ETV Bharat / bharat

কাৰ্তি চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত CBIৰ অভিযান

author img

By

Published : May 17, 2022, 12:12 PM IST

শেহতীয়াকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ নেতা কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে । সেই গোচৰৰ ভিত্তিতে নেতাগৰাকীৰ বাসগৃহ আৰু কাৰ্যালয়ত চিবিআইৰ অভিযান অব্যাহত আছে (CBI searches multiple locations of Karti Chidambaram)। কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ হৈছে কাৰ্তি চিদাম্বৰম ।

Chidambaram
কাৰ্তি চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত CBIৰ অভিযান

নেশ্যনেল ডেস্ক,১৭ মে' : লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা কাৰ্তি চিদাম্বৰমৰ বাসগৃহত কেন্দ্ৰীয় অনুসন্ধান আয়োগ চমুকৈ চিবিআইৰ অভিযান (CBI raids Karti Chidambaram residence)। তেওঁৰ বাসগৃহ আৰু কাৰ্যালয়ৰ লগতে কেইবাটাও স্থানত সম্প্ৰতি অব্যাহত আছে চিবিআইৰ অভিযান । জানিব পৰা মতে কাৰ্তি চিদাম্বৰমৰ সৈতে জড়িত তামিলনাডুৰ শিৱগংগাই, দিল্লী মুম্বাই আৰু চেন্নাইত চলিছে এই অভিযান ।

সূত্ৰৰ পৰা জানিব পৰা মতে চীনা শ্ৰমিকসকলক ভিছা প্ৰদানৰ নামত প্ৰায় ৫০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ নেতা কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে (CBI filed case against Karti Chidambaram)। সেই গোচৰতে চিদাম্বৰমৰ বাসগৃহ আৰু কাৰ্যালয়ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱ অভিযান অব্যাহত ৰাখিছে । উল্লেখ্য যে দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী তথা কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ হৈছে কাৰ্তি চিদাম্বৰম ।

লগতে পঢ়ক :Culpable homicide case : বিপদত তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰীৰ কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.