ETV Bharat / bharat

Pregnant woman sits on dharna: পত্নীৰ মৰ্যাদা বিচাৰি অন্তঃসত্বা যুৱতীৰ ধৰ্মঘট

author img

By

Published : Dec 21, 2022, 9:58 AM IST

Updated : Dec 21, 2022, 1:03 PM IST

পত্নী-সন্তান থকাৰ পাচতো ৰেজা কৰিমে (নাম সলনি কৰা হৈছে) ৰক্ষা কৰি আহিছিল এটা বিবাহ বৰ্হিঃভূত সম্পৰ্ক ৷ পত্নীৰ মৃত্যু হোৱা বুলি মিছাকৈ কৈ এগৰাকী যুৱতীৰ কাষ চাপিছিল ৰেজা ৷ ক্ৰমাৎ দুয়োৰে সম্পৰ্কই ৰূপ লৈছিল প্ৰেমৰ ৷ কিন্তু অৱশেষত প্ৰেমিকৰ স্বৰূপ জানিব পাৰি, অন্তঃসত্বা প্ৰেমিকা বাধ্য হ’ল ধৰ্মঘটত বহিবলৈ (Pregnant woman sits on dharna) ৷

Pregnant woman sits on dharna in Weast Bengal
Pregnant woman sits on dharna

নিউজ ডেস্ক, 21 ডিচেম্বৰ: বিবাহৰ দাবীৰে প্ৰেমিকৰ বিৰুদ্ধে ধৰ্মঘটত বহিল প্ৰেমিকা (Girlfriend sits on dharna against lover) ৷ পূৰ্বৰ এগৰাকী পত্নী থকা প্ৰেমিকৰ মিছা প্ৰেমৰ জালত বন্দী হৈ এইদৰে এতিয়া বিবাহৰ জীৱন বাটত উৱাদিহ হেৰুৱাইছে এগৰাকী যুৱতীয়ে ৷ পূৰ্বৰ পত্নীৰ মৃত্যু হোৱা বুলি কৈ যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক গঢ়িছিল এজন লোকে ৷

কিন্তু যেতিয়া যুৱতীগৰাকীয়ে জানিব পাৰিলে যে, তেওঁৰ প্ৰেমিকৰ প্ৰথমা পত্নী এতিয়াও সুস্থ শৰীৰে আছে, তেতিয়াই তেওঁৰ মূৰত শৰগ ভাগি পৰে ৷ বিবাহৰ বাবে প্ৰেমিকক জোৰ কৰাৰ বাহিৰে এতিয়া তেওঁৰ হাতত কোনো উপায়ো নাই ৷ কাৰণ তেওঁ গৰ্ভত ধাৰণ কৰিছে দুয়োৰে প্ৰেমৰ চিন স্বৰূপ এটি সন্তান ৷ এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ জলপাইগুৰীৰ মইনাতলিত ৷

বিবাহৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীৰ সৈতে প্ৰেমিকে গঢ়িছিল শাৰীৰিক সম্পৰ্ক ৷ পত্নী-সন্তান থকাৰ পাচতো ৰেজা কৰিমে (নাম সলনি কৰা হৈছে) ৰক্ষা কৰি আহিছিল এটা বিবাহ বৰ্হিঃভূত সম্পৰ্ক ৷ পত্নীৰ মৃত্যু হোৱা বুলি মিছাকৈ কৈ যুৱতীগৰাকীৰ কাষ চাপিছিল ৰেজা ৷ ক্ৰমাৎ দুয়োৰে সম্পৰ্কই ৰূপ লৈছিল প্ৰেমৰ ৷ কিন্তু অৱশেষত প্ৰেমিকৰ স্বৰূপ জানিব পাৰি, অন্তঃসত্বা প্ৰেমিকা বাধ্য হ’ল ধৰ্মঘটত বহিবলৈ (Pregnant woman sits on dharna) ৷

যুৱতীগৰাকীয়ে জনোৱা মতে, তেওঁ বৰ্তমান 5 মাহৰ অন্তঃসত্বা ৷ বিবাহৰ প্ৰতিশ্ৰুতিৰে ৰেজাই গঢ়ি তুলিছিল শাৰীৰিক সম্পৰ্ক ৷ কিন্তু যুৱকী অন্তঃসত্বা হোৱাৰ পাচত বিয়া কৰাবলৈ অস্বীকাৰ কৰে প্ৰেমিক ৰেজা কৰিমে ৷ উপায়হীন হৈ পত্নীৰ মৰ্যাদা বিচাৰি প্ৰেমিকৰ বিৰুদ্ধে ধৰ্ণাত বহে যুৱতীগৰাকী ৷ এই ঘটনাৰ খবৰ পাই ধূপগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক থানাত গোচৰ তৰিবলৈ কয় ৷

জানিব পৰা মতে, মইনাতলিৰ ৰেজা কৰিমে প্ৰায় ডেৰবছৰ ধৰি যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৷ পত্নীৰ মৃত্যু হোৱা বুলি প্ৰেমিকাক মিছা মতা ৰেজাৰ আছে এটা 10 বছৰীয়া সন্তান ৷ বৰ্তমানলৈকে মহিলাগৰাকীয়ে ৰেজাৰ বিৰুদ্ধে অৱশ্যে গোচৰ দাখিল কৰা নাই ৷

লগতে পঢ়ক: Narco terror case in India: 11 টা গোচৰত NIA ই গ্ৰেপ্তাৰ কৰিছে 112 জনক

Last Updated : Dec 21, 2022, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.