ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 17, 2022, 1:01 PM IST

Top 10 at 1 pm
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

হঠাৎ বৃদ্ধি গুৱাহাটী-শিলচৰৰ বিমান ভাড়া: পৰিস্থিতিৰ সুযোগ লৈছে বিমান কোম্পানীয়ে

হঠাৎ বৃদ্ধি কৰা হৈছে গুৱাহাটী-শিলচৰৰ বিমান ভাড়া ৷ শিলচৰ আৰু গুৱাহাটীৰ মাজত চলা ইণ্ডিগ' আৰু স্পাইছজেট বিমানৰ ভাড়া 12 হাজাৰ 500 টকাৰ পৰা 14 হাজাৰ পৰ্যন্ত হৈছে ৷ এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভাড়া উৰ্দ্ধমুখী হৈ 31 হাজাৰ 500 টকা হৈছেগৈ ৷

কাৰ্তি চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত CBIৰ অভিযান

শেহতীয়াকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ নেতা কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে । সেই গোচৰৰ ভিত্তিতে নেতাগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ত চিবিআইৰ অভিযান অব্যাহত আছে (CBI searches multiple locations of Karti Chidambaram)। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ হৈছে কাৰ্তি চিদাম্বৰম ।

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সলনি কৰাটো দলটোৰ দুৰ্বলতাৰ লক্ষণ : মানিক সৰকাৰ

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে মানিক সাহাই (Manik Saha takes over as Tripura new CM)। মুখ্যমন্ত্ৰী নতুন হ'লেও ৰাজ্যখনৰ সমস্যা সমাধান নহয় বুলি দাবী কৰে চিপিআইএম নেতা মানিক সৰকাৰে । তেওঁৰ মতে বিজেপিয়ে ৰাজ্যখনক জংঘল ৰাজলৈ ৰূপান্তৰিত কৰিছে ।

Nagaland civilian killings : সেনাই সম্পূৰ্ণ কৰিলে তদন্ত প্ৰক্ৰিয়া

নাগালেণ্ডত সেনাৰ গুলীবৰ্ষণৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ (Court of Inquiry into Nagaland civilian killings) ৷ এই ঘটনাত যদি কাৰোবাৰ ভুল প্ৰমাণিত হয় তেন্তে, তেওঁৰ বিৰুদ্ধে পদবী অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেঃ জেন ৰাণা প্ৰতাপ কলিতাই ৷

উত্তৰ-পূৱৰ উগ্ৰপন্থী সমস্যা সমাধানৰ বাটকটীয়া হ’ব পাৰে নগা শান্তি আলোচনা

প্ৰায় 25 বছৰ দীঘলীয়া আলোচনা শেষত সমাধানৰ দিশে নগা সমস্যা (The Naga issue) ৷ অসম আৰু মণিপুৰৰ বিদ্ৰোহী দলবোৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ বাবেও ই এক আৰ্হি হ'ব পাৰে ৷

Kampur flood : বাঢ়নী পানী চাবলৈ গৈ বানত উটিল দুই কিশোৰ

ৰাজ্যত বানৰ সংহাৰী ৰূপ(Flood in Assam 2022) ৷ কামপুৰত বানত উটি গ’ল দুজন কিশোৰ(Two youth drawn in flood) ৷ স্থানীয় ৰাইজৰ তৎপৰতাত এজনক জীৱন্তে উদ্ধাৰ ৷ আনজন কিশোৰক বাঢ়নী পানীৰ কোবাল সোঁতে উটুৱাই নিয়ে ৷

Inconclusive Indo-Naga talks : এছ চি জামিৰক গৰিহণা এন এছ চি এন এই এমৰ

কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈয়ে সামৰণি পৰিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ আহ্বান মৰ্মে দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডো-নগা শান্তি আলোচনাৰ বৈঠক (Indo Naga talks remains inconclusive )৷ এন এছ চি এন ইশ্বাক মুইভা গোটে সোমবাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ চি জামিৰৰ সৈতে মিলামিচা কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক সমালোচনা কৰে ৷ এছ চি জামিৰে লেতেৰা ৰাজনীতি কৰা বুলি অভিযোগ কৰে এন এছ চি এনৰ সদস্যকেইগৰাকীয়ে (NSCN IM lambasts SC Jamir) ৷

ইটানগৰত ভূমিস্খলনত শিশুৰ মৃত্যু; সন্ধানহীন দুজন

অৰুণাচলত নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভূমিস্খলন(Landslide in Arunachal) ৷ ইটানগৰৰ পাঞ্জাৱী ধাবা যংছেটেৰ সমীপত হোৱা ভয়াৱহ ভূমিস্খলনত আৱদ্ধ এটা পৰিয়াল ৷ উদ্ধাৰকাৰী দলে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰে এটা শিশুৰ মৃতদেহ(Child died in landslide in Itanagar) ৷ বাকী তিনিজনক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে সন্ধানহীন হৈছে দুজনকৈ সদস্য ৷

অভয়াপুৰীত নিৰ্মাণৰ এমাহ নৌহওঁতেই খহি পৰিল পকী দেৱাল

বঙাইগাঁও জিলাৰ অভয়াপুৰীত চৰকাৰী ধন শৰাধৰ অভিযোগ (Misuse of government funds at Abhayapur) ৷ এজাক বৰষুণতে খহি পৰিল কেইবা লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পকী দেৱাল ৷ যাক লৈ এতিয়া ক্ষোভিত অঞ্চলবাসী ৷

Heroin seized in Kokrajhar : হেৰ’ইন ভৰ্তি কণ্টেইনাৰৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰী আটক

কোকৰাঝাৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 25 টাকৈ নিষিদ্ধ হেৰ’ইন ভৰ্তি কণ্টেইনাৰ(Twenty five container full of heroin seized in kokrajhar) ৷ চহৰৰ মাজমজিয়াৰ শান্তিনগৰৰ হনুমান মন্দিৰৰ সমীপত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান(Anti drugs operation by Kokrajhar police) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.