ETV Bharat / sports

IPL 2023 LSG Vs RCB: 1 টা বল 1 ৰাণ 1টা উইকেটৰ উৎকণ্ঠা; LSG ৰ জয়

author img

By

Published : Apr 10, 2023, 8:17 PM IST

Updated : Apr 11, 2023, 7:41 AM IST

IPL 2023 LSG Vs RCB match updates
IPL 2023 LSG Vs RCB

শেষৰ বলত এক ৰাণ লগা অৱস্থাত সাহসী সিদ্ধান্ত লৈ LSG ৰ দুই প্লেয়াৰে সকলোৰে চকু থৰ কৰি দিলে (IPL 2023 LSG Vs RCB match updates) ৷ RCB ক 1 উইকেটত পৰাস্ত কৰিলে LSG য়ে ।

নিউজ ডেস্ক, 10 এপ্ৰিল: কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছৰ মাজত দেওবাৰে অনুষ্ঠিত খেলখনৰ দৰে আন এখন তীব্ৰ উত্তেজনাপূ্ৰ্ণ খেলৰ সাক্ষী হৈ ৰল আই পি এলৰ দৰ্শক । বেংগালুৰু । লক্ষ্ণৌ ছুপাৰ জায়েন্টচ আৰু ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত খেলখনত শেষৰ বলটোলৈকে অনিশ্চয়তাৰ মাজত আছিল দৰ্শক (IPL 2023 LSG Vs RCB match updates) ।

খেলৰ টাৰ্গেট আৰু দ্বিতীয় ইনিংছ বেটিং আৰম্ভণিলৈ চাই খেলখনত বেংগালুৰু জিকিব বুলি নিশ্চিত হৈছিল RCBৰ সমৰ্থক তথা অনুৰাগীসকল । কিন্তু খেলৰ শেষৰ বলটোৱে যেন সকলো ওলট-পালত কৰি দিলে । খেলখনৰ শেষৰ অভাৰটোৱে দৰ্শকৰ চকু স্কীণত এটা পলক নেপেলোৱাকৈয়ে ধৰি ৰাখিবলৈ সক্ষম হল (IPL 2023 LSG Vs RCB) ।

প্ৰতিটো বল সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে দুয়োটা দলৰ বাবে । এটা বলত যদি RCBৰ বাবে ভাগ্য ভাল হয়, আনটোত আকৌ কপাল ফুলে LSGৰ । কিন্তু শেষৰটো বলে সকলোৰে উতকণ্ঠাৰ অন্ত পেলালে আৰু দুৰ্ভগীয়া হৈ ৰ'ল RCB ।

আজিৰ খেলখনত প্ৰথমে বেটিং কৰি RCBয়ে কোহলী, ডু প্লেছিছ আৰু মেক্সৱেলৰ বিস্ফোৰক বেটিঙৰ সহায়ত LSGৰ সমুখত 213 ৰাণৰ বিশাল স্কৰ ঠিয় কৰে । কিন্তু কিছু ৰাণ যেন কমি থকিল। পৰাজিত RCBয়ে চাগৈ তেনেকৈয়ে ভাবিছে (IPL 2023 live updates) ।

213 ৰাণৰ লক্ষ্য আগতলৈ নিজৰ বেটিং আৰম্ভ কৰা LSGৰ হৈ পেনিং কৰে কে এল ৰাহুল আৰু কাইল মেয়াৰ্ছে । কিন্তু মাত্ৰ 23 ৰাণতে হেৰুৱাই দলৰ শীৰ্ষ তিনিটা উইকেট । চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা মাৰ্কাচ ষ্টইনিছ আৰু কে এল ৰাহুলে মিলি দলৰ স্কৰ 10 অভাৰত 99 ৰাণলৈ লৈ যায় । কিন্তু 30 টা বলত 65 ৰাণ কৰা ষ্টইনিছ আউট হয় শ্বাহবাজৰ বলত । ছটা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই ষ্টইনিছে । ক্ৰীজলৈ আহে নিকোলাছ পুৰান ।

কিন্তু 105 ৰাণত পুনৰ ৰাহুলৰ উইকেটৰ পতন ঘটে । 20 টা বলত 18 ৰাণ কৰি ৰাহুল পেভিলিয়লনৈ ওভতে । ষষ্ঠ স্থানত বেটিং কৰিবলৈ আহে আয়ুষ বাদোনি । ভগৱানৰ আশীৰ্বাদ হৈহে যেন ক্ৰীজত নামিল পুৰাণ । আহিয়েই আৰম্ভ কৰিলে পুৰানে । সমান্তৰালভাৱে বিস্ফোৰক বেটিং আৰম্ভ কৰে বাহোদিয়েও । 105 ৰাণৰ পৰা দুয়োজন বেটছমেনে দলৰ স্কৰ লৈ যায় 189 ৰাণলৈ ।

16.6 অভাৰত 62 ৰাণ কৰি কেচ আউট হয় পুৰান । মাত্ৰ 19 টা বল খেলি 6 টা বাউণ্ডেৰী আৰু 7 টা অভাৰ বাউণ্ডেৰী কোবাই 62 ৰাণ কৰে পুৰানে । লগতে আই পি এল 2023 ত আইটাইতকৈ কম বলত অৰ্ধশতক অৰ্জন কৰে । 15 টা বলত 50 ৰাণ সম্পূৰ্ণ কৰে পুৰানে ।

পুৰান আউট হোৱাৰ পাচতে ক্ৰীজলৈ আহে জয়দেৱ উনাদকাট । আয়ুস বাদোহিয়ে ইটোৰ পিচত সিটো বল বাউণ্ডেৰীলৈ কোবালে । কিন্তু 18.4 অভাৰত বোদোহিয়ে 30 ৰাণ কৰি আউট হয় । 206 ৰাণ হৈ থকা অৱস্থা বাদোহি আউট হয় । 19.2 বলত আউট হয় মাৰ্ক উড আৰু 19.5 বলত 2012 উনাদকাট আউট হয় । শেষৰ বলত এক ৰাণ লৈ বিঞ্চনৈ আৰু আবেশ খানে এল এছ জিক জয়ী কৰে

ইয়াৰ আগতে প্ৰথমে বেটিং কৰিবলৈ আহি RCB ৰ দুই অপেনাৰ বিৰাট কোহলী আৰু ফাফ ডু প্লেছিছে শক্তিশালী আৰম্ভণি কৰে ৷ ইটোৰ পিচত সিটো বাউণ্ডেৰী কোৱাই LSG ৰ লাৰক দিশহাৰা কৰে দুয়োগৰাকী বেটছমেনে ৷ বিৰাট কোহলীয়ে 44 টা বল খেলি 4 টা বাউণ্ডেৰী আৰু টা অভাৰ বাউণ্ডেৰী কোবাই মুঠ 66 ৰাণ কৰে ৷ 11.3 অভাৰত অমিত মিশ্ৰৰ বলত কেচ আউট হয় কোহলী (IPL 2023 LSG Vs RCB match) ৷

আনগৰাকী অপেনাৰ ফাফ ডু প্লেছিছে 46 টা বলত 76 ৰাণ কৰে ৷ ডু প্লেছিছে ইনিংছটোত মুঠ 5 টা বাউণ্ডেৰী আৰু 5 টা অভাৰ বাউণ্ডেৰী কোবাই নট আউট হৈ ৰয় ৷ একেদৰে ফাষ্ট ডাউনত বেটিং কৰিবলৈ অহা গ্লেন মেক্সৱেলেও যেন আজি ফৰ্ম ঘূৰাই পাইছে ৷ ইটোৰ পিচত সিটো শ্বট বাউণ্ডেৰীৰ বাহিৰ মাৰি মেক্সৱেলে 29 টা বলত 59 ৰাণ কৰে ৷ 3 টা বাউণ্ডেৰী আৰু 6 টা অভাৰ বাউণ্ডেৰী কোবোৱা মেক্সৱেল 19.5 অভাৰত ব’ল্ড হয় ৷ মুঠ তিনি উইকেট হেৰুৱাই 212 ৰাণ সংগ্ৰহ কৰে RCB য়ে (IPL 2023 LSG Vs RCB match reports) ৷

খেলুৱৈৰ তালিকা-

RCB- বিৰাট কোহলী, ফাফ ডু প্লেছিছ (C), মহিপাল লমৰৰ, গ্লেন মেক্সৱেল, শ্বাহবাজ আহমেদ, দীনেশ কাৰ্তিক (Wk), অনুজ ৰাৱাট, ডেভিদ উইলি, ৱেইন পাৰ্নেল, হৰ্শাল পেটেল, মহম্মদ চিৰাজ

LSG- কে এল ৰাহুল (C), কাইল মেয়াৰ্ছ, দীপক হুডা, মাৰ্কাছ ষ্টয়নিছ, ক্ৰুনাল পাণ্ডিয়া, নিকোলাছ পুৰাণ (Wk), জয়দেৱ উনাদকট, অমিত মিশ্ৰ, আৱেশ খান, মাৰ্ক উড, ৰবি বিষ্ণৈ

লগতে পঢ়ক: IPL 2023 updates: ইডেনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বৃহৎ জয় কলকাতা নাইট ৰাইডাৰ্ছৰ

ইয়াৰ আগৰখন খেলত ইডেন গাৰ্ডেনত KKR ৰ হাতত 81 ৰাণত পৰাস্ত হোৱাৰ পাচত আজিৰ খেলখনত বিজয়ৰ চেষ্টা চলায় RCB য়ে ৷ KKR ৰ বিৰুদ্ধে খেলখনত দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবে 123 ৰাণতে অল আউট হৈছিল RCB ৷ KKR এ প্ৰথমে বেটিং কৰি RCB ক জয়ৰ বাবে 205 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ বৰ্তমানলৈকে RCB য়ে দুখন খেল খেলি 1 খনত জয়ী আৰু এখনত পৰাস্ত হৈছে (IPL 2023 match updates) ৷

ইফালে LSG য়ে এতিয়ালৈকে 3 খন খেল খেলি দুখনত জয়ী হোৱাৰ বিপৰীতে পৰাস্ত হৈছে এখনত ৷ নিজৰ প্ৰথমখন খেলত DC ক 50 ৰাণত পৰাস্ত কৰিছিল লক্ষ্ণৌৱে ৷ CSK ৰ বিৰুদ্ধে খেলা খেলখনত পৰাস্ত হোৱাৰ পিচত SRH ৰ বিৰুদ্ধে জয়ী হৈছিল LSG (IPL 2023 live updates) ৷

লগতে পঢ়ক: GT vs KKR live score : ছিক্সাৰৰ ধুমুহা নমাই KKR ক জয়ৰ সোৱাদ দিলে ৰিংকু সিঙে; অথলে গ’ল ৰছিদ খানৰ হেইট্ৰিক

Last Updated :Apr 11, 2023, 7:41 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.