ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 21, 2022, 11:02 AM IST

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

সীমা সমস্যা সমাধানৰ হকে নতুন দিল্লীত বৈঠকত মিলিত হ’ব অসম আৰু মিজোৰাম মুখ্যমন্ত্ৰী

আজি নতুন দিল্লীত অনুষ্ঠিত হ’ব অসম মিৰোজামৰ সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী পৰ্য়ায়ৰ বৈঠক (Assam Mizoram border dispute) ৷ এই বৈঠকত মিলিত হ’ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা ৷

শিক্ষকৰ প্ৰতিবাদত কঁপিল ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদ

ধুবুৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী (Teachers union protests in Dhubri) । পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ(Opposed old pension scheme) ।

কেৰালাত ৰহস্যজনকভাৱে মৃত্যু চৰাইদেউৰ যুৱকৰ

অসমৰ যুৱকৰ মৃত্যু ঘন্টা বাজিছে বহিঃৰাজ্যত ৷ চলিত বৰ্ষৰ আগষ্ট মাহত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন যুৱকৰ বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ কেৰালাত মৃত্যু হৈছে চৰাইদেউ জিলাৰ বৰহাটৰ নাহৰপুখুৰী গাঁৱৰ এজন যুৱকৰ (One Youth from Borhat died in Kerala) ৷ মৃত যুৱকজনৰ নাম দেৱ গগৈ (37) বুলি জানিব পৰা গৈছে ৷

বাৰাণসীৰ পৰা বগীবিললৈ আৰম্ভ হ’ব দীৰ্ঘতম ৰিভাৰ ক্ৰুজ সেৱা

আভ্যন্তৰীণ জলপথৰ অৰ্থনৈতিক আৰু পৰিৱেশগতভাৱে সুস্থ ল’জিষ্টিক এভিনিউৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ জৰিয়তে বাস্তৱায়িত কৰা হৈছে । ইয়াৰ অধীনতেই অহা বছৰৰ পহিলা ভাগতে উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু অসমৰ বগীবিলৰ মাজত ভাৰতৰ “সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱা” আৰম্ভ হ’ব (River cruise service between Varanasi and Bogibeel) ৷

ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰক পঢ়া টেবুলৰ পৰা অপহৰণৰ চেষ্টা

লখিমপুৰ জিলাৰ বান্দৰদেৱাত কিশোৰ অপহৰণৰ ঘটনা পোহৰলৈ আহিছে (Kidnapping case in Lakhimpur) ৷ মঙলবাৰে নিশা বান্দৰদেৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এখন ঘৰত কোনো নথকাৰ সুযোগ লৈ অপৰণকাৰীৰ এটা দলে দুৱাৰত নক কৰে ৷ কিশোৰজনে পিতৃ-মাতৃ অহা বুলি ভাবি দুৱাৰখন খুলি দিওঁতেই অপহৰণকাৰীৰ দলটোৱে কিশোৰজনক দাংকোলা কৰি অপৰণ কৰিবলৈ চেষ্টা কৰে ৷

অসম আৰক্ষী সংশোধনী আইনক জনবিৰোধী আখ্যা প্ৰদেশ কংগ্ৰেছৰ

বিধানসভাত গৃহীত অসম আৰক্ষী সংশোধনী বিধেয়ক(Assam Police Amendment Act 2022) সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া । আইনখনে অসমক আৰক্ষী ৰাজ্যলৈ পৰ্যবসিত কৰিব । আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ অধ্যক্ষগৰাকী কৰ্মৰত আৰক্ষী বিষয়া হ'লে ৰাইজে ন্যায় কেনেকৈ পাব? প্ৰদেশ কংগ্ৰেছত কোনো সংঘাত তথা মতানৈক্য নাই ।

উত্তৰ পূৰ্বাঞ্চলত খোপনি পুতিবলৈ চেষ্টা মাওবাদীৰ

গৃহ মন্ত্ৰালয়ক দাখিল কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এনআইএয়ে (NIA) উল্লেখ কৰিছে যে বাওঁপন্থী বিদ্ৰোহীসকলে অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যলৈ তেওঁলোকৰ ঘাটি স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছে । পশ্চিম বংগত মাওবাদী নেতাক (Maoist leader arrest in West Bengal)গ্ৰেপ্তাৰৰ পিছতেই এনআইএ-য়ে এই ইংগিত দিয়ে ।

নাট্যকাৰ বিপ্লৱজ্যোতি ভূঞাৰ জামিন লাভ

অৱশেষত জামিন লাভ কৰিলে ফেচবুকত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আপত্তিজনক প'ষ্ট দি গ্ৰেপ্তাৰ হোৱা নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাই(Biplab Jyoti Bhuyan granted bail) । জামিন লাভ কৰিও নাট্যকাৰ বিপ্লৱ জ্যোতি ভূঞাই মঙলবাৰে নিশাও কটাব লাগিব নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰতেই(Controversial post about Shankardev on Facebook) ।

ধন লুটিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল ত্ৰিপুৰাৰ শুভদ্বীপ

এ টি এম ৰ পৰা পইচা উলিয়াবলৈ যাওঁতে সাৱধান হোৱা উচিত ৷ কিয়নো আপোনাৰ আশে পাশে থাকিব পাৰে চিলনী চোৰ । আপুনি এ টি এম ৰ পৰা টকা উলিওৱাৰ পিছ মূহুৰ্ততে অজ্ঞাত চিলনীৰ চোৰে থপিয়াই নিব পাৰে আপোনাৰ টকা ভৰ্তি বেগটো । অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নাৰেংগী অঞ্চলত ।

বটদ্ৰৱা কাণ্ডৰ আন এক অভিযুক্ত আটক

আকৌ চৰ্চাত নগাঁৱৰ বটদ্ৰৱা কাণ্ড (Batadrava police station incident accused arrested)৷ বটদ্ৰৱা কাণ্ডৰ আন এক অভিযুক্ত ছফিকুল ইছলামক আটক নগাঁও আৰক্ষীৰ (Batadrava police station arson)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.