ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সলনি কৰাটো দলটোৰ দুৰ্বলতাৰ লক্ষণ : মানিক সৰকাৰ

author img

By

Published : May 17, 2022, 12:39 PM IST

ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে মানিক সাহাই (Manik Saha takes over as Tripura new CM)। মুখ্যমন্ত্ৰী নতুন হ'লেও ৰাজ্যখনৰ সমস্যা সমাধান নহয় বুলি দাবী কৰে চিপিআইএম নেতা মানিক সৰকাৰে । তেওঁৰ মতে বিজেপিয়ে ৰাজ্যখনক জংঘল ৰাজলৈ ৰূপান্তৰিত কৰিছে ।

Tripura
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী সলনি কৰাটো দলটোৰ দুৰ্বলতাৰ লক্ষণ

আগৰতলা, ১৭ মে' : শেহতীয়াকৈ ত্ৰিপুৰাৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে (Political situation in Tripura)। শাসকীয় বিজেপি দলৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পদত্যাগ কৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Tripura CM resign)। ইফালে নতুন মুখ্যমন্ত্ৰী হিচাপে ড০ মানিক সাহাই শপত লোৱাৰ পাছতে বিৰোধী নেতাসকলেও চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য কৰা দেখা গৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ মতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলৰ মুখ্যমন্ত্ৰী সলনি হোৱাটো চৰকাৰৰ দুৰ্বলতাৰ লক্ষণ (Manik Sarkar criticizes BJP)।

সাংবাদিকৰ সন্মুখত বিৰোধী চিপিআইএমৰ নেতাগৰাকীয়ে কয় যে, নিৰ্বাচনৰ জৰিয়তে ২০১৮ চনত শান্তিপূৰ্ণভাৱে এই চৰকাৰখন গঠন হৈছিল । এই চৰকাৰখন গঠন হোৱা ৫০ মাহ হ'ল আৰু বিধানসভা নিৰ্বাচনৰ বাবে মাত্ৰ ১০ মাহ বাকী আছে । এনে পৰিস্থিতিত শাসকীয় দলৰ মুখ্যমন্ত্ৰী সলনি কৰাটো দলটোৰ বাবে দুৰ্বলতাৰ লক্ষণ বুলি তেওঁ অভিযোগ কৰে ।

বিজেপিক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে । এই চৰকাৰে ২০১৮ চনৰ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে । যেতিয়া এই বিষয়বোৰ সম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছিল তেওঁলোকে সেইবোৰ গুৰুত্ব দিয়া নাছিল । প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱক সমালোচনা কৰি সৰকাৰে কয় যে যেতিয়া নিবনুৱা যুৱকসকলে তেওঁক চাকৰিৰ বিষয়ে সুধিছিল, তেতিয়া তেওঁ যুৱকসকলক চিগাৰেট, পাণৰ দোকান দিয়াৰ লগতে গৰু-ছাগলী পালন কৰিবলৈ পৰামৰ্শ দিছিল ।

একেৰাহে চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হোৱা সৰকাৰে অভিযোগ কৰি কয় যে, বিজেপি চৰকাৰে লোৱা সকলো সিদ্ধান্তৰ জনস্বাৰ্থৰ সৈতে কোনো সম্পৰ্ক নাই । তেওঁৰ মতে বিজেপি চৰকাৰৰ সকলো সিদ্ধান্তই মানৱ বিৰোধী সিদ্ধান্ত । গাঁৱত বাস কৰা লোকসকলে তীব্ৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে । কোনো চাকৰি নাই, কাম নাই, খাদ্য নাই, মানুহে খাদ্যৰ অভাৱত পৰিছে, তেওঁলোকে সন্তান বিক্ৰী কৰি আছে বুলিও দাবী কৰে চিপিআইএমৰ নেতাগৰাকীয়ে ।

আনকি মানুহে চাকৰিৰ সন্ধানত ৰাজ্যৰ পৰা বাহিৰলৈ গৈছে বুলিও তেওঁ দাবী কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে । ৰাজ্যখনত সংবাদ মাধ্যমৰ কোনো স্বাধীনতা নাই বুলিও তেওঁ দাবী কৰে ।

তেওঁ উল্লেখ কৰা মতে, ৰাজ্যখনত ৪০ জনতকৈও অধিক সংবাদ মাধ্যমৰ লোকক আক্ৰমণ কৰা হৈছে । ৰাজ্যত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে আৰু আৰক্ষী নীৰৱ দৰ্শক হৈ আছে বুলিও তেওঁ অভিযোগ কৰে । ইফালে মুখ্যমন্ত্ৰী সলনি হোৱাৰ পাছতো কোনো সমাধান নোলাব বুলিও তেওঁ দাবী কৰে । বিজেপিয়ে ৰাজ্যখনক জংঘল ৰাজলৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ কৰে মানিক সৰকাৰে ।

লগতে পঢ়ক :Tripura new CM oath taking ceremony: উপস্থিত নাথাকিল বিৰোধী দল চিপিআই(এম)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.