ETV Bharat / bharat

Tripura new CM oath taking ceremony: উপস্থিত নাথাকিল বিৰোধী দল চিপিআই(এম)

author img

By

Published : May 16, 2022, 6:55 AM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠান বৰ্জন চিপিআই(এম) দলৰ (Tripura CPIM boycotted Oath taking ceremony of new CM)৷ বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত হঠাৎ এইদৰে মুখ্যমন্ত্ৰী সলনি কৰা কাৰ্যই প্ৰকৃততে দলটোৰ ব্যৰ্থতাক উদঙাই দিছে বুলি মন্তব্য কৰে চিপিআই(এম)ৰ দলীয় সূত্ৰই ৷

Tripura new CM oath taking ceremony
Tripura new CM oath taking ceremony

আগৰতলা, 16 মে’ : ত্ৰিপুৰা বিধানসভাৰ বিৰোধী দল চিপিআই(ম) এ দেওবাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী মানিক সাহাৰ শপত গ্ৰহণ অনুষ্ঠান(Tripura new CM oath taking ceremony) বৰ্জন কৰে ৷ ৰাজ্য়খনত গণতন্ত্ৰক হত্যা কৰা আৰু ফেচিবাদী শাসন চলোৱাৰ অভিযোগ তুলি শপত গ্ৰহণ অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লয় বিৰোধী দলটোৱে ৷ এখন সংবাদমেলত চিপিআই(এম)ৰ দলীয় সূত্ৰই কয় যে, ফেচিবাদী হিংসাৰে বিৰোধী দলক আক্ৰমণ, গণতান্ত্ৰিক অধিকাৰৰ পৰা জনতাক বঞ্চিত কৰা, নগাৰিকৰ অধিকাৰ খৰ্ব কৰা, ভোটাধিকাৰ খৰ্ব কৰা, সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ, একনায়কত্ববাদ আদিবোৰ ঘটনাৰ বাবে দলটোৱে এই শপত গ্ৰহণ অনুষ্ঠান বৰ্জন কৰিছে (CPIM against Tripura Government) ৷

তেওঁলোকে আৰু কয় যে, বিদ্যুৎ যোগান, জলসিঞ্চন, অনুন্নত যাতায়ত ব্যৱস্থা, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ ব্যাপক অনিয়ম, সামগ্ৰীৰ মূল্যবৃদ্ধি, অবাধ দুৰ্নীতি আদিৰ প্ৰতিবাদ জনায় চিপিআই(এম) দলে এই সিদ্ধান্ত লৈছে (CPIM alleges on BJP of corruption)৷ দলীয় সূত্ৰই প্ৰকাশ কৰে যে, বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত হঠাৎ এইদৰে মুখ্যমন্ত্ৰী সলনি কৰা কাৰ্যই প্ৰকৃততে দলটোৰ ব্যৰ্থতাক উদঙাই দিছে ৷

‘‘প্ৰশাসন জুৰুলা হৈ পৰিছে ৷ যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ বিজেপি দলে পূৰণ কৰা নাই আৰু তেওঁলোকৰ নীতিসমূহ জনসাধাৰণৰ ওপৰত অৰ্থনৈতিক বোজা জাপি দিয়া সম্পূৰ্ণ জনবিৰোধী নীতি ৷ বিজেপি চৰকাৰ যি সন্ত্ৰাস আৰু হিংসাত্মক ৰাজনীতিত লিপ্ত হৈছে, সেই ৰাজনীতিয়ে গণতন্ত্ৰক ধ্বংস কৰি নিৰ্বাচনক প্ৰহসনত পৰিণত কৰিছে ৷’’ চিপিআই(এম)ৰ এক সূত্ৰই এইদৰে সদৰি কৰে সংবাদ মেলত ৷

লগতে পঢ়ক : চৰকাৰৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰা: মুখ্যমন্ত্ৰী মাণিক সাহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.