বটদ্ৰৱা কাণ্ডৰ আন এক অভিযুক্ত আটক

author img

By

Published : Sep 21, 2022, 10:35 AM IST

Updated : Sep 21, 2022, 2:24 PM IST

One batadrava accused arrested

আকৌ চৰ্চাত নগাঁৱৰ বটদ্ৰৱা কাণ্ড (Batadrava police station incident accused arrested)৷ বটদ্ৰৱা কাণ্ডৰ আন এক অভিযুক্ত ছফিকুল ইছলামক আটক নগাঁও আৰক্ষীৰ (Batadrava police station arson)৷

নগাঁও, 21 ছেপ্টেম্বৰ: আকৌ চৰ্চাত নগাঁৱৰ বটদ্ৰৱা কাণ্ড (Batadrava police station incident accused arrested)৷ নগাঁৱৰ বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ লগত জড়িত এজন অভিযুক্তক মঙলবাৰে গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে । মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা অভিযুক্ত ছফিকুল ইছলামক আটক কৰে নগাঁও আৰক্ষীয়ে ৷

বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱাৰ সময়ত পেট্ৰ’ল যোগান ধৰিছিল ধৃত ছফিকুল ইছলামে । ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই কেৰালাত আত্মগোপন কৰি আছিল ছফিকুলে । কেৰালাৰ পৰা আহি মৈৰাবাৰীত আত্মগোপন কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰে ছফিকুল ইছলামক ।

ইতিমধ্যে, এই ঘটনাৰ লগত জড়িত 12 অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ৷ আন এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে ৷ ইফালে উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙে জনায় যে, আৰক্ষীৰ জিম্মাত দুৰ্ঘটনাত মৃত্যু হৈছিল অভিযুক্ত আস্বিকুল ইছলাম । বটদ্ৰৱা কাণ্ডৰ ২৪ জনকৈ অভিযুক্তৰ বিৰুদ্ধে চার্জশ্বিট দাখিল কিৰিছিল নগাঁও আৰক্ষীয়ে ৷

বটদ্ৰৱা কাণ্ডৰ আন এক অভিযুক্ত আটক

উল্লেখ্য যে, দিন দুপৰতে বটদ্ৰৱা আৰক্ষী থানাত (Mob torched Batadrava police station) সংঘটিত হৈছিল এক ভয়ংকৰ আক্ৰমণ । নগাঁৱৰ বটদ্ৰৱা ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই বটদ্ৰৱা আৰক্ষী থানাত চলিছিল এই আক্ৰমণৰ ঘটনা ।

এফালৰ পৰা জ্বলাই দিয়া হৈছিল আৰক্ষী থানাখন (Fire in Batadrava police station)। যাৰ ফলত ভস্মীভূত হৈছিল আৰক্ষী থানাৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ (Batadrava police station arson)। লগতে সম্পূৰ্ণৰূপে জ্বলি ছাঁই হ'ল আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ । এইসকল উদণ্ড লোকৰ আক্ৰমণত আহত হৈছিল তিনিগৰাকীকৈ আৰক্ষী ।
লগতে পঢ়ক: প্ৰমাণ নষ্ট কৰিবলৈয়ে বহু দাগী অপৰাধীৰ নেতৃত্বত জ্বলিছিল আৰক্ষী থানা !

Last Updated :Sep 21, 2022, 2:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.