আবতৰীয়া বানে হাহাকাৰ লগাইছে মাণিকপুৰত

By

Published : Sep 28, 2022, 1:39 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আবতৰীয়া বানে হাহাকাৰ লগাইছে মাণিকপুৰৰ শ শ পৰিয়ালৰ লোকক (Flood in Manikpur)। ৰাস্তা-ঘাট অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে খেতি পথাৰত একাঠু বোকা হোৱাত সকলোৱে সমস্য়াৰ সন্মুখীন হৈছে । বঙাইগাঁও জিলাৰ (Flood in Bongaigaon) মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত শেহতীয়া বানে বিস্তৰ ক্ষতি সাধন কৰিছে । এনিশাৰ ভিতৰতে বেকী নদীৰ (Erosion in Beki river)পানী উফন্দি উঠি ২নং বাসবাৰী গাঁৱৰ (Flood in Basbari of Manikpur) মাজেৰে যোৱা সুঁতিৰে পানী সোমাই আহি কেইবাখনো গাঁৱত ব্যাপক ক্ষতি সাধন কৰিছে । বিশেষকৈ গাঁৱৰ স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয়ত বোকা পানী খচকি যাতায়ত কৰিব লগা হোৱাত ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে । খেতি পথাৰত একাঠু পলস পৰাত কৃষকে মূৰে কপালে হাত দিব লগীয়া হৈছে । একাংশ লোকৰ ঘৰ-দুৱাৰৰ ক্ষতি সাধন হৈছে । ইফালে, গৰাখহনীয়াৰ কবলত পৰি এতিয়াও বহু লোক আতংকিত হৈ আছে । আই নদীৰ (Erosion of Aai river) পৰা ওলাই অহা সুঁতি বন্ধ কৰাৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.