অসম আৰক্ষী সংশোধনী আইনক জনবিৰোধী আখ্যা প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Sep 20, 2022, 11:00 PM IST

অসম আৰক্ষী সংশোধনী আইনক জনবিৰোধী আখ্যা প্ৰদেশ কংগ্ৰেছৰ

বিধানসভাত গৃহীত অসম আৰক্ষী সংশোধনী বিধেয়ক(Assam Police Amendment Act 2022) সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া । আইনখনে অসমক আৰক্ষী ৰাজ্যলৈ পৰ্যবসিত কৰিব । আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ অধ্যক্ষগৰাকী কৰ্মৰত আৰক্ষী বিষয়া হ'লে ৰাইজে ন্যায় কেনেকৈ পাব? প্ৰদেশ কংগ্ৰেছত কোনো সংঘাত তথা মতানৈক্য নাই ।

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: অসম আৰক্ষী সংশোধনী আইনক জনবিৰোধী আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে । উল্লেখ্য যে সোমবাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত অসম আৰক্ষী সংশোধনী বিধেয়ক-২০২২ গৃহীত হয় (Assam Police Amendment Act 2022)।

এই আইনখনক লৈ আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (APCC general secretary)। তেওঁ কয় যে বিধেয়কখন গৃহীত কৰাৰ সময়ত বিৰোধী দলৰ মতামত গ্ৰহণ কৰা নহ'ল তথা বিশ্বাসত লোৱা নহ'ল । এই আইনখনে অসমক আৰক্ষী ৰাজ্যলৈ পৰ্যবসিত কৰিব । ইতিমধ্যে আৰক্ষীক এনকাউণ্টাৰৰ লাইচেঞ্চ দি থোৱা আছে ।

অসম আৰক্ষী সংশোধনী আইনক জনবিৰোধী আখ্যা প্ৰদেশ কংগ্ৰেছৰ

তেনেস্থলত এই আইনখনে আৰক্ষীক আৰু অধিক শক্তি প্ৰদান কৰিব বুলি মন্তব্য কৰি ভট্টাচাৰ্যই(Apurba Bhattacharya) প্ৰশ্ন কৰে যে আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ অধ্যক্ষগৰাকী যদি কৰ্মৰত আৰক্ষী বিষয়া হয় তেনেহ'লে ৰাইজে ন্যায় কেনেকৈ পাব? এগৰাকী আৰক্ষী বিষয়া আৰক্ষীৰ বিৰুদ্ধে কেতিয়াও নাযায় নাযায় বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে । তেনেস্থলত জনসাধাৰনে ন্যায় কেনেকৈ পাব বুলি তেওঁ প্ৰশ্ন কৰে । অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নাইবা অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াক আয়োগৰ অধ্যক্ষৰ দায়িত্ব দিয়াটো উচিত বুলি তেওঁ কয় ।

তেওঁ এই আইনখনক জনসাধাৰণৰ বাবে ভাবুকিস্বৰূপ বুলি উল্লেখ কৰে । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ প্ৰসংগত ওলোৱা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ইয়াক ভিত্তিহীন আখ্যা দিয়ে । প্ৰদেশ কংগ্ৰেছৰ সোমবাৰৰ বৈঠকত সভাপতি সলনিৰ কোনো বিষয় আলোচনা হোৱা নাছিল । দলৰ সকলো নেতা-কৰ্মীৰ সভাপতি ভূপেন বৰাৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে । ভূপেন বৰাৰ(APCC president Bhupen Bora) নেতৃত্বত আগন্তুক সময়ত দল আগবাঢ়িব যাব বুলি উল্লেখ কৰি তেওঁ কয় যে দলে সভাপতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

প্ৰদেশ কংগ্ৰেছত কোনো সংঘাত তথা মতানৈক্য নাই বুলি তেওঁ সদৰি কৰে ।

লগতে পঢ়ক: সীমান্তত সেনাৰ অভিযানে সংকট নমাই আনিছে বিদ্ৰোহীৰ ভঁৰাললৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.