লখিমপুৰত কংগ্রেছক কটাক্ষ মন্ত্রী পীযুষ হাজৰিকাৰ

author img

By

Published : Sep 28, 2022, 12:36 PM IST

Minister Pijush Hazarika

কংগ্ৰেছে কয় ভাৰত জোড়ো আৰু ৰাইজে কয় ভাৰত ছোড়ো । কংগ্ৰেছ দলক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Pijush Hazarika slams congress)। নদী বান্ধক বিৰোধিতা কৰা কংগ্ৰেছে পূৰ্বে সমৰ্থন কৰিছিল বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে ।

লখিমপুৰ,২৮ ছেপ্টেম্বৰ : কংগ্ৰেছক পুনৰ সমালোচনা প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ । কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাক (Congress Bharat Jodo Yatra) উপহাস কৰি মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছে কয় ভাৰত জোড়ো আৰু ৰাইজে কয় ভাৰত ছোড়ো ।" লখিমপুৰত এই মন্তব্য মন্ত্ৰীগৰাকীৰ ।

উল্লেখ্য যে দিনজোৰা কাৰ্যসূচীৰে বুধবাৰে পুৱাই লখিমপুৰত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika visits Lakhimpur)। জিলাখনত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । পুৱাই সোৱণশিৰিৰ ঘনচৰাই মথাউৰিৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । তাৰ পাছতে সমাজ কল্যাণ বিভাগৰ অনাথ ও নিৰাশ্ৰয়ৰ বিদ্যালয় গৃহ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে (Pijus Hazarika inaugurates new school building)।

লখিমপুৰত কংগ্রেছক কটাক্ষ মন্ত্রী পীযুষ হাজৰিকাৰ

লগতে লখিমপুৰ জিলাৰ সোণালী জয়ন্তী (Golden Jubilee of Lakhimpur District) উপলক্ষে আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকী । মন্ত্রীগৰাকীৰ সৈতে এই কাৰ্যসূচীত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাও উপস্থিত থাকে ।

অনুষ্ঠান অংশগ্ৰহণ কৰি নদী বান্ধ সম্পৰ্কেও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে (Pijus Hazarika on river dam)। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে নদী বান্ধৰ প্ৰয়োজনীয়তা আছে । কংগ্ৰেছে শাসনত থাকোতে নদী বান্ধৰ পক্ষত আছিল আৰু বিৰোধীত থকা বাবে বিৰোধিতা কৰাটো উচিত হোৱা নাই বুলিও কয় মন্ত্ৰীগৰাকীয়ে । শেহতীয়াকৈ অসমৰ ৰিহাব চেণ্টাৰসমূহক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক আৰম্ভ হৈছে । এই ৰিহাব চেণ্টাৰসমূহৰ বিৰুদ্ধে চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰা বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰৰ বাহিৰত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.