ETV Bharat / state

Heroin seized in Kokrajhar : হেৰ’ইন ভৰ্তি কণ্টেইনাৰৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰী আটক

author img

By

Published : May 17, 2022, 10:51 AM IST

twenty-five-container-full-of-heroin-seized-in-kokrajhar
ড্ৰাগছ সৰবৰাহকাৰী আটক

কোকৰাঝাৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 25 টাকৈ নিষিদ্ধ হেৰ’ইন ভৰ্তি কণ্টেইনাৰ(Twenty five container full of heroin seized in kokrajhar) ৷ চহৰৰ মাজমজিয়াৰ শান্তিনগৰৰ হনুমান মন্দিৰৰ সমীপত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান(Anti drugs operation by Kokrajhar police) ৷

কোকৰাঝাৰ, 17 মে’: অসম আৰক্ষীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো অব্যাহত আছে ড্ৰাগছৰ ব্যৱসায়(Assam Police against drugs) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং কাৰবাৰ ৷ সোমবাৰে নামনি অসমৰ সীমামূৰীয়া জিলা কোকৰাঝাৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নিষিদ্ধ হেৰ’ইন(Heroin seized in kokrajhar ) ৷

জানিব পৰা মতে, চহৰৰ মাজমজিয়াৰ শান্তিনগৰৰ হনুমান মন্দিৰৰ সমীপত ড্ৰাগছ বিৰোধী অভিযান চলাইছিল কোকৰাঝাৰ আৰক্ষীয়ে(Anti drugs operation by Kokrajhar police) ৷ আৰক্ষীৰ এই অভিযানৰ সময়তে উদ্ধাৰ হৈছে 25 টাকৈ হেৰ’ইন ভৰ্তি কণ্টেইনাৰ(Twenty five container full of heroin seized in kokrajhar) ৷

হেৰ’ইন ভৰ্তি কণ্টেইনাৰৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰী আটক

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰীক(Drugs paddler arrest in Kokrajhar) ৷ আটকাধীন সৰবৰাহকাৰীটোক ধুবুৰীৰ বিলাসীপাৰাৰ ছিৰাজুল হক বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) লামহু ডংগেলে (Lamhow Dongal) সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এক বিশেষ সূত্ৰৰ পম খেদি লাভ কৰা তথ্যৰ ভিত্তিতে কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে’ আৰু চহৰখনৰ উপ পৰিদৰ্শকৰ দায়িত্বত থকা মাউতি বসুমতাৰীয়ে আৰক্ষীৰ এটা দলৰ সৈতে চলাইছিল অভিযান ৷ সম্প্ৰতি আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰখা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে চাওক: Illegal liquor seized: শিৱসাগৰত জব্দ অবৈধ সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.