Gujarat phase 1 poll: 23976670 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 788 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Nov 30, 2022, 1:27 PM IST

Updated : Dec 1, 2022, 6:35 AM IST

Gujarat phase 1 poll

কাইলৈ হ’বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 89 খন আসনত মুঠ 788 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে (Gujarat assembly election) । নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি প্ৰথম পৰ্যায়ত মুঠ 23976670 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব (Gujarat assembly election Phase I)।

নিউজ ডেস্ক, 30 নৱেম্বৰ: অহা 1 ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ গুজৰাট বিধানসভা নিৰ্বাচনৰ 89 খন আসনত মুঠ 788 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে (Gujarat assembly election Phase I) । বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । বিশ্লেষকসকলে আশা কৰিছে যে, গুজৰাটত বিজেপি, কংগ্ৰেছ আৰু আপৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ’ব (Triangular contests in Gujarat poll) । AIMIM য়েও সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

জিলা অনুসৰি চুৰাটত 16 খন, টাপিত 2 খন, ডাঙত 1 খন, নৱছাৰীত 4 খন, ভাৰুচত 5 খন, ভালছাদত 5 খন আৰু নৰ্মদাত 2 খন আসন আছে । চহৰ আৰু গ্ৰামাঞ্চলত বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে যুঁজ দিছে প্ৰাৰ্থীসকলে । চুৰাটত ঔদ্যোগিক উন্নয়ন, নিয়োগৰ বিষয়, নাগৰিক সুবিধা আৰু আইন আৰু ন্যায় ব্যৱস্থাৰ সমস্যাই চুৰাটৰ সকলো নগৰীয়া আসনত আৰু কম পৰিমাণে গ্ৰাম্য আসনত মুখ্য বিষয় হিচাপে স্থান পাইছে । আপে শিক্ষা, স্বাস্থ্যসেৱা আৰু বিনামূলীয়া বিদ্যুতৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে (Gujarat poll on December 1) ।

তীব্ৰ প্ৰতিদ্বন্দিতা হ’বলগীয়া সমষ্টিৰ ভিতৰত নৰ্মদা সমষ্টিৰ পৰা বিজেপিৰ মহেশ ভাছাভা, জাম্বুছৰ আসনৰ পৰা বিজেপিৰ ডি কে স্বামী, ৱাগ্ৰাৰ পৰা বিজেপিৰ অৰুণ ৰাণা, জাংগাৰিয়াৰ পৰা চ’টু ভাছাভা (নিৰ্দলীয়), অংকলেশ্বৰৰ পৰা কংগ্ৰেছৰ বিজয় সিংহ পেটেল আৰু আলপাদ আসনত তেওঁৰ ভাতৃ ঈশ্বৰ সিং পেটেল অন্যতম ৷

তাৰোপৰি, আপৰ ধৰ্ম্মিক মালভিয়া, বিজেপিৰ মুকেশ পেটেল, মংগৰলৰ আসনৰ পৰা কংগ্ৰেছৰ দৰ্শন নায়ক, মাণ্ডৱী আসনৰ পৰা বিজেপিৰ গণপট বাছাভা, কামৰেজ আসনৰ পৰা অনিল চৌধুৰী কংগ্ৰেছ, কুনৱৰজী হালপতি বিজেপি, বিজেপিৰ আনন্দ চৌধাৰী, কংগ্ৰেছৰ প্ৰফুল্ল পাঞ্চেৰিয়া, ৰাম ধডুক চুৰাট ইষ্টৰ পৰা আপ, বাৰাছা আসনৰ পৰা বিজেপিৰ অৰবিন্দ ৰাণা, বিজেপিৰ কুমাৰ কানানী, লিম্বায়ত আসনৰ পৰা কংগ্ৰেছৰ প্ৰফুল্ল টোগাদিয়া আৰু আপৰ আলপেশ কাথিৰিয়া, লাবৰা আসনৰ পৰা বিজেপিৰ সংগীতা পাটিল, বিজেপিৰ হৰ্ষ সংঘবী, কাটাৰগামৰ পৰা কংগ্ৰেছৰ বলৱন্ত জৈন আসন, আপৰ পিভিএছ শৰ্মা, কংগ্ৰেছৰ বিনোদ মৰাদিয়াৰো প্ৰতিদ্বন্দিতা হাই ভল্টেজ হ’ব (Gujarat latest news) ।

পেটেল আৰু জনজাতীয় ভোট বেংকেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । প্ৰথম পৰ্যায়ত বৃহস্পতিবাৰে নিৰ্বাচন হ’ব লগীয়া মুঠ 89 খন আসনৰ ভিতৰত 14 খন জনজাতীয় আসন আছে দক্ষিণ গুজৰাটত । দক্ষিণ গুজৰাটত এই পৰ্যন্ত 15 খন আসনতে কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিছে । চুৰাটৰ গ্ৰাম্যাঞ্চলৰ 6 খন বিধানসভা আসন ক্ৰমে বৰদলি, মাণ্ডৱী, মহুৱা, আলপাদ, কামৰেজ আৰু মংগৰলত কোলি পেটেল সম্প্ৰদায়ৰ আধিপত্য আছে । বৰদলি বিধানসভা আসনখন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ।

জনজাতীয় ভোটাৰৰ ভিতৰত হালাপতি সমাজৰ উপৰিও প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়ৰ ক্ষেত্ৰত পাটিদাৰ ভোটাৰ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব । কামৰেজ বিধানসভা আসনত সৌৰাষ্ট্ৰবাসীৰ আধিপত্য । মহুৱা বিধানসভাত চৌধুৰী আৰু ধোদিয়া জনগোষ্ঠীৰ আধিপত্য আছে । মাণ্ডৱী বিধানসভাৰ আসনত খ্ৰীষ্টান ভোট থকাৰ বিপৰীতে মাণ্ডৱী তালুকত চৌধুৰী আৰু বাসৱ সম্প্ৰদায়ৰ আধিপত্য আছে । অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত মংগৰল বিধানসভা । আসনখনত বাসৱ সম্প্ৰদায়ৰ আধিপত্য আছে ।

নিৰ্বাচন আয়োগৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি প্ৰথম পৰ্যায়ত মুঠ 2,39,76,670 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । গুজৰাটৰ মুঠ 182 খন বিধানসভা আসনৰ বাবে 6,215 টা নগৰীয়া ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷ প্ৰথম পৰ্যায়ৰ বাবে 3,331 টা নগৰীয়া ভোটকেন্দ্ৰত মুঠ 9,014 টা বুথ স্থাপন কৰা হৈছে ।

গ্ৰামাঞ্চলত 11,071 টা ভোটকেন্দ্ৰত মুঠ 16,416 টা বুথ স্থাপন কৰা হৈছে । সমগ্ৰ নিৰ্বাচনত মুঠ 70,763 টা বেলট ইউনিট, 70,763 টা কণ্ট্ৰল ইউনিট আৰু 79,183 টা VVPAT ব্যৱহাৰ কৰা হ’ব । প্ৰথম পৰ্যায়ত 34,324 টা বেলট ইউনিট আৰু 34,324 টা কণ্ট্ৰল ইউনিট ব্যৱহাৰ কৰা হ’ব ।

লগতে পঢ়ক: Gujarat Assembly Elections 2022: গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

Last Updated :Dec 1, 2022, 6:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.