DU ragging controversy : কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি ছাত্ৰাৱাসৰ অধীক্ষকৰ

author img

By

Published : Nov 30, 2022, 12:53 PM IST

DU

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ ৰেগিং কাণ্ডক লৈ অৱশেষত মুখ খুলিলে অধীক্ষক দিব্যজ্যোতি দত্তই (Hostel Warden reaction on DU ragging case)। সমগ্ৰ ঘটনা সন্দৰ্ভত কেমেৰাৰ সন্মুখত ক'লে অধীক্ষকগৰাকীয়ে । ছাত্ৰাৱাসৰ একাংশ ছাত্ৰই তেওঁকো অপদস্থ কৰিছিল ।

মৰাণ,৩০ নৱেম্বৰ : সম্প্ৰতি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰেগিং বন্ধ কৰাৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ লোৱাৰ পাছতো একাংশ প্ৰতিষ্ঠানত যে এই ৰেগিং কাণ্ড চলিয়ে আছে সেই কথাও সম্প্ৰতি পোহৰলৈ আহিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

ছাত্ৰাৱাসৰ অধীক্ষককো ছাত্ৰই অপদস্থ কৰিছিল (DU Hostel warden assaulted by students)। এই গুৰুতৰ অভিযোগ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ অধীক্ষক দিব্যজ্যোতি দত্তৰ (Hostel Warden reaction on DU ragging case)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ অধীক্ষক দিব্যজ্যোতি দত্তই জনোৱা মকে ছাত্ৰসকলে বিভিন্ন সময়ত তেওঁক নানান ধৰণে অপদস্থ কৰি আহিছে । ভিন্ন সময়ত তেওঁক অপমানো কৰাৰ অভিযোগ অধীক্ষকগৰাকীৰ । সমগ্ৰ পৰিস্থিতিৰ বাবে তেওঁ জগৰীয়া নহয় বুলিও তেওঁ উল্লেখ কৰিছে ।

কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি ছাত্ৰাৱাসৰ অধীক্ষকৰ

অধীক্ষকৰ মতে তেওঁক লৈ একাংশ লোকে অপবাদ উলিয়াইছে (Protest against PNGB hostel warden)। বিগত ৯ বছৰে তেওঁ বহু কষ্টৰে ছাত্ৰাৱাসটোত কাম কৰি আহিছে আৰু ৰেগিং সন্দৰ্ভত তেওঁ পূৰ্বেই প্ৰশাসনক অৱগত কৰিছে বুলি উল্লেখ কৰিছে । ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ লগতে আন ৩খন অভিযোগ পত্ৰও আহিছিল বুলি অধীক্ষকগৰাকীয়ে উল্লেখ কৰে । ইয়াৰ পাছত ১৮ আৰু ২১ নৱেম্বৰত এন্টি ৰেগিং কমিটিৰ বৈঠকো অনুষ্ঠিত হৈছিল ।

অধীক্ষকৰ মতে অভিযুক্ত ছাত্ৰসকলক সেই বৈঠকলৈ মাতি অনা হৈছিল । ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰিবলৈও আহ্বান জনোৱা হৈছিল । লগতে অভিযুক্ত ছাত্ৰসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তেতিয়াই আহ্বান জনোৱা হৈছিল । কিন্তু কাৰ্য ক্ষেত্ৰত কতৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰিছে অধীক্ষক দিব্যজ্যোতি দত্তই ।

ভুক্তভোগী আনন্দ শৰ্মাৰ লগতে আন সকলক নিৰাপত্তা দিবলৈ সকলো ধৰণৰ চেষ্টা কৰা হৈছিল বুলিও উল্লেখ কৰে অধীক্ষকে । কিন্তু এতিয়া তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাত আচৰিত হৈছে অধীক্ষক দিব্যজ্যোতি দত্ত ।

উল্লেখ্য যে ৰেগিং কাণ্ডৰ মূল অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে (DU ragging accused detained)। আনন্দ শৰ্মা নামৰ ছাত্ৰগৰাকীয়ে ৰেগিঙৰ নামত চলা অত্যাচাৰ সহিব নোৱাৰি পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ দ্বিতীয় মহলাৰ পৰা জপিয়াইছিল (Dibrugarh University ragging incident) । তেতিয়াৰে পৰা বৰ্তমানেও ICUত জীৱন মৰণেৰে যুঁজি আছে আনন্দ শৰ্মাই । ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ঘটনাৰ পাছতেই ছাত্ৰাৱাসটোৰ ২২ গৰাকীকৈ আবাসী ছাত্ৰক বহিষ্কাৰ কৰিছে ।

লগতে পঢ়ক :DU ragging incident: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত শুভ্ৰজিৎ বৰুৱাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.