কেৰালাত ৰহস্যজনকভাৱে মৃত্যু চৰাইদেউৰ যুৱকৰ

author img

By

Published : Sep 21, 2022, 7:56 AM IST

One Youth from Borhat died in Kerala

অসমৰ যুৱকৰ মৃত্যু ঘন্টা বাজিছে বহিঃৰাজ্যত ৷ চলিত বৰ্ষৰ আগষ্ট মাহত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন যুৱকৰ বেংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ কেৰালাত মৃত্যু হৈছে চৰাইদেউ জিলাৰ বৰহাটৰ নাহৰপুখুৰী গাঁৱৰ এজন যুৱকৰ (One Youth from Borhat died in Kerala) ৷ মৃত যুৱকজনৰ নাম দেৱ গগৈ (37) বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড়, 21 ছেপ্টেম্বৰ : বহিঃৰাজ্যত অসমৰ যুৱকৰ আকস্মিক মৃত্যুৰ ঘটনা নতুন নহয় ৷ পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে চৰাইদেউ জিলাৰ বৰহাটৰ নাহৰপুখুৰী গাঁৱৰ এজন যুৱকৰ (One Youth from Borhat died in Kerala) ৷ বহিঃৰাজ্যত মৃত্যু হোৱা যুৱকজন নাহৰপুখুৰী গাঁৱৰ নিবাসী দুলাল গগৈ আৰু ডালিমী গগৈৰ কণিষ্ঠ সন্তান দেৱ গগৈ (37) বুলি জানিব পৰা গৈছে ৷

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, প্ৰায় এবছৰ ধৰি বহিঃ ৰাজ্যৰ কেৰালাৰ এনাকুলাম জিলাত অৱস্থিত Nittagiatin India, Gelatine Division ৰ শ্ৰমিক হিচাপে কৰ্মৰত আছিল । অতি ৰহস্যজনকভাৱে বিগত 17 ছেপ্টেম্বৰত নিশা কৰ্মৰত অৱস্থাতে মৃত্যু হয় দেৱ গগৈৰ (Mysterious death in Kerala) ৷

কেৰালাত ৰহস্যজনকভাৱে মৃত্যু চৰাইদেউৰ যুৱকৰ

দেৱ গগৈৰ মৃত্যুক ৰহস্যজনক বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজেও ৷

পৰিতাপৰ বিষয় যে, অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক আছিল দেৱ গগৈ ৷ প্ৰাপ্ত তথ্য অনুসৰি, মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰি 19 ছেপ্টেম্বৰৰ সন্ধিয়া কেৰালাৰ পৰা ডিব্ৰুগড়লৈ আকাশ মাৰ্গেৰে অনা হয় দেৱ গগৈৰ মৃতদেহ ৷ মঙলবাৰে ডিব্ৰুগড়স্থিত মোহনবাৰী বিমানবন্দৰৰ পৰা দেৱ গগৈৰ মৃতদেহ চমজি লয় তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে ৷

উল্লেখ্য যে, এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বৰহাট নাহৰপুখুৰী অঞ্চলতে পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : বেংগালুৰুত মৃত্যু লখিমপুৰৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.