3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 28, 2022, 3:07 PM IST

TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Centre bans PFI: PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

"পিএফআই আৰু ইয়াৰ সহযোগী মৰ্চাসমূহে এটা আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সংগঠন হিচাপে মুকলিকৈ কাম কৰি আহিছিল (Centre bans PFI for 5 years) ৷ কিন্তু, তেওঁলোকে দেশৰ গণতন্ত্ৰৰ ধাৰণাটোক ভেঙুচালি কৰাৰ দিশত কাম কৰাৰ লগতে সমাজৰ এটা বিশেষ শ্ৰেণীক উগ্ৰপন্থী সজাবলৈ আৰু দেশৰ সাংবিধানিক কৰ্তৃত্ব আৰু গঠনৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰিবলৈ এক গোপন কাৰ্যসূচীক অনুসৰণ কৰি আহিছে,” চৰকাৰী অধিসূচনাখনত এইদৰে উল্লেখ কৰা হৈছে ।

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ সোণাৰিত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ এইবাৰ সৰৱ হৈ পৰিছে সমগ্ৰ অসমবাসী ৷ তাৰ মাজতে বুধবাৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত সোণাৰিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে (Congress protests against power tariff hike) ।

চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

চেলা পাছৰ সুৰংগৰ ৮০% কাম সম্পূৰ্ণ (Sela Tunnel of Arunachal Pradesh) । দ্ৰুতগতিত চলি আছে নিৰ্মাণকাৰ্য । 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য । অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰতে সংযোগ কৰা সাগৰ পৃষ্ঠাৰ পৰা 13,000 ফুটৰ ওপৰৰ উচ্চতাত পৃথিৱীৰ আটাইতকৈ দীঘল দ্বৈত-লেন পথৰ সুৰংগ । উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই সুৰংগই ।

অসমত বিগত দুবছৰত বাল্যবিবাহৰ হাৰ বৃদ্ধি

অসমৰ বাবে এক উদ্বেগজনক খবৰ । ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্যবিবাহ (Child marriage in Assam)। উত্তৰ-পূৱৰ ভিতৰত অসমত বিগত ২ বছৰত বৃদ্ধি পাইছে বাল্যবিবাহৰ হাৰ । ৰাইজৰ মাজত এতিয়াও সজাগতাৰ অভাৱ ।

লখিমপুৰত কংগ্রেছক কটাক্ষ মন্ত্রী পীযুষ হাজৰিকাৰ

কংগ্ৰেছে কয় ভাৰত জোড়ো আৰু ৰাইজে কয় ভাৰত ছোড়ো । কংগ্ৰেছ দলক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Pijush Hazarika slams congress)। নদী বান্ধক বিৰোধিতা কৰা কংগ্ৰেছে পূৰ্বে সমৰ্থন কৰিছিল বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে ।

যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত হাতে লোটে আটক দুই যুৱক

যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে বুধবাৰে হাতে লোটে আটক কৰিলে দুই যুৱকক (Drugs paddler arrested)। যোৰহাট ৰজামৈদাম নিউকলনীৰ এটা ভাড়া ঘৰৰ পৰা ড্ৰাগছ সেৱন কৰি থকাৰ লগতে বিক্ৰী কৰিবলৈ যো-জা কৰি থাকোতে স্থানীয় ৰাইজে যুৱক দুজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ।

নৰ্থ-ইষ্ট ইউনাইটেড এফ চি দলত খেলিব অসমৰ ছগৰাকী খেলুৱৈয়ে

নৰ্থ-ইষ্ট ইউনাইটেড এফ চিত এইবাৰ অসমৰ পৰা থাকিব ৬ জনকৈ খেলুৱৈ (Assamese player in North East United FC)। গৌৰৱ বৰা, দিপু মিৰ্ধা, পাৰ্থীৱ সুন্দৰ গগৈক নতুনকৈ অন্তৰ্ভুক্ত কৰোৱাৰ লগতে প্ৰজ্ঞান গগৈ, নিখিল ডেকা (গ’ল কীপাৰ) বিষ্ণু ৰাভাসহ মুঠ ৬ গৰাকী খেলুৱৈয়ে খেলিব নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ হৈ ।

গৌৰীসাগৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

গৌৰীসাগৰ আৰক্ষী থানাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি (Tense situation at Gaurisagar police station) ৷ এজন বাইক চোৰৰ মৃত্যুক লৈ সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোক উপস্থিত হৈ বাইক চোৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানা চৌহদ উত্তপ্ত কৰাৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷

আবতৰীয়া বানে হাহাকাৰ লগাইছে মাণিকপুৰত

আবতৰীয়া বানে হাহাকাৰ লগাইছে মাণিকপুৰৰ শ শ পৰিয়ালৰ লোকক (Flood in Manikpur)। ৰাস্তা-ঘাট অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে খেতি পথাৰত একাঠু বোকা হোৱাত সকলোৱে সমস্য়াৰ সন্মুখীন হৈছে । বঙাইগাঁও জিলাৰ (Flood in Bongaigaon) মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত শেহতীয়া বানে বিস্তৰ ক্ষতি সাধন কৰিছে ।

ভাৰতীয় বজাৰত মুকলি হ'ল বহু প্ৰতিক্ষীত Tata Tiago EV

Tata Motorsয়ে ভাৰতীয় বজাৰত মুকলি কৰিলে বহু প্ৰতিক্ষীত hatchbatch TATA Tiago । কোম্পানীটোৱে ইয়াক বহুতো শক্তিশালী সংযোগ বৈশিষ্ট্যৰে প্ৰৱৰ্তন কৰিছে । ইয়াৰ বিশেষত্ব সমূহৰ বিষয়ে তলত উল্লেখ কৰা হ'ল...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.