ETV Bharat / state

হঠাৎ বৃদ্ধি গুৱাহাটী-শিলচৰৰ বিমান ভাড়া: পৰিস্থিতিৰ সুযোগ লৈছে বিমান কোম্পানীয়ে

author img

By

Published : May 17, 2022, 12:56 PM IST

হঠাৎ বৃদ্ধি কৰা হৈছে গুৱাহাটী-শিলচৰৰ বিমান ভাড়া (Flight fare for Guwahati to Silchar increased) ৷ শিলচৰ আৰু গুৱাহাটীৰ মাজত চলা ইণ্ডিগ' আৰু স্পাইছজেট বিমানৰ ভাড়া 12 হাজাৰ 500 টকাৰ পৰা 14 হাজাৰ পৰ্যন্ত হৈছে ৷ এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভাড়া উৰ্দ্ধমুখী হৈ 31 হাজাৰ 500 টকা হৈছেগৈ ৷

Air fare become so costly from Silchar to Guwahati amid of natural disaster
হঠাৎ বৃদ্ধি গুৱাহাটী-শিলচৰৰ বিমান ভাড়া

নিউজ ডেস্ক, 17 মে': সমগ্ৰ ডিমা হাচাও জিলা বান আৰু ভূমিস্খলনৰ কৱলত পৰি প্ৰায় বিধ্বস্ত হৈ পৰিছে (Landslide in Dima Hassao) ৷ ৰেল যোগাযোগ, পথ যোগাযোগ সকলো বিচ্ছিন্ন হৈ পৰিছে পাহাৰীয়া জিলাখনৰ লগতে সমগ্ৰ বৰাক উপত্যকাৰ সৈতে ৷ গুৱাহাটীকে ধৰি কোনো অঞ্চলৰ পৰাই ৰেল বা ঘাইপথেৰে ডিমা হাচাও বা বৰাক উপত্যকালৈ যোৱাটো এতিয়া সম্ভৱ নহয় ৷

এনে এক পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বিভিন্ন বিমান পৰিবহণ সংস্থা সমূহে ৷ গুৱাহাটী আৰু শিলচৰৰ মাজত চলাচল কৰা বিমানৰ ভাড়া হঠাতে বৃদ্ধি কৰা হৈছে (Flight fare for Guwahati to Silchar increased)৷ শিলচৰ আৰু গুৱাহাটীৰ মাজত চলা ইণ্ডিগ'(Indigo)আৰু স্পাইছজেট (Spicejet) বিমানৰ ভাড়া 12 হাজাৰ 500 টকাৰ পৰা 14 হাজাৰ পৰ্যন্ত হৈছে ৷ 19 মে' পৰ্যন্ত গুৱাহাটীৰ পৰা শিলচৰলৈ কোনো টিকট পাবলৈ নাই এই দুখন বিমানত ৷

উল্লেখ্য যে গুৱাহাটীৰ পৰা প্ৰতিদিনে পুৱা 10.20 বজাত ইণ্ডিগ'ৰ আৰু দুপৰীয়া 1.05 বজাত স্পাইছজেটৰ একোখনকৈ বিমান শিলচৰলৈ চলাচল কৰি আহিছে ৷ আনহাতে, গুৱাহাটীৰ পৰা শিলচৰলৈ চলাচল কৰা এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভাড়া উৰ্দ্ধমুখী হৈ 31 হাজাৰ 500 টকা হৈছেগৈ (Air India fare from Guwahati to Silchar) ৷

লগতে পঢ়ক: Flood in Assam: বাৰিষাৰ প্ৰথমটো বানে ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰিছে বিভীষিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.