উত্তৰ পূৰ্বাঞ্চলত খোপনি পুতিবলৈ চেষ্টা মাওবাদীৰ

author img

By

Published : Sep 20, 2022, 9:35 PM IST

u

গৃহ মন্ত্ৰালয়ক দাখিল কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এনআইএয়ে (NIA) উল্লেখ কৰিছে যে বাওঁপন্থী বিদ্ৰোহীসকলে অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যলৈ তেওঁলোকৰ ঘাটি স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছে । পশ্চিম বংগত মাওবাদী নেতাক (Maoist leader arrest in West Bengal)গ্ৰেপ্তাৰৰ পিছতেই এনআইএ-য়ে এই ইংগিত দিয়ে ।

নিউজ ডেস্ক, ২০ছেপ্টেম্বৰ: বাওঁপন্থী বিদ্ৰোহীসকলে ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড আৰু অন্ধ্ৰ প্ৰদেশৰ জংঘলৰ পৰা অসমৰ লগতে উত্তৰ-পূবৰ আন আন ৰাজ্যলৈ সিহঁতৰ ঘাটি স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছে । পশ্চিম বংগত এজন মাওবাদী নেতাক (Maoist leader arrest in West Bengal)গ্ৰেপ্তাৰৰ পিছতেই দেশৰ প্ৰধান অনুসন্ধানকাৰী সংস্থা এনআইএ এই ইংগিত দিয়ে । সোমবাৰে নিশা উত্তৰ ২৪ পৰগণা জিলাৰ কল্যাণী এক্সপ্ৰেছৱে অঞ্চলত (Kalyani Expressway area in North 24 Parganas) এজন জ্যেষ্ঠ মাওবাদী নেতা সম্ৰাট চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই তথ্য় পোহৰলৈ আহিছে ।

'মাওবাদীসকলে অসমৰ বৰাক উপত্যকাৰ কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ কিছু ঠাইত তেওঁলোকৰ ঘাটি স্থাপন কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে ডিব্ৰুগড়, গোলাঘাটকে ধৰি উজনি অসমৰ কিছুমান নিৰ্বাচিত ঠাইত আধাৰ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে ।' গৃহ মন্ত্ৰালয়ক দাখিল কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এনআইএয়ে (NIA)এইদৰে কয় । উল্লেখ্য় যে এই বছৰৰ মাৰ্চত এন আই এয়ে চিপিআই (মাওবাদী) নেতা আৰু ইয়াৰ কেন্দ্ৰীয় সমিতিৰ এজন সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ সময়ত এই কথা প্ৰকাশ পাইছিল । এওঁ অসমৰ কাছাৰ জিলাত 'কাঞ্চন দা' হিচাপে পৰিচিত । তেওঁক ৬ মাৰ্চৰ সন্ধিয়া উধৰবণ্ড আৰক্ষী থানাৰ অন্তৰ্গত চাহ বাগিচাৰ পৰা এজন সহযোগী আকাশ ওৰাং ওৰফে ৰাহুলৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল ।

অসম আৰক্ষীৰ সূত্ৰ অনুসৰি, (NIA report on Maoist )তেওঁৰ কাম আছিল স্থানীয় কেডাৰ নিয়োগ কৰা আৰু ৰাজ্যখনত অস্ত্ৰ ক্ৰয় কৰাটো । ইয়াৰ মাজতেই আৰক্ষীয়ে এটা লেপটপ, এটা মোবাইল ফোন আৰু বৃহৎ সংখ্যক আপত্তিজনক নথিপত্ৰ জব্দ কৰে । আৰক্ষীয়ে কাঞ্চন দাৰ গ্ৰেপ্তাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মাওবাদী সম্প্ৰসাৰণত বাধা দিয়াত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি দাবী কৰিছিল । কিন্তু সোমবাৰে এন আই এয়ে কৰা গ্ৰেপ্তাৰে দেশৰ আটাইতকৈ দুৰ্বল অঞ্চলত মাওবাদীৰ উপস্থিতিৰ আশংকা দেখা গৈছে । ৩৭ বছৰীয়া মাওবাদী যুৱ নেতা সম্ৰাট চক্ৰৱৰ্তী পশ্চিম বংগৰ চিপিআই (মাওবাদী)ৰ এজন সক্ৰিয় সদস্য আছিল । তেওঁ সংগঠনটোৰ শীৰ্ষ পদানুক্ৰম আৰু গ্ৰেপ্তাৰ কৰা অভিযুক্ত কাঞ্চন দাৰ মাজত গোপন যোগাযোগৰ লিংকমেন আছিল । উল্লেখ্য় যে তেওঁ জ্যেষ্ঠ মাওবাদী নেতাজনক সহায় কৰিবলৈ কেইবাবাৰো অসমৰ কাছাৰ জিলা ভ্ৰমণ কৰিছিল ।

এনআইএৰ প্ৰতিবেদনত এই বুলি উল্লেখ কৰা হৈছে যে অসম(Maoist expand their camp in Assam) আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত এনে নিষিদ্ধ সংগঠনৰ লাহে লাহে সম্প্ৰসাৰণ হৈছে । উক্ত প্ৰতিবেদনখনত পুনৰ উল্লেখ কৰা হৈছে, 'এইটো সঁচা যে ভাৰতৰ কেইবাখনো ৰাজ্য বিশেষকৈ ঝাৰখণ্ড, বিহাৰ, ছত্তীশগড় আৰু ওড়িষাত নিৰাপত্তা সংস্থাসমূহে আৰম্ভ কৰা এক বৃহৎ মাওবাদী বিৰোধী অভিযানৰ পিছত মাওবাদীসকলে দেশৰ আন প্ৰান্তত নতুন ঘাটি স্থাপন কৰিবলৈ বিচাৰি আছে ।'

গৃহ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয়,'অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত মাওবাদীৰ বিকাশ এক উদ্বেগজনক লক্ষণ । কিয়নো তেওঁলোকক চুবুৰীয়া দেশসমূহলৈ সহজে প্ৰৱেশ কৰিব পৰাত সহয় কৰিব । তেতিয়া তেওঁলোকৰ কাৰ্যকলাপ অব্যাহত ৰখাটো সহজ হ'ব । আমি ইয়াক তৎক্ষণাৎ বন্ধ কৰিব লাগিব ।'

লগতে পঢ়ক:Delhi Liquor case : হায়দৰাবাদৰ কেইবাটাও স্থানত EDৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.