ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 14, 2022, 11:01 AM IST

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

চাকৰিৰ দালালি কৰি গ্ৰেপ্তাৰ হ’ল কুঁহিৰাম ডেকা

জলসিঞ্চন বিভাগৰ চাকৰিৰ দালালি কাণ্ডৰ মূল মাষ্টৰমাইণ্ড কুঁহিৰাম ডেকাক গ্ৰেপ্তাৰ ৷ দিছপুৰ আৰক্ষীয়ে মঙলদৈৰ পৰা গ্ৰেপ্তাৰ কৰে কুঁহিৰাম ডেকাক(irrigation department recruitment) ৷ আনহাতে বৰ্তমানেও পলাতক দালালি চক্ৰটোৰ আন দুই মাষ্টাৰমাইণ্ড ৰফিকুল হুছেইন আৰু আজিজুৰ হক (Broker arrested from Mongoldoi)৷

বৃহস্পতিবাৰে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠনৰে শান্তি আলোচনাত বহিব হিমন্ত বিশ্ব শৰ্মা

কাইলৈ নতুন দিল্লীত পাঁচটাকৈ আদিবাসী সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Peace pact with Adivasi militant group)৷

KFC ৰ বাৰ্গাৰত হাতমোজা: খাদ্য সুৰক্ষা বিভাগৰ জাননী জাৰি

KFC খাদ্য প্ৰিয় যদি সাৱধান হওক । কাৰণ আপোনাৰ প্ৰিয় বাৰ্গাৰ অথবা পিজ্জাৰ সৈতে সোমাই আহিব পাৰে হেণ্ড গ্লভছ অথবা মাস্ক । ইতিমধ্যে এগৰাকী গ্ৰাহকৰ এনে অভিযোগৰ ভিত্তিত খাদ্য সুৰক্ষা বিভাগে এখন KFC চিকেন ৰেষ্টুৰেন্টলৈ জাননী জাৰি কৰিছে (Food Safety Department notice to KFC Restaurant) ।

অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্রীৰ বৈঠক

অসম আৰু অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ সৈতে বৈঠকত মিলিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা (CM meeting at janata bhawan) । ১৫ ছেপ্তেম্বৰৰ পাছত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হ'ব । সেই বৈঠকতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আলোচনা কৰি মেঘালয়ৰ দৰে বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব (Assam Arunachal Pradesh border dispute) ।

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত ভুৱা একাউন্ট

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত ভুৱা হোৱাটছ আপ একাউন্ট খুলিছে দুষ্ট চক্ৰই (Fake Whatsapp account in Hojai DC's name) ৷ উপায়ুক্তগৰাকীয়ে নিজেই উল্লেখ কৰিছে এই তথ্য ৷

এফালে খৰাং; আনফালে মজাপোকে তহিলং কৰিছে খেতি পথাৰ

গৌৰীসাগৰৰ চিন্তমণিগড়ত কৃষকৰ মাজত হাহাকাৰ । অচিন পোকৰ আক্ৰমণত নষ্ট শ শ বিঘা মাটিৰ খেতি (Crops damaged by insect attacks) । মোকালনিৰ পথাৰতো দেখা গৈছে মজাপোকৰ আক্ৰমণ ।

বিজেপি যুৱ মৰ্চাৰ পূৱ জোনাই মণ্ডলৰ সভাপতি নিৰ্বাচিত সন্তোষ বৰগোঁহাই

ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ পূৱ জোনাই মণ্ডলৰ সভাপতি নিযুক্তি । সন্তোষ বুঢ়াগোহাঁইক সভাপতি হিচাপে নিযুক্তি দিয়ে BJP ধেমাজি জিলা সভাপতি প্ৰেম দত্ত, জিলা প্ৰভাৰী ত্ৰিদিবজ্যোতি মৰাণে (New president of BJP Yuva Morcha East Jonai mandal) ।

জম্মুৰ পুঞ্চ জিলাত পথ দুৰ্ঘটনাত নিহত ৯ জন

জম্মু কাশ্মীৰৰ পুঞ্চত ভয়াৱহ পথ দুৰ্ঘটনা ৷ দ খাৱৈত বাগৰি পৰে এখন মিনি বাছ ৷ নিহত ৯ জন ৷

ত্ৰিপুৰাত বাইক ক্ৰয় কৰাকলৈ আৰক্ষী সঞ্চালক প্ৰধানক পত্ৰ তৃণমূলৰ

সমাগত ত্ৰিপুৰা বিধানসভা নিৰ্বাচন (Tripura Assembly Elections 2023) ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে ত্ৰিপুৰালৈ ক্ৰয় কৰি আনিছে কেইবাখনো মটৰ চাইকেল ৷ ত্ৰিপুৰা বিজেপিৰ মটৰ চাইকেল ক্ৰয় কৰাকলৈ সন্দেহ ব্যক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে ৷

ভিক্টৰ দাস ৰাজনীতিৰ মেৰপেচত সোমোৱাৰ আশংকা মাতৃৰ

ৰাজনীতিৰ মেৰপেচত সোমাই পৰিছে নেকি ভিক্টৰ দাস ? বিভিন্নজনে উত্থাপন কৰিছে এই প্ৰশ্ন ৷ মঙলবাৰে ভিক্টৰ দাসৰ মাতৃয়েও বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ নিজৰ স্থিতিত ভিক্টৰ দাস অটল বুলি উল্লেখ কৰি মাতৃগৰাকীয়ে(Mother of Victor Das) প্ৰশ্ন কৰে যে যদি কেলেংকাৰী হোৱাই নাই সোমবাৰে সাতজনকৈ দালালক কিয় গ্ৰেপ্তাৰ কৰিলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.