ETV Bharat / sports

IPL 2023 LIVE: লক্ষ্ণৌৰ বিৰুদ্ধে 10 ৰাণত পৰাস্ত ৰাজস্থান

author img

By

Published : Apr 19, 2023, 8:10 PM IST

Updated : Apr 20, 2023, 1:02 AM IST

IPL 2023 ৰ আজিৰ মেচখন অনুষ্ঠিত হয় পইন্ট তালিকাৰ প্ৰহথম স্থানত থকা RR আৰু দ্বিতীয় স্থানত থকা LSG ৰ মাজত ৷ ৰাজস্থান ৰয়েলছক 10 ৰাণত পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৷

IPL 2023 LIVE
Rajasthan Royals vs Lucknow Super Giants

নিউজ ডেস্ক, 19 এপ্ৰিল: IPL 2023 ৰ এখন গুৰুত্বপূৰ্ণ মেচত আজি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মুখামুখি হয় ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ ৷ টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RR এ ৷ খেলখনত ৰাজস্থান ৰয়েলছক 10 ৰাণত পৰাস্ত কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৷ লক্ষ্ণৌৰ দুই অপেনাৰ ৰাহুল আৰু মেয়াৰ্ছে সুন্দৰ আৰম্ভণি কৰে ৷ 32 টা বলত 39 ৰাণ কৰি ৰাহুল আউট হয় ৷ 42 টা বলত 51 ৰাণ কৰে মেয়াৰ্ছে ৷ ষ্টইনিছে 21 আৰু পুৰাণে 29 ৰাণৰ বৰঙণি আগবঢ়ায় ৷ নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই 154 ৰাণ সংগ্ৰহ কৰে লক্ষ্ণৌৱে Rajasthan Royals vs Lucknow Super Giants) ৷

155 ৰাণৰ লক্ষ্য আগত লৈ খেল আৰম্ভ কৰা ৰাজস্থানে প্ৰথমে সুন্দৰ আৰম্ভণি কৰে যদিও পিচলৈ নিয়মিত গতিত উইকেটৰ পতন ঘটাত পৰাজয় বৰণ কৰিবলৈ বাধ্য হয় ৷ যশস্বী জছোৱালে 44 ৰাণ আৰু বাটলাৰে 40 ৰাণৰ ইনিংছ খেলে ৷ পাড়িক্কলে 26 আৰু ৰিয়ানে 15 ৰাণৰ বৰঙণি যোগায় ৷ ইয়াৰ বাহিৰে বাকী 4 গৰাকী খেলুৱৈয়ে ৰাণৰ ক্ষেত্ৰত দহকৰ ঘৰ চুব নোৱাৰিলে ৷ 20 অভাৰত 6 টা উইকেট হেৰুৱাই 144 ৰাণহে কৰিবলৈ সক্ষম হয় ৰাজস্থানে ৷

অৱশ্যে এতিয়াও IPL 2023 ৰ পইন্ট তালিকাত বৰ্তমান RR শীৰ্ষ স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে LSG (Rajasthan Royals vs Lucknow Super Giants) ৷

সঞ্জু চেমচন: আমি প্ৰথমে বলিং কৰিবলৈ ওলাইছো । সঁচাকৈয়ে ভাল উইকেট যেন লাগিছে । ৪ বছৰৰ পিছত জয়পুৰলৈ আহি খেলিবলৈ পাই আমি বহুত সুখী । চাপত পৰি আমি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰো তাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব । আমাৰ এক নিৰ্ভীক মনোভাৱ আছে । আমাৰ দলত এটা পৰিৱৰ্তন কৰা হৈছে ৷ জাম্পাৰ স্থানত জেচনক পুনৰ অন্তৰ্ভুক্ত কৰা হৈছে (Rajasthan Royals vs Lucknow Super Giants live)।

কে এল ৰাহুল: আমিও প্ৰথমে বলিং কৰিলোঁহেঁতেন । ইয়াত এখন আমাৰ প্ৰথম খেল । আমি ভালকৈ আৰম্ভ কৰি শক্তিশালী স্ক’ৰ কৰাটো গুৰুত্বপূৰ্ণ । আমি বেছিভাগ খেলতে ভাল প্ৰদৰ্শন কৰিছো । বেট অন বলৰ সৈতে আমাৰ অভিজ্ঞতা আছে । তিনিওটা দক্ষতাই শক্তিশালী হৈ আছে । আমি সেই বাওঁহাত আৰু সোঁহাতৰ সংমিশ্ৰণটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম । কুইনি এতিয়াও দলৰ বাহিৰত আছে । তেওঁ আৰু কিছু দিন অপেক্ষা কৰিব লাগিব । কুইণ্টনৰ সৈতে অপেনিং কৰি মই ভাল পাইছোঁ (RR vs LSG live blog)।

খেলুৱৈ সকল-

ৰাজস্থান ৰয়েলছ (প্লেয়িং একাদশ): জছ বাটলাৰ, যশস্বী জয়ছৱাল, সঞ্জু চেমছন(W/C), ৰিয়ান পৰাগ, শ্বিমৰন হেটমায়াৰ, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, জেছন হোল্ডাৰ, ট্ৰেণ্ট ব’ল্ট, সন্দীপ শৰ্মা, যুজবেন্দ্ৰ চাহাল

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (প্লেয়িং একাদশ): কে এল ৰাহুল(C), কাইল মেয়াৰ্ছ, দীপক হুডা, মাৰ্কাছ ষ্টয়নিছ, ক্ৰুনাল পাণ্ডিয়া, নিকোলাছ পুৰাণ(Wk), আয়ুছ বদোনি, নবীন উল হক, আৱেশ খান, যুধবীৰ সিং চৰাক, ৰবি বিষ্ণৈ

Last Updated :Apr 20, 2023, 1:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.