ETV Bharat / bharat

Fake news against PM Modi: দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰি কেন্দ্ৰৰ ৰোষত ইউটিউব চেনেল

author img

By

Published : Dec 21, 2022, 10:24 AM IST

এইবাৰ দেশৰ এক আগশাৰীৰ ইউটিউব চেনেলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ । ইউটিউব চেনেলটোৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়, মুখ্য ন্যায়াধীশ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে(YouTube channel accused of spreading fake news) । জনপ্ৰিয় ইউটিউব চেনেল নিউজ হেডলাইনছৰ বিৰুদ্ধে এই অভিযোগ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ (PIB pulls up YouTube channel for spreading fake news against PM Modi) ।

YouTube channel accused of spreading fake news
ভুৱা বাতৰি প্ৰচাৰ কৰা অভিযোগ জনপ্ৰিয় ইউটিউব চেনেলৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ: দেশত ব্যাপক হাৰত বৃদ্ধি পাইছে ইউটিউবৰ জনপ্ৰিয়তা । এই জনপ্ৰিয়তাৰ মাজতে একাংশ ইউটিউব চেনেলৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ । শেহতীয়াকৈ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’(Press Information Bureau) চমুকৈ PIB য়ে দেশৰ এটা জনপ্ৰিয় ইউটিব চেনেলৰ বিৰুদ্ধে আনিছে এক বিস্ফোৰক অভিযোগ । নিউজ হেডলাইনছ নামৰ ইউটিউব চেনেলটোৰ বিৰুদ্ধে উত্থাপন হৈছে ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ(YouTube channel accused of spreading fake news) ।

নিউজ হেডলাইনছ নামৰ ইউটিউব চেনেলটোয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উচ্চতম ন্যায়ালয়(Supreme Court of India), মুখ্য ন্যায়াধীশ(Chief Justice of India) আৰু নিৰ্বাচন আয়োগৰ(Election Commission) বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । PIB য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ১০ লাখ চাবস্ক্ৰাইবাৰ আৰু ৩২ কোটি ভিউৱাৰ্ছ আছে ইউটিউব চেনেলটোৰ । চেনেলটোৱে ভাৰতৰ মুখ্য ন্যায়াধীশৰ নিৰ্দেশ অনুসৰি বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি প্ৰচাৰ কৰিছিল এটা ভুৱা বাতৰি । ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ বিধানসভাৰ ১৩১ খন আসনৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলিও এটা ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে চেনেলটোৰ বিৰুদ্ধে (Fake news against election commission)।

কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও বহু ভুৱা বাতৰি প্ৰকাশ আৰু প্ৰচাৰ কৰাৰ অভিযোগ আছে চেনেলটোৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে নিউজ হেডলাইনছ নামৰ এই ইউটিউব চেনেলটোৱে দাবী কৰিছিল যে, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰনালয়ৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে বিজেপিৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে । এনেবোৰ ভুৱা বাতৰিৰ অভিযোগৰ ভিত্তিতে নোডেল এজেঞ্চীৰ তথ্য পৰীক্ষাকাৰীৰ দলে ভাৰত চৰকাৰৰ হৈ সংবাদ মাধ্যমক এই সন্দৰ্ভত আগবঢ়াইছে কিছু পৰামৰ্শ । এনেবোৰ ইউটিউব চেনেলে যাতে ভুৱা বাতৰি প্ৰচাৰৰ জড়িয়তে সমাজত বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে আৰু এনে ভুৱা বাতৰিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবলৈ সংবাদ মাধ্যমক জনাইছে আহ্বান ।

লগতে পঢ়ক: Narco terror case in India: 11 টা গোচৰত NIA ই গ্ৰেপ্তাৰ কৰিছে 112 জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.