বাৰাণসীৰ পৰা বগীবিললৈ আৰম্ভ হ’ব দীৰ্ঘতম ৰিভাৰ ক্ৰুজ সেৱা

author img

By

Published : Sep 21, 2022, 7:37 AM IST

Updated : Sep 21, 2022, 9:13 AM IST

River cruise service between Varanasi and Bogibeel of Assam to begin next year

আভ্যন্তৰীণ জলপথৰ অৰ্থনৈতিক আৰু পৰিৱেশগতভাৱে সুস্থ ল’জিষ্টিক এভিনিউৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ জৰিয়তে বাস্তৱায়িত কৰা হৈছে । ইয়াৰ অধীনতেই অহা বছৰৰ পহিলা ভাগতে উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু অসমৰ বগীবিলৰ মাজত ভাৰতৰ “সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱা” আৰম্ভ হ’ব (River cruise service between Varanasi and Bogibeel) ৷

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ: অহা বছৰৰ পহিলা ভাগতে উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু অসমৰ বগীবিলৰ মাজত ভাৰতৰ “সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱা” আৰম্ভ হ’ব ৷ প্ৰায় ৪০০০ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিব এই সেৱাই (River cruise service between Varanasi and Bogibeel)। ডিব্ৰুগড়ত এই কথা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বন্দৰ, জাহাজ, আৰু জলপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই পথটোৱে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীক ইণ্ডো-বাংলাদেশ প্ৰট’কল ৰুট যোগে(Indo Bangladesh Protocol Route) সংযোগ কৰিব ।

এই সেৱাই অসমৰ জনসাধাৰণক নিজৰ বাণিজ্য, পৰ্যটন আৰু সামগ্ৰী পৰিবহণৰ বাবে আভ্যন্তৰীণ জলপথ ব্যৱহাৰ কৰাৰ এক নতুন সুযোগ প্ৰদান কৰিব বুলি সোমবাৰে তেওঁ কয় ৷ ডিব্ৰুগড় জিলাত বগীবিল দলং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলটোৰ উন্নয়নৰ বাবে একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে সোণোৱালে (River cruise tourism) ।

দলংখনৰ সমীপত উন্নয়নমূলক পদক্ষেপৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা নিৰ্মাণ কৰা বগীবিল ৰিভাৰফ্ৰন্ট পেচেঞ্জাৰ জেটী উদ্বোধন (Bogibeel Riverfront Passenger Jetty) কৰাৰ উপৰিও বগীবিল আৰু গুইজানত ভাসমান জেটী নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

সোণোৱালে কয় যে, আভ্যন্তৰীণ জলপথৰ অৰ্থনৈতিক আৰু পৰিৱেশগতভাৱে সুস্থ ল’জিষ্টিক এভিনিউৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ জৰিয়তে বাস্তৱায়িত কৰা হৈছে ।

"গতি শক্তি পৰিকল্পনাই হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰাষ্ট্ৰীয় জলপথ ২ ব্যৱহাৰ কৰি অসমত আভ্যন্তৰীণ জল পৰিবহণৰ বিশাল সম্ভাৱনাক মুকলি কৰাৰ হুবহু ছাবি কাঠি । আমি এই সুযোগ গ্ৰহণ কৰি এনে এক অৰ্থনৈতিক সুবিধা গঢ়ি তুলিব লাগিব যিয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতক নতুন ৰূপত শক্তি প্ৰদান কৰিব । যি ভাৰতৰ বাবে উন্নয়নৰ ইঞ্জিন স্বৰূপ হ’ব’’ সোণোৱালে কয় (River tourism in Assam)৷

বিজেপি চৰকাৰে আভ্যন্তৰীণ নৌ পৰিবহণ, আৰু নদী ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবেও পথ চিনাক্ত কৰি আছে ৷ সমগ্ৰ ব্ৰহ্মপুত্ৰত উপযুক্ত টাৰ্মিনেল নিৰ্মাণ কৰি আছে বুলি তেওঁ উল্লেখ কৰে ।

ডিব্ৰুগড় জিলাৰ বগীবিল আৰু তিনিচুকীয়াৰ গুঁইজানত থকা ভাসমান জেটি দুখন উন্নত আৰু উন্নীত প্ৰযুক্তি ব্যৱহাৰ কৰি আনুমানিক ৮.২৫ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক টাৰ্মিনেল হিচাপে নিৰ্মাণ কৰা হ’ব । ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ কথা মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে ৷

দলংখনৰ ওচৰত নদীৰ পাৰৰ উন্নয়নমূলক পদক্ষেপৰ অংশ হিচাপে মুকলি মঞ্চ, ৰেষ্টুৰেণ্ট, আঠটা বায়’-টয়লেট আৰু ছটা ছাঁদ নিৰ্মাণৰ পৰিকল্পনাও চলি আছে বুলিও তেওঁ লগতে কয় (Riverfront development initiatives near Bogibeel)। অনুষ্ঠানত উপস্থিত থকাসকলৰ ভিতৰত আছিল কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক অংশুল গুপ্তা ।

লগতে পঢ়ক: বগীবিলত উত্তৰ-পূব সীমান্ত ৰে'লৱে নৈ কাষৰীয়া পৰ্যটক জেটীৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

Last Updated :Sep 21, 2022, 9:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.