ETV Bharat / sports

IPL 2023: জয়পুৰৰ মেচৰ পিচত ৰিয়ান পৰাগৰ বেটিঙৰ ওপৰত প্ৰশ্ন ৰবি শাস্ত্ৰীৰ

author img

By

Published : Apr 20, 2023, 10:19 AM IST

ৰবি শাস্ত্ৰীয়ে ৰিয়ান পৰাগক তীব্ৰ সমালোচনা কৰি কয় যে ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজৰ খেলখনত বেটাৰৰ প্ৰদৰ্শন টাৰ্ণিং পইণ্ট আছিল (Ravi Sashtri criticized Riyan Parag) ।

IPL 2023
IPL 2023

স্পৰ্টছ ডেস্ক, ২০ এপ্ৰিল : ৰিয়ান পৰাগৰ আইপিএলৰ প্ৰদৰ্শনত সন্তুষ্ট নহয় ৰবি শাস্ত্ৰী (IPL 2023) । ৰবি শাস্ত্ৰীয়ে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ (Lucknow Super Giants, LSG) বিৰুদ্ধে ৰিয়ান পৰাগে যিদৰে খেল আৰম্ভ কৰিছিল তাত সুখী নাছিল । উল্লেখ্য, বুধবাৰে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals, RR) বাবে প্ৰয়োজনীয় ৰাণ ৰেট ১০ অতিক্ৰম কৰাৰ সময়ত ৰিয়ান পৰাগে তেওঁৰ প্ৰথম আঠটা বলত মাত্ৰ চাৰি ৰাণ সংগ্ৰহ কৰিছিল ৷ সেয়ে শাস্ত্ৰীয়ে এইটো ক'বলৈ অকণো দ্বিধাবোধ কৰা নাছিল যে পৰাগৰ লেহেমীয়া আৰম্ভণিয়েই খেলখনৰ গতি সলনি কৰিছিল (Ravi Shastri questions on Riyan Parags intent) ৷ প্ৰবীণ ক্ৰিকেটাৰজনে লগতে এইটোও কয় যে পৰাগৰ মন্থৰ বেটিঙৰ বাবেই দেৱদত্ত পাডিক্কালেও তেওঁৰ লয় হেৰুৱাইছিল ।

"তেওঁলোকে চেমছনক হেৰুৱাইছিল, তেওঁলোকে বাটলাৰ আৰু জয়ছোৱালক হেৰুৱাইছিল । কিন্তু তথাপিও তেওঁলোকৰ যথেষ্ট খেলুৱৈ আছিল, বেটিঙৰ যথেষ্ট গভীৰতা আছিল (LSG vs RR IPL match) । মই ভাবোঁ যে যেতিয়া ৰিয়ান পৰাগ ক্ৰিজলৈ আহিছিল আৰু প্ৰথম আঠটা বল যেনেধৰণে খেলিছিল, সেইটোৱেই খেলখনৰ গতিপথ সলনি কৰিছিল । আনহাতে, আনটো মূৰত পাডিক্কালেও নিজৰ ছন্দ হেৰুৱায় ।’’

"এক ৰাণকৈহে খেলত ৰাণ আহিবলৈ আৰম্ভ কৰিছিল আৰু সেইটো পৰ্যায়ত বাউণ্ডেৰী অবিহনে ২৮ টা বল খেলিছিল (RR lost to LSG at Jaipur) । যেতিয়া আপুনি বাউণ্ডেৰী অবিহনে ইমান সময় অতিবাহিত কৰে, তেতিয়া নিজে সমস্যাৰ সৃষ্টি কৰে ।" মেচৰ পিচত দিয়া ভাষ্যত শাস্ত্ৰীয়ে ষ্টাৰ স্প'ৰ্টছৰ আগত এনেদৰে কয় । উল্লেখ্য যে নিজৰ ভাষ্যৰ সময়ত ইংলেণ্ডৰ প্ৰাক্তন বেটাৰ কেভিন পিটাৰছেনেও পৰাগক সমালোচনা কৰে (Kevin Pitarsen criticized Riyan Parag) ।

মন্থৰ আৰম্ভণিৰ পিচত পৰাগে এটা চাৰি আৰু এটা ছয় মাৰি ১২ বলত ১৫ ৰাণ কৰি অপৰাজিত হৈ থাকে । কিন্তু ৰয়েলছে বিজয়ৰ ৰেখা অতিক্ৰম কৰিবলৈ সেয়াই পৰ্যাপ্ত নাছিল । ১৫৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ আগবঢ়াৰ সময়ত জছ বাটলাৰ আৰু যশস্বী জয়ছোৱালে প্ৰথম উইকেটত ৮৭ ৰাণৰ অৱদানেৰে দলৰ বাবে এক সবল ভেটি স্থাপন কৰে । কিন্তু মাৰ্কাছ ষ্টইনিছে তেওঁলোক দুয়োকে আউট কৰাৰ পিচত ৰয়েলছে বেয়াকৈ খোপনি হেৰুৱায় ।

"তেওঁলোকে জানিছিল যে তেওঁলোকে কিমান ৰাণ অনুসৰণ কৰিছে । সৌভাগ্যক্ৰমে তেওঁলোক তালিকাৰ শীৰ্ষত আছে আৰু তেওঁলোকে এই পৰাজয়ৰ পৰা বহুত শিকিব । তেওঁলোকে তেওঁলোকৰ বেটিং ইউনিৰ পৰিৱৰ্তনৰ বিষয়ে শিকিব । পৰাগক দায়িত্ব দিয়া হৈছিল । কিন্তু তেওঁ কেনেদৰে খেলিলে সেয়াও প্ৰত্যক্ষ কৰে । তেওঁলোকৰ ইমান শক্তিশালী বেটিং লাইনআপ আছিল যে তেওঁলোকে বহু আগতেই মেচখনত জয়লাভ কৰিব পাৰিলেহেঁতেন ।" তেওঁ লগতে কয় । উল্লেখ্য, পৰাজয় সত্ত্বেও ৰাজস্থান ৰয়েলছে ছয়খন মেচৰ ভিতৰত চাৰিখনত বিজয়লাভেৰে মুঠ ৮ পইণ্ট আৰু +1.043 নেট ৰাণ ৰেটেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে ।

লগতে পঢ়ক :IPL 2023 LIVE: লক্ষ্ণৌৰ বিৰুদ্ধে 10 ৰাণত পৰাস্ত ৰাজস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.