদৰ স্থায়ী কমিটি

কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ বৰ্তমানৰ অৱস্থা অতি পুতৌ লগা (Pathetic condition of Kokrajhar RNB Hospital)। হাস্পতালৰ ভিতৰৰ কদৰ্য ৰূপ দেখি আচৰিত বিটিআৰ বিধানপৰিষদৰ স্থায়ী কমিটি । খোদ শাসকীয় পক্ষৰ নেতাই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ।

Ragging in DU hostel: PNGB হোষ্টেলৰ অধীক্ষক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক জেৰা

ৰেগিং কাণ্ড সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ লগতে হোষ্টেলৰ ৱাৰ্ডেন দিব্যজ্যোতি দত্তক সোধপোছ কৰি থকা হৈছে (Probe on DU ragging incident) ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে এই কথা ।

Gujarat phase 1 poll: 95,63,000 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 281 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কাইলৈ হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 35 খন আসনত মুঠ 281 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে (Gujarat assembly election) । নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি 49,87,000 গৰাকী পুৰুষ আৰু 45,71,000 গৰাকী মহিলা ভোটাৰকে ধৰি প্ৰথম পৰ্যায়ত মুঠ 95,63,000 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব (Gujarat assembly election Phase I)।

Vaccine Compensation: ক’ভিড ভেকচিনৰ ফলত মৃত্য়ু হ'লে ক্ষতিপূৰণ দিবলৈ বাধ্য নহয় চৰকাৰ

কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক কয় যে ক’ভিড ১৯ ভেকচিনৰ (Centre on deaths due to vaccine) ফলত মৃত্যু হোৱাৰ বাবে ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ চৰকাৰক দায়বদ্ধ কৰিব নোৱাৰি । এনেক্ষেত্ৰত মৃত্যুৰ বিৰল ঘটনাৰ বাবে চৰকাৰক দায়ী কৰাটো উচিত নহয় (Govt not liable to pay compensation)৷

Moran JNV controversy: শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ছাত্ৰক ছমাহৰ বাবে ঘৰলৈ যোৱাৰ নিৰ্দেশ JNV কৰ্তৃপক্ষৰ

মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (Tension grips Moran JNV) ৷ শিক্ষয়িত্ৰীক প্ৰহাৰৰ অভিযোগত ২২ গৰাকী ছাত্ৰক ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়াৰ পিছতে উদ্ভৱ হয় এই পৰিস্থিতিৰ (Moran JNV controversy) ৷ ঘৰলৈ যাবলৈ অমান্তি হৈছিল অভিযুক্ত ছাত্ৰকেইজন ৷

Divyang Mancha Assam: দীনদয়াল দিব্যাংগ যোজনাক অৰুণোদয় আঁচনিৰে সংলগ্নৰ বিৰোধিতা

ৰাজ্যত পুনৰ নতুনকৈ দহ লাখতকৈ অধিক হিতাধিকাৰীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি । এই হিতাধিকাৰীৰে সংলগ্ন কৰা হ'ব দীনদয়াল দিব্যাংগ যোজনা (Deen Dayal Divyang Yojana) । শিলচৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে দিব্যাংগ মঞ্চ অসম (Reaction of Divyang Mancha Assam on Cabinet decision) । নলবাৰীত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চেমিম আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কোনো কাৰণতে এই সিদ্ধান্ত মানি লোৱা ন'হব বুলি চৰকাৰক সঁকীয়াই দিয়ে (Divyang Mancha Assam warn govt) । চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে ৰাজপথ কপোৱা হ'ব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে । লগতে চৰকাৰে দিব্যাংগসকলক পদপথৰ ভিক্ষাৰী কৰিব বিচৰা বুলি ক্ষোভ প্ৰকাশ কৰে ।

Theft in Jorhat : চোৰে নিদ্ৰা হৰিছে যোৰহাটবাসীৰ, নিৰাপত্তা প্ৰদানত ব্যৰ্থ আৰক্ষী

যোৰহাট মালৌআলি মুক্তিযোদ্ধাৰ পথত চুৰিকাণ্ড (Theft in Jorhat) ৷ মঙলবাৰে নিশা মুক্তিযোদ্ধাৰ পথত এঘৰত চোৰে চলালে চাফাই অভিযান ৷ ঘৰত কোনো লোক নথকাৰ সুযোগতে চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে নগদ টকা, সোণৰ আ-অলংকাৰসহ লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী ৷ ঘটনাস্থলীত নিশায়ে যোৰহাট সদৰ আৰক্ষীৰ বিষয়াসহ আৰক্ষীৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ শেহতীয়াকৈ যোৰহাট নগৰত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড ৷ যাৰ ফলত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে যোৰহাট নগৰবাসী ৷ নগৰৰ মাজমজিয়াত আৰক্ষীয়ে টহল দি থকাৰ পিছতো কিদৰে চোৰে লুটপাত চলাবলৈ সাহস পাইছে তাক লৈ এতিয়া ৰাইজে উত্থাপন কৰিছে বহু প্ৰশ্নৰ ৷

FIFA World Cup 2022: গ্ৰুপ পৰ্যায়তে নিজৰ যাত্ৰা সামৰিলে আয়োজক কাটাৰে

ফিফা বিশ্বকাপৰ 16 ৰাউণ্ডত প্ৰৱেশ কৰিলে নেডাৰলেণ্ড, ছেংগাল, আমেৰিকা আৰু ইংলেণ্ডে (Football World Cup match results) ৷ গ্ৰুপ পৰ্যায়তে নিজৰ যাত্ৰা সামৰা কাটাৰ হৈছে প্ৰথমখন আয়োজক দেশ ৷

ৰবীনা টেণ্ডনে শ্বেয়াৰ কৰা বাঘৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত আৰম্ভ হৈছে তদন্ত !

অভিনেত্ৰী ৰবীনা টেণ্ডনে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰি বিপদ চপাই লৈছে (Raveena Tandon latest news) । ৰবীনাই তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এটা ভিডিঅ' আৰু ফটো পোষ্ট কৰিছিল, য'ত অতি নিকটতম দূৰত্বৰ পৰা বাঘৰ এটা পৰিয়াল দেখা গৈছিল ৷ চাফাৰীত থাকোতে ৰবীনাই এইসকলো নিজৰ কেমেৰাত বন্দী কৰিছিল । বন সংৰক্ষিত কৰ্তৃপক্ষই এই কথাটো সহজভাৱে ল’ব নোৱাৰি তদন্তৰ নিৰ্দেশ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.