ETV Bharat / bharat

YouTube New Feature: ভাৰতীয় ব্যৱহাৰকাৰীয়ে YouTubeত বিভিন্ন ভাষাত চাব পাৰিব ভিডিঅ’

author img

By

Published : Dec 21, 2022, 10:42 AM IST

Updated : Dec 21, 2022, 12:25 PM IST

ভাৰতৰ বহুভাষিক সমাজখনক মনত ৰাখি YouTubeয়ে নিজৰ ভিডিঅ’সমূহ অধিক সৰ্বাংগীন কৰি তোলাৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে । এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বিভিন্ন ভাষাত সলনি কৰিব পাৰিব অডিঅ’ ট্ৰেক ।

New feature will come soon in YouTube Indian users will soon be able to watch videos in many languages
ভাৰতীয় ইউজাৰে ইউটিউবত বিভিন্ন ভাষাত চাব পাৰিব ভিডিঅ’

নিউজ ডেস্ক, 21 ডিচেম্বৰ: ভাৰতৰ বহুভাষিক সমাজখনক মনত ৰাখি YouTubeয়ে নিজৰ ভিডিঅ’সমূহ অধিক সৰ্বাংগীন কৰি তোলাৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত লৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক পৰ্টেল টেকক্ৰাঞ্চৰ এক প্ৰতিবেদন অনুসৰি ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্মে 'গুগল ফৰ ইণ্ডিয়া' অনুষ্ঠানত ঘোষণা কৰিছে যে ই এটা নতুন বৈশিষ্ট্য পৰীক্ষা কৰি আছে যিয়ে ব্যৱহাৰকাৰীক বিভিন্ন ভাষাত অডিঅ' ট্ৰেক সলনি কৰিবলৈ অনুমতি দিব(YouTube videos in multiple languages) ।

TechCrunch YouTube Indiaৰ পৰিচালক ঈশান জন চেটাৰ্জীয়ে উদ্ধৃতি দি কয়,"ভিডিঅ’ হৈছে স্বাস্থ্য সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰাৰ বাবে বিশেষভাৱে ফলপ্ৰসূ ফৰ্মেট যিটো কেৱল পেছাদাৰী দৰ্শকৰ বাবে নহয়, সকলোৰে বাবে সুলভ । তেওঁ পুনৰ কয়, "আমি স্বাস্থ্যসেৱাৰ বিশেষজ্ঞসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আৰু এনে প্ৰযুক্তিত বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ যিয়ে তেওঁলোকক দৰ্শকৰ মাজলৈ বহুভাষিক বিষয়বস্তু দক্ষতাৰে সৃষ্টি কৰিবলৈ সক্ষম কৰে(YouTube New Feature)৷"

বৰ্তমান এই বৈশিষ্ট্য কেৱল স্বাস্থ্য সম্পৰ্কীয় মুষ্টিমেয় ভিডিঅ’ৰ বাবেহে উপলব্ধ, ইংৰাজী, হিন্দী, পাঞ্জাবী আৰু মাৰাঠী ভাষাত ভাষাৰ বিকল্প আছে(Change Audio Track in many languages on YouTube)।

বহুভাষিক অডিঅ' থকা ভিডিঅ'সমূহত Setting Button ৰ ভিতৰত "Audio Track" নামৰ এটা বিকল্প থাকিব যিয়ে ক্লিপৰ বাবে উপলব্ধ ভাষাসমূহৰ তালিকা অন্তৰ্ভুক্ত কৰিব । কিন্তু TechCrunchৰ মতে, বহুভাষিক অডিঅ’ থকা ভিডিঅ’ৰ ইংগিত দিয়া এটা ভিজুৱেল মাৰ্কাৰ সন্ধানৰ ফলাফলত দেখা নাযায় ।

ইয়াৰ উপৰিও গুগলে ঘোষণা কৰিছে যে তেওঁলোকে আগন্তুক ডাবিং প্ৰডাক্ট ‘এলাউড’ৰ কিছুমান সৃষ্টিকৰ্তাৰ সৈতে ট্ৰাইল আৰম্ভ কৰাৰ প্ৰক্ৰিয়াত আছে । মূলতঃ এৰিয়া ১২০ এক্সিলেটৰৰ দ্বাৰা নিৰ্মিত এই প্ৰডাক্টটোৱে সৃষ্টিকৰ্তাসকলক মূল বিষয়বস্তুক একাধিক ভাষালৈ লিপিবদ্ধ, অনুবাদ আৰু ডাব কৰাত সহায় কৰে ।

কোম্পানীটোৱে স্পষ্ট কৰি দিয়ে যে, এই সঁজুলিটো প্ৰথমাৱস্থাত কেৱল ‘স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৰু গোট’ৰ বাবেহে উপলব্ধ হ’ব । কিন্তু এই প্ৰডাক্টটোৰ বাবে ডাবিঙে কোনবোৰ ভাষাৰ ওপৰত কাম কৰিব সেই বিষয়ে কোনো উল্লেখ কৰা হোৱা নাছিল ।

লগতে পঢ়ক: Google: কিয় চীনত গুগলে বন্ধ কৰিলে ৭ হাজাৰৰো অধিক ইউটিউব চেনেল ?

Last Updated :Dec 21, 2022, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.