ETV Bharat / bharat

Parliament Winter Session: 23 ডিচেম্বৰতে সমাপ্ত হ’ব পাৰে সংসদৰ শীতকালীন অধিবেশন

author img

By

Published : Dec 21, 2022, 10:41 AM IST

সংসদৰ শীতকালীন অধিৱেশন ৭ ডিচেম্বৰত আৰম্ভ হৈছিল আৰু মূলতঃ ২৯ ডিচেম্বৰত শেষ হোৱাৰ কথা আছিল । কিন্তু এই অধিবেশন নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সমাপ্ত হোৱাৰ সম্ভাৱনা আছে (Parliament Winter Session) ৷

Parliament Winter Session 2022
Parliament Winter Session

নিউজ ডেস্ক, 21 ডিচেম্বৰ: সংসদৰ শীতকালীন অধিৱেশন অহা ২৩ ডিচেম্বৰত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে (Parliament Winter Session) ৷ নিৰ্ধাৰিত সময়তকৈ এসপ্তাহ আগতে অধিবেশন সমাপ্ত হ’ব পাৰে বুলি চৰকাৰী সূত্ৰই মঙলবাৰে প্ৰকাশ কৰে ৷ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত লোকসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এখন বৈঠকত অধিৱেশনৰ আগতীয়া সমাপ্তিৰ পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লোৱা হয় (Lok Sabhas Business Advisory Committee) ।

সংসদৰ শীতকালীন অধিৱেশন ৭ ডিচেম্বৰত আৰম্ভ হৈছিল আৰু মূলতঃ ২৯ ডিচেম্বৰত শেষ হোৱাৰ কথা আছিল । কেইবাজনো বিৰোধী নেতাই চৰকাৰ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ কথা উল্লেখ কৰি অধিৱেশন সোনকালে সমাপ্ত কৰিবলৈ আহ্বান জনাইছিল ৷ তাৰ পৰিপ্ৰেক্ষিততেই 29 ডিচেম্বৰৰ পৰিৱৰ্তে 23 ডিচেম্বৰত এই শীতকালীন অধিবেশনৰ সামৰণি পৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: Narco terror case in India: 11 টা গোচৰত NIA ই গ্ৰেপ্তাৰ কৰিছে 112 জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.