যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত হাতে লোটে আটক দুই যুৱক

author img

By

Published : Sep 28, 2022, 2:25 PM IST

Drugs paddler arrested in Jorhat

যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে বুধবাৰে হাতে লোটে আটক কৰিলে দুই যুৱকক (Drugs paddler arrested)। যোৰহাট ৰজামৈদাম নিউকলনীৰ এটা ভাড়া ঘৰৰ পৰা ড্ৰাগছ সেৱন কৰি থকাৰ লগতে বিক্ৰী কৰিবলৈ যো-জা কৰি থাকোতে স্থানীয় ৰাইজে যুৱক দুজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ।

যোৰহাট, 28 ছেপ্টেম্বৰ: ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ পিছতো একাংশ অপৰাধীয়ে সুযোগ বুজি নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Anti drugs operation) ৷ পিছে অসম আৰক্ষীয়েও ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান (Assam police against drugs) ৷ ইফালে ৰাজ্যত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ সমান্তৰালকৈ সচেতন হৈছে গাঁওৰক্ষী বাহিনী তথা সাধাৰণ জনতাও ৷

শেহতীয়াকৈ, যোৰহাটত ড্ৰাগছ লৈ থকা অৱস্থাত স্থানীয় ৰাইজে বুধবাৰে হাতে লোটে আটক কৰিবলৈ সক্ষম হয় দুই যুৱকক (Drugs paddler arrested) । যোৰহাট ৰজামৈদাম নিউকলনীৰ এটা ভাড়া ঘৰৰ পৰাৰ ড্ৰাগছ সেৱন কৰি থকাৰ লগতে বিক্ৰী কৰিবলৈ যো-জা কৰি থাকোতেই স্থানীয় ৰাইজে যুৱক দুজনক আটক কৰি আৰক্ষীক চমজাই দিয়ে ।

তাৰ্পয্যপূৰ্ণ যে যোৰহাট ট্ৰাকাইপট্ৰি, মেষ্টপৰ্ট্ৰি, ৰজামৈদাম, বৰিগাৱ আৰু নিউ কলনি আদি স্থানত বিগত বহু দিন ধৰি অসামাজিক কাৰ্যকলাপকে ধৰি ড্ৰাগছ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । আনহাতে আটকাধীন যুৱক দুজনে বিগত সময় ধৰি ৰজামৈদাম নিউ কলনি অঞ্চলত থকা ভাড়া ঘৰৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

দুই যুৱকে ভাড়াঘৰলৈ ড্ৰাগছ আসক্ত যুৱকক মাতি আনি ড্ৰাগছ গ্ৰহণ কৰিব বাবে সুৱিধা কৰি দিছিল বুলিও স্থানীয় ৰাইজে জানিবলৈ দিয়ে । ভাড়াঘৰটো নিৰাপদ বুলি ভাবি দৈনিক ইয়ালৈ বহু অচিনাকি ব্যক্তি প্ৰৱেশ কৰে ৷ আনফালে এই সমগ্ৰ ঘটনাটোৰ বিষয়ে স্থানীয় ৰাইজে বহু দিনৰ পৰাই নজৰ দি আহিছিল ৷

তাৰ ফলশ্ৰুতিতে বুধবাৰে স্থানীয় ৰাইজে হাতে লোটে দুই যুৱকক আটক কৰিবলৈ সক্ষম হয় । পিছত স্থানীয় ৰাইজে যোৰহাট সদৰ আৰক্ষীক ঘটনা বিষয়ে অৱগত কৰে ৷ আৰক্ষী উপস্থিত হৈ ভাড়াঘৰটোৰ ভিতৰত গোপন স্থানত লুকুৱাই থোৱা ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ সেৱনৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে ।

যুৱক দুজনক আৰক্ষীয়ে সদৰ থানা লৈ যায় আৰু অধিক তথ্য সংগ্ৰহ বাবে যুৱক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: জখলাবন্ধাত সুৰাসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.