ETV Bharat / entertainment

ৰবীনা টেণ্ডনে শ্বেয়াৰ কৰা বাঘৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত আৰম্ভ হৈছে তদন্ত !

author img

By

Published : Nov 30, 2022, 1:28 PM IST

Raveena Tandon
ৰবীনা টেণ্ডনে শ্বেয়াৰ কৰা বাঘৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত আৰম্ভ হৈছে তদন্ত!

অভিনেত্ৰী ৰবীনা টেণ্ডনে সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰি বিপদ চপাই লৈছে (Raveena Tandon latest news) । ৰবীনাই তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত এটা ভিডিঅ' আৰু ফটো পোষ্ট কৰিছিল, য'ত অতি নিকটতম দূৰত্বৰ পৰা বাঘৰ এটা পৰিয়াল দেখা গৈছিল ৷ চাফাৰীত থাকোতে ৰবীনাই এইসকলো নিজৰ কেমেৰাত বন্দী কৰিছিল । বন সংৰক্ষিত কৰ্তৃপক্ষই এই কথাটো সহজভাৱে ল’ব নোৱাৰি তদন্তৰ নিৰ্দেশ দিছে ।

চিটাৰা ডেস্ক, 30 নৱেম্বৰ : অভিনেত্ৰী ৰবীনা টেণ্ডনে বুধবাৰে স্পষ্টকৈ প্ৰকাশ কৰে যে তেওঁ বন বিভাগৰ দ্বাৰা অনুজ্ঞাপ্ৰাপ্ত এখন জীপত চাফাৰী কৰিছিল যিখন জীপ নিৰ্ধাৰিত "পৰ্যটন পথ"ৰ পৰা বিচ্যুত হোৱা নাছিল ৷ সাতপুৰা টাইগাৰ ৰিজাৰ্ভ কৰ্তৃপক্ষই ৰবীনাই শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ ওপৰত তদন্ত আৰম্ভ কৰাৰ পিছতেই অভিনেত্ৰী গৰাকীয়ে এই স্পষ্টীকৰণ দিয়ে ৷ সুৰক্ষিত এলেকাত এটা বাঘৰ পৰিয়ালৰ ওচৰত চলাই থকা গাড়ী এখনৰ পৰা ৰবীনাই ভিডিঅ’টো কৰিছিল ।

22 নৱেম্বৰত সংৰক্ষিত বনাঞ্চলখন পৰিদৰ্শন কৰা টেণ্ডনে টুইটযোগে কয় যে চাফাৰীত তেওঁৰ সৈতে বিভাগটোৱে প্ৰদান কৰা প্ৰশিক্ষিত গাইড আৰু চালক আছিল (Raveena Tandon twitter)। স্থানীয় বাতৰি চেনেল এটাৰ 25 নৱেম্বৰৰ ভিডিঅ' প্ৰতিবেদন শ্বেয়াৰ কৰি ৰবীনাই টুইটাৰত কয়, "বাঘে কেতিয়া আৰু কেনে প্ৰতিক্ৰিয়া দেখুৱাব সেয়া কেতিয়াও ভৱিষ্যতবাণী কৰিব নোৱাৰি । গাইড আৰু চালকসকলৰ সৈতে এয়া হৈছে বন বিভাগৰ অনুজ্ঞাপ্ৰাপ্ত বাহন, যাক তেওঁলোকৰ সীমা আৰু আইনবিধি জানিবলৈ প্ৰশিক্ষণ দিয়া হয়" ৷

টেণ্ডনৰ মতে, তেওঁ আৰু সহযাত্ৰীসকলে নীৰৱে বহি বাঘজনী নিজৰ পোৱালিৰ সৈতে আগবাঢ়ি যোৱা চাই আছিল । "আমি সেই পৰ্যটন পথত আছিলো, যিটো পথেৰে বেছিভাগেই এই বাঘবোৰে পাৰ হৈ যায় । এই ভিডিঅ'টোত দেখা Katy নামৰ বাঘিনীজনীৰ বাহনৰ ওচৰলৈ অহাৰ অভ্যাস আছে" ৷ বাঘ য’ত ঘূৰি ফুৰে তাৰেই ৰজা বুলি আন এটা টুইটত তেওঁ লিখিছে যে তেওঁলোকো “নিৰৱ দৰ্শক” । 48 বছৰীয়া তাৰকাগৰাকীয়ে লগতে কয় যে, “হঠাতে যিকোনো গতিবিধিয়ে তেওঁলোককো আচৰিত কৰি তুলিব পাৰে” ৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে চাফাৰী বাহনখন প্ৰায় বাঘৰ পৰিয়ালৰ ওচৰ পাইছেগৈ । মঙলবাৰে বন বিভাগৰ মহকুমা বিষয়া ধীৰাজ সিং চৌহানে কয় যে উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ অনুসৰি তেওঁ এই অভিযোগৰ তদন্ত আৰম্ভ কৰিছে । তেওঁ কয় যে টেণ্ডনে সংৰক্ষিত বনাঞ্চল ভ্ৰমণৰ সময়ত তেওঁৰ বাহনখন লৈ বাঘিনী পৰিয়ালৰ ওচৰ পালেগৈ বুলি অভিযোগ উঠিছে ।

বাহন চালক আৰু তাত কৰ্তব্যৰত বিষয়াসকলক সোধা-পোছা কৰা হ’ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । তদন্তৰ প্ৰতিবেদন পৰৱৰ্তী পদক্ষেপৰ বাবে উচ্চপদস্থ বিষয়াসকলৰ ওচৰত দাখিল কৰা হ’ব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : ৰবীনা টণ্ডনৰ সৌন্দৰ্যৰ আঁৰৰ ৰহস্য কেতিয়াবা ভাবি চাইছেনে আপোনালোকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.