বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ সোণাৰিত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Sep 28, 2022, 2:17 PM IST

Congress protests against power tariff hike at Sonari in Dibrugarh

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ এইবাৰ সৰৱ হৈ পৰিছে সমগ্ৰ অসমবাসী ৷ তাৰ মাজতে বুধবাৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত সোণাৰিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে (Congress protests against power tariff hike) ।

ডিব্ৰুগড়, 28 ছেপ্টেম্বৰ: ৰাজ্যত অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ পাছতে সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে । ৰাজ্য চৰকাৰে দৰিদ্ৰ লোকসকলক বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি এতিয়া অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি কৰাক লৈ ৰাজ্যযুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে (Protest against power tariff hike in Assam) ।

বুধবাৰে বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদত সোণাৰিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে (Congress protest at Sonari) । চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Congress protests against power tariff hike) ।

বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ সোণাৰিত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

সোণাৰিৰ বানফেৰাস্থিত বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ কৰ্মীসকলে ।

লগতে পঢ়ক: PFI ৰ নিষিদ্ধকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.