গৌৰীসাগৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি: 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

author img

By

Published : Sep 28, 2022, 1:36 PM IST

tense-situation-at-gaurisagar-police-station

গৌৰীসাগৰ আৰক্ষী থানাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি (Tense situation at Gaurisagar police station) ৷ এজন বাইক চোৰৰ মৃত্যুক লৈ সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোক উপস্থিত হৈ বাইক চোৰজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানা চৌহদ উত্তপ্ত কৰাৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷

আমগুৰি, 28 ছেপ্টেম্বৰ: গৌৰীসাগৰ আৰক্ষী থানাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ এজন বাইক চোৰৰ মৃত্যুক লৈ সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতি ৷ উল্লেখ্য যে, শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত মৃত্যু হয় এটা বাইক চোৰৰ (Bike lifter dies in Gaurisagar police custody) ৷

ঘটনা অনুসৰি গৌৰীসাগৰ আৰক্ষী থানাৰ (Gaurisagar police station) সমীপত মঙলবাৰে বিয়লি পুতুল দাস নামৰ এজন ব্যক্তিৰ এখন বাইক চুৰি হৈছিল ৷ নিশাই গৌৰীসাগৰ আৰক্ষীয়ে চি চি টি ভি ফুটেজৰ আধাৰত বাবু গোৱালা নামৰ বাইক চোৰটোক গ্ৰেপ্তাৰ কৰিছিল ৷ গ্ৰেপ্তাৰ হোৱাৰ পিছত নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল বাইক চোৰটোৱে ৷

গৌৰীসাগৰ আৰক্ষী থানাৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও

পলায়নৰ চেষ্টা কৰোতেই থানাৰ কাষতে থকা গৌৰীসাগৰ বৰপুখুৰীত পৰি যায় চোৰটো ৷ লগে লগে বাইক চোৰটোক আৰক্ষীয়ে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় ৷ চিকিৎসালয় চিকিৎসকে মৃত ঘোষণা কৰে বাইক চোৰ বাবু গোৱালাক ৷ যাৰ পৰিপেক্ষিতত বুধবাৰে পুৱা গৌৰীসাগৰ আৰক্ষী থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation at Gaurisagar police station) ৷

এই খবৰ শুনাৰ লগে লগে স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোক উপস্থিত হৈ বাবু গোৱালাৰ মৃত্যুৰ প্ৰকৃত কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানা ঘেৰাও কৰাৰ লগতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় অধিক আৰক্ষীৰ লোক৷ লগতে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিত বৰঠাকুৰক তৎকালীনভাৱে নিলম্বন কৰা হয় (Gaurisagar OC suspended) ৷ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ অধীনত সমগ্ৰ ঘটনাৰ তদন্ত কৰিব শিৱসাগৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক: শিৱসাগৰত আৰক্ষীৰ জিম্মাত বাইক চোৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.