ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 21, 2022, 1:07 PM IST

TOP 10 AT 1 PM
1 বজাৰ 10 টা শীৰ্ষ বাতৰি

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

Human Trafficking Case in Sivasagar : শিৱসাগৰত অপহৃত শিশুক বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা, গ্ৰেপ্তাৰ ৩

শিৱসাগৰৰ মহিলা হত্যা আৰু শিশু অপহৰণ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল । সংবাদমেলত শিৱসাগৰ জিলাৰ শিমলুগুৰি কেন্দুগুৰিৰ বাইলুং গাঁৱৰ নিতুমণি লুখুৰাখনৰ হত্যা আৰু তেওঁৰ অপহৃত শিশু সন্তানটিৰ সন্দৰ্ভত বুধবাৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ বিতং তথ্য প্ৰকাশ (Human trafficking case in Sivasagar) ।

Parliament Winter Session: 23 ডিচেম্বৰতে সমাপ্ত হ’ব পাৰে সংসদৰ শীতকালীন অধিবেশন

সংসদৰ শীতকালীন অধিৱেশন ৭ ডিচেম্বৰত আৰম্ভ হৈছিল আৰু মূলতঃ ২৯ ডিচেম্বৰত শেষ হোৱাৰ কথা আছিল । কিন্তু এই অধিবেশন নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সমাপ্ত হোৱাৰ সম্ভাৱনা আছে (Parliament Winter Session) ৷

Fake news against PM Modi: দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰি কেন্দ্ৰৰ ৰোষত ইউটিউব চেনেল

এইবাৰ দেশৰ এক আগশাৰীৰ ইউটিউব চেনেলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ । ইউটিউব চেনেলটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়, মুখ্য ন্যায়াধীশ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে(YouTube channel accused of spreading fake news) । জনপ্ৰিয় ইউটিউব চেনেল নিউজ হেডলাইনছৰ বিৰুদ্ধে এই অভিযোগ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ (PIB pulls up YouTube channel for spreading fake news against PM Modi) ।

Operation against militant: পেঙেৰীত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত সেনা-আৰক্ষীৰ

তিনিচুকীয়া জিলাৰ পেঙেৰী পথৰ ঢেকিয়াজানত সন্দেহযুক্ত উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী (Firing at Pengeri)। বুধবাৰে পুৱা প্ৰায় 4.30 বজাত আৰম্ভ হয় এই সংঘৰ্ষ ৷ এই গুলীয়াগুলীৰ ঘটনাত আহত হৈছে অমৃত মুখীয়া নামৰ এজন স্থানীয় যুৱক (Civilian injured in firing)৷

Musk resign controversy : এগৰাকী 'মুৰ্খ' পালেহে মাস্কে টুইটাৰৰ পৰা পদত্যাগ কৰিব !

দায়িত্ব ল'ব পৰা মুৰ্খ বিচাৰি পালেহে মাস্কে টুইটাৰৰ মুখ্য কাৰ্যবাহী পদ ত্যাগ কৰিব । এই ঘোষণা এলন মাস্কৰ (Elon Musk tweet on resign controversy)। মাস্কে চলোৱা এক জৰীপৰ ফলাফলৰ পাছতে এই ঘোষণা ।

Tawang conflict: টাৱাং সংঘৰ্ষক লৈ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ গুৰুত্বপূৰ্ণ বৈঠক

টাৱাং ঘটনাৰ পাছতে তেজপুৰ গজৰাজ কৰ্পছ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীয়ে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে (Important meeting of Lt Gen Rana Pratap)। সুৰক্ষা সমন্ধীয় এক গুৰুত্বপূৰ্ণ বিষয়ত সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকত মিলিত হয় আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতো আলোচনাত মিলিত হয় ।

Pregnant woman sits on dharna: পত্নীৰ মৰ্যদা বিচাৰি অন্তঃসত্বা যুৱতীৰ ধৰ্মঘট

পত্নী-সন্তান থকাৰ পাচতো ৰেজা কৰিমে (নাম সলনি কৰা হৈছে) ৰক্ষা কৰি আহিছিল এটা বিবাহ বৰ্হিঃভূত সম্পৰ্ক ৷ পত্নীৰ মৃত্যু হোৱা বুলি মিছাকৈ কৈ এগৰাকী যুৱতীৰ কাষ চাপিছিল ৰেজা ৷ ক্ৰমাৎ দুয়োৰে সম্পৰ্কই ৰূপ লৈছিল প্ৰেমৰ ৷ কিন্তু অৱশেষত প্ৰেমিকৰ স্বৰূপ জানিব পাৰি, অন্তঃসত্বা প্ৰেমিকা বাধ্য হ’ল ধৰ্মঘটত বহিবলৈ (Pregnant woman sits on dharna) ৷

Volleyball competition in Tinsukia: তিনিচুকীয়াত ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

২৩ আৰু ২৪ ডিচেম্বৰত কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব ৰমাকান্ত শইকীয়া সোঁৱৰণী প্ৰথম বাৰ্ষিক দিবা-নৈশ ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা(Invitational volleyball competition to be held in Tinsukia) । সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলণ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত অনুষ্ঠিত কৰা হৈছে ভলীবল প্ৰতিয়োগিতাখনি(Invitational volleyball competition in Tinsukia) ।

Gauahar Khan pregnancy news:তৃতীয় ব্যক্তিৰ আগমণৰ কথা ঘোষণা কৰিলে গৌহৰ খান-জাইদ দৰবাৰে

অভিনেত্ৰী গৌহৰ খান আৰু তেওঁৰ স্বামী জাইদ দৰবাৰে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনাবলৈ সাজু হৈছে । খান আৰু দৰবাৰে মঙলবাৰে ইনষ্টাগ্ৰামত তেওঁলোকৰ এটা এনিমেটেড ৰীলছৰ জৰিয়তে গৰ্ভধাৰণৰ বাতৰি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল (Gauahar Khan pregnancy news) ৷

YouTube New Feature: ভাৰতীয় ব্যৱহাৰকাৰীয়ে YouTubeত বিভিন্ন ভাষাত চাব পাৰিব ভিডিঅ’

ভাৰতৰ বহুভাষিক সমাজখনক মনত ৰাখি YouTubeয়ে নিজৰ ভিডিঅ’সমূহ অধিক সৰ্বাংগীন কৰি তোলাৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে । এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বিভিন্ন ভাষাত সলনি কৰিব পাৰিব অডিঅ’ ট্ৰেক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.