বগীবিলত উত্তৰ-পূব সীমান্ত ৰে'লৱে নৈ কাষৰীয়া পৰ্যটক জেটীৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Sep 19, 2022, 10:32 PM IST

Sarbananda Sonowal inaugurated tourist jetty at Bogibeel

মহাবাহু ব্ৰহ্মপুত্ৰৰ বগীবিলত নদী পৰ্যটনৰ নৱ সংযোজন ৷ বগীবিলত উত্তৰ-পূব সীমান্ত ৰে'লৱে (এন এফ আৰ)ৰ নৈ কাষৰীয়া পৰ্যটক জেটীৰ শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (NFR riverside tourist jetty at Bogibeel) ৷

ডিব্ৰুগড়, 19 ছেপ্টেম্বৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিৰ শীৰ্ষ নেতৃত্বই দেশৰ সংসদীয় বৰ্ড আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে দ্বায়িত্ব প্ৰদান কৰাৰ পাছতে দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী (Union minister Sarbananda Sonowal) ।

ডিব্ৰুগড় জিলাৰ বগীবিল অঞ্চলৰ উন্নয়নৰ বাবে আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰে ৷ মন্ত্ৰীগৰাকীয়ে বগীবিল আৰু গুঁইজানত দুটা ফ্ল'টিং জেটী নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে (Sarbananda Sonowal inaugurated tourist jetty at Bogibeel)। তদুপৰি, বগীবিল নৈ-কাষৰীয়া যাত্ৰীবাহী জেটীৰো তেখেতে আজি শুভ উদ্বোধন কৰে (NFR riverside tourist jetty at Bogibeel) ৷

বগীবিলত উত্তৰ-পূব সীমান্ত ৰে'লৱে নৈ কাষৰীয়া পৰ্যটক জেটীৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড় জিলাৰ বগীবিল আৰু তিনিচুকীয়া জিলাৰ গুঁইজানত জেটী দুটা অতি উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি অত্যাধুনিক টাৰ্মিনেল হিচাপে নিৰ্মাণ কৰা হ’ব । দুয়োটা জেটী ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি উলিয়াব । এই নিৰ্মাণকাৰ্যৰ দায়িত্ব ক'ষ্টেল কনছ'লিডেটেড ষ্ট্ৰাকচাৰ্ছ প্ৰাইভেট লিমিটেডক ইপিচি চুক্তি (অভিযান্ত্ৰিক, ক্ৰয়, নিৰ্মাণ)ৰ আধাৰত প্ৰদান কৰা হৈছে । ৮.২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই জেটী দুটা অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে দেশৰ বলিষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেহে দেশৰ যাত্ৰাৰ ক্ষেত্ৰখনত ক্ষীপ্ৰতাৰে উন্নয়ন হৈছে । নদী পৰিবহণ ব্যৱস্থা সূচল কৰি তুলিব পাৰিলেই দেশৰ উন্নয়ন আৰু অধিক গতিশীল হ'ব ।

এই অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম, শ্ৰম আৰু নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকা, বি পি এলৰ CEO বিজয় পাল,অসম চৰকাৰৰ আভ্যন্তৰীণ জলপথ বিভাগৰ সঞ্চালক পাৰ্থ পেগু, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকাকে ধৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.