ETV Bharat / bharat

উত্তৰ-পূৱৰ উগ্ৰপন্থী সমস্যা সমাধানৰ বাটকটীয়া হ’ব পাৰে নগা শান্তি আলোচনা

author img

By

Published : May 17, 2022, 10:31 AM IST

Updated : May 17, 2022, 11:49 AM IST

প্ৰায় 25 বছৰ দীঘলীয়া আলোচনা শেষত সমাধানৰ দিশে নগা সমস্যা (The Naga issue) ৷ অসম আৰু মণিপুৰৰ বিদ্ৰোহী দলবোৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ বাবেও ই এক আৰ্হি হ'ব পাৰে ৷ সঞ্জীৱ কুমাৰ বৰুৱাৰ এক বিশেষ লেখা...

United Liberation Front of Assam
United Liberation Front of Assam

নিউজ ডেস্ক, 17 মে’: দীৰ্ঘদিনৰ বিলম্বৰ বাবে এতিয়া নগা শান্তি চুক্তিৰ প্ৰক্ৰিয়া (Naga peace talk) আৰু ফলাফলৰ বিষয়টোৰ ওপৰত নিন্দনীয়তা স্থায়ী বিষয়বস্তু হৈ পৰিছে যদিও ই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য সশস্ত্ৰ বিদ্ৰোহৰ (NE India insurgencies) সৈতে সমাধানৰ বাবে বাটকটীয়া হ'ব পাৰে ৷ যাক ভাৰতীয় নিৰাপত্তা প্ৰতিষ্ঠানে হেৰুৱাব নালাগে । সেইকাৰণেই নগা শান্তি আলোচনাৰ বিষয়টোৰ ঘটনাক্ৰম যঠেষ্ট গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰিছে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ (স্বা) মুৰব্বী পৰেশ বৰুৱাৰ দৰে বিদ্ৰোহী নেতাসকলে ।

এটা ব্যক্তিগত বৈদ্যুতিন সংবাদ মাধ্যমত আলফা (স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাই (ULFA-I supremo Paresh Baruah) কয়, ‘‘এতিয়ালৈকে ভাৰত চৰকাৰ আৰু উত্তৰ-পূৱৰ কিছুমান গোটৰ মাজত হোৱা চুক্তিৰ পৰা বিশেষ শিকিবলগীয়া হোৱা নাই । এতিয়ালৈকে একোৱেই হোৱা নাই’’ (Paresh Baruah on peace talk)৷

উত্তৰ-পূব বিদ্ৰোহী সংগঠনবোৰৰ সৈতে কেনেদৰে চুক্তি প্ৰস্তুত কৰা হয় সেই প্ৰক্ৰিয়াৰ সৈতে পৰিচিত যিকোনো লোকৰ বাবে নতুন দিল্লীৰ নৰ্থ ব্লকত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত নতুন চুক্তিৰ কাঠামো তৈয়াৰ কৰোঁতে পূৰ্বে স্বাক্ষৰিত চুক্তিৰ উদ্ধৃতি দিয়াৰ লগতে তুলনা কৰা হয় ৷

বিশ্বৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহৰ ভিতৰত অন্যতম হিচাপে পৰিণত হোৱা অতি কমেও সাত দশক পুৰণি নগা সমস্যাটোৱে সুদীৰ্ঘ সময় ধৰি অব্যাহত থকা এক দীঘলীয়া আলোচনা প্ৰক্ৰিয়াৰ স্বত্বেও চূড়ান্ত সমাধানৰ পৰা আঁতৰি আছে । ভাৰতৰ মূলখণ্ডৰ পৰা আঁতৰি স্ব-শাসন আৰু সাৰ্বভৌমত্বৰ দাবী তুলি উত্তৰ-পূৰ্বাঞ্চলত বহুকেইটা বিদ্ৰোহী সংগঠনৰ জন্ম হৈছে (Insurgency groups in North East) ৷

এই উগ্ৰপন্থী গোট সমূহক দুভাগত বিভক্ত কৰিব পাৰি ৷ এটা হৈছে সাংবিধানিক গণ্ডিৰ ভিতৰত যিবোৰৰ দাবী সমূহ সমাধা কৰিব পাৰি আৰু আনটো হৈছে যিবোৰৰ দাবী সাংবিধানিক গণ্ডিৰ ভিতৰত সমাধা কৰিব নোৱাৰি ৷ প্ৰথমটো ভাগৰ সৈতে বুজাবুজি কৰিবলৈ যিমান সহজ, দ্বিতীয়টোৰ সৈতে কিন্তু সিমানেই জটিল ৷

বিভিন্ন সশস্ত্ৰ বিদ্ৰোহৰ মাজত পাৰ্থক্য দেখুৱাই গেৰিলা নেতাজনে কয়, কিছুমান চুক্তি কৰাতো অতি সহজ, যিবোৰ ভাৰতীয় সংবিধানৰ ভিতৰত ৷ যেনে বড়ো আৰু কাৰ্বি শান্তি চুক্তি ৷ এইবোৰ অতি সাধাৰণ’’ ৷ তেওঁ আঙুলিয়াই দিয়ে যে, বড়ো, কাৰ্বি আদিয়ে কেৱল ৰাজনৈতিক নেতৃত্বক তেওঁলোকৰ প্ৰকৃত অভিযোগৰ সমাধানৰ বাবে জাগ্ৰত কৰিবলৈহে অস্ত্ৰ-শস্ত্ৰ গ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক : Inconclusive Indo-Naga talks : এছ চি জামিৰক গৰিহণা এন এছ চি এন এই এমৰ

পৰেশ বৰুৱাই কয় যে, নিজৰ ঐতিহাসিক অধিকাৰৰ ভিত্তিত সংগ্ৰাম কৰি থকা নগাসকল বড়ো বা কাৰ্বিৰ সৈতে একে নহয় । এই চুক্তি কঠিন, ইয়াক সমাধা কৰিবলৈ হ’লে ভাৰতীয় সংবিধানৰ পৰা ওলাই আহিব লাগিব ৷ নগাসকলৰ সৈতে চিৰস্থায়ী আলোচনা কেতিয়া শেষ হ'ব কোনেও নাজানে ৷ ভাৰত চৰকাৰে এক কুটিল খেল খেলি থকা বুলি অভিযোগ কৰে আলফা(স্বা)ৰ মুৰব্বী গৰাকীয়ে ৷

তেওঁ লগতে কয় যে, চৰকাৰে প্ৰক্ৰিয়াটো দীঘলীয়া কৰি আছে ৷ প্ৰধান নেতা ইশ্বাক আৰু খোলে বৰ্তমান নাই ৷ মুইভা কিমান দিন থাকে সেয়া কোনেও ক’ব নোৱাৰে ৷ সেয়া এক প্ৰশ্নবোধক ৷

নগা আন্দোলনৰ প্ৰতি আলফা (স্বা) প্ৰৱল আগ্ৰহী হ’ব লাগে ৷ ইয়াৰ লক্ষ্যসমূহ মৌলিকভাৱে এন এছ চি এনৰ ফৈদসমূহৰ লক্ষ্যৰ সৈতে মিল খায় ৷ নগা সংগঠন, পি এল এ আৰু ইউ এন এল এফ আদি মণিপুৰী সংগঠনে স্ব-নিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত ভাৰতৰ পৰা পূৰ্ণ স্বাধীনতা দাবী কৰি আহিছে ৷

সশস্ত্ৰ আন্দোলনৰ জৰিয়তে ভাৰতীয় নিৰাপত্তা প্ৰতিষ্ঠানৰ শক্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থতাৰ কথা প্ৰকাশ কৰি পৰেশ বৰুৱাই কয় যে, তেওঁলোকে ভাৰতীয় সেনা বাহিনীক পৰাভূত কৰিব পাৰিব বুলি কেতিয়াও কোৱা নাই ৷ তেওঁলোকে যেতিয়া নিজৰ দাবী উত্থাপন কৰে, ভাৰতে তেওঁলোকৰ বিৰুদ্ধে বন্দুক তুলি ধৰে ৷ তেওঁলোকে আত্মৰক্ষাৰ বাবেহে বন্দুক ল’ব লগা হয় বুলি উল্লেখ কৰে পৰেশ বৰুৱাই ৷ আলফা হৈছে এক ৰাজনৈতিক বিপ্লৱ আৰু ইয়াক ৰাজনৈতিকভাৱেই সমাধা কৰা উচিত ৷ ফলপ্ৰসূ আলোচনাৰ কেতিয়াও বিৰোধিতা কৰা নাই বুলি মত ব্যক্ত কৰে আলফা স্বাধীনৰ মুৰব্বীজনে ৷

ভাৰত চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ পৰেশ বৰুৱাই ইচ্ছা প্ৰকাশ কৰিছিল যদিও সাৰ্বভৌমত্বৰ মূল বিষয়টো আলোচনাৰ একক বিষয় হিচাপে দাবী কৰি আহিছে আলফাই ।

লগতে পঢ়ক : সাৰ্বভৌমত্বৰ বিষয়টো বাদ দিলেহে আলফাৰে আলোচনা সম্ভৱ: ৰাণা প্ৰতাপ কলিতা

Last Updated :May 17, 2022, 11:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.