ETV Bharat / sports

IPL 2023 updates: ইডেনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে বৃহৎ জয় কলকাতা নাইট ৰাইডাৰ্ছৰ

author img

By

Published : Apr 6, 2023, 8:20 PM IST

Updated : Apr 7, 2023, 12:36 AM IST

ইডেন গাৰ্ডেনত আজি IPL ৰ এখন খেলত RCB ক 81 ৰাণত পৰাস্ত কৰে KKR দলে ৷ RCB ক জয়ৰ বাবে 205 ৰাণৰ লক্ষ্য বান্ধি দিছিল KKR এ (IPL 2023 Updates) ৷ প্ৰত্যুত্তৰত মাত্ৰ 123 ৰাণতে অল আউট হয় RCB ।

RCB opt to bowl against KKR
IPL 2023 updates

নিউজ ডেস্ক, 6 এপ্ৰিল: ঘৰুৱা খেল পথাৰত বৃহস্পতিবাৰে নিজৰ শক্তি প্ৰদৰ্শন কৰিলে কলকতা নাইট ৰাইডাৰ্ছে । শক্তিশালী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 81 ৰাণত পৰাস্ত কৰি কলকাতাই প্ৰমাণ কৰি দিলে যে, তেওঁলোকো সহজে হাৰ মনা দল নহয় । RCB ক জয়ৰ বাবে 205 ৰাণৰ লক্ষ্য বান্ধি দিছিল KKR এ । কিন্তু তাৰ প্ৰত্যুত্তৰত মাত্ৰ 123 ৰাণতে অল আউট হয় ফাফ ডু প্লেছিছ, বিৰাট কোহলী, মেক্সৱেলৰ দৰে শক্তিশালী খেলুৱৈৰে গঠিত RCB (IPL 2023 KKR Vs RCB match) ।

205 ৰাণৰ লক্ষ্য আগত লৈ খেল আৰম্ভ কৰা RCB ৰ প্ৰথমাৱস্থাত প্ৰদৰ্শন যথেষ্ট শক্তিশালী আছিল যদিও পাচলৈ দ্ৰুত গতিত উইকেটৰ পতন ঘটে । অপেনিং কৰিবলৈ আহি দুই তাৰকা বেটচমেন বিৰাট কোহলী আৰু ফাফ ডু প্লেছিছে আক্ৰমনাত্মক শ্বটেৰে খেলপথাৰত নিজৰ আধিপত্য দেখুৱায় । 4.5 অভাৰতে দলটোৰ স্কৰ হয়গৈ 44 । কিন্তু সেই সময়তে সুনীল নাৰেইনৰ বলত ব'ল্ড হয় কোহলী । 18 টা বলত কোহলীয়ে 21 ৰাণ কৰে । তাৰ ঠিক পাচতেই 5.2 অভাৰত পেভিলিয়নলৈ ওভতে অধিনায়ক ফাফ ডু প্লেছিছ । 12 টা বলত 23 ৰাণ কৰে ডু প্লেছিছে (KKR beats RCB in IPL)।

গ্লেন মেক্সৱেলে 5 কৰি কৰি বৰুণ চক্ৰৱৰ্তীৰ বলত ব'ল্ড হৈ পেভিলিয়নমুখী হয় । 19 ৰাণ কৰি শ্বাৰ্দুল ঠাকুৰৰ বলত কেচ আউট হয় ব্ৰেছৱেল । ডেভিজ উইলি আৰু আকাশ দীপে ক্ৰমে 20 আৰু 17 ৰাণ কৰে যদিও সেয়া যথেষ্ট নাছিল । বাকী সকল খেলুৱৈৰ প্ৰদৰ্শন আছিল অত্যন্ত হতাশজনক । ফলত 123 ৰাণতে অল আউট হয় RCB । KKR ৰ হৈ বৰুণ চক্ৰবৰ্তীয়ে 4 টা, সুয়াশ শৰ্মাই 3 টাসুনীল নাৰিনেয়ে 2 টা আৰু শ্বাৰ্দুল ঠাকুৰে 1 টা উইকেট দখল কৰে । মোহালীত পঞ্জাৱৰ বিৰুদ্ধে প্ৰথমখন খেলত পৰাজয়ৰ পাচত এই বিজয়ে যেন পুনৰ আত্মবিশ্বাস ঘূৰাই আনিলে কলকাতাৰ ।

ইয়াৰ পূৰ্বে, KKR ৰ হৈ অপেনিং কৰিবলৈ আহে ৰহমানউল্লাহ আৰু ভেংকটেশ আয়াৰ ৷ ৰহমানউল্লাহে আৰম্ভণিৰ পৰাই আক্ৰমণাত্মকভাৱে খেলে যদিও 7 টা বলত মাত্ৰ 3 ৰাণ কৰিয়েই আউট হয় ভেংকটেশ ৷ মনদ্বীপ সিঙে কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ ওভতে ৷ 5 টা বল খেলি মাত্ৰ 1 ৰাণ কৰি আউট হয় অধিনায়ক নীতিশ ৰাণাও ৷ তাৰ পাচতেই খেলখনে নতুন গতি লয় (RCB Vs KKR match updates) ৷

চতুৰ্থ উইকেটৰ যুটিত ৰহমানউল্লাহ আৰু ৰিংকু সিঙে RCB ৰ বলাৰক আক্ৰমণ কৰিবলৈ লয় ৷ 57 ৰাণ কৰি 11.2 অভাৰত আউট হয় ৰহমানউল্লাহ ৷ এণ্ড্ৰি ৰাছেলো ৰাণ কৰাত বিফল হয় আজিৰ খেলত ৷ কিন্তু শ্বাৰ্দুল ঠাকুৰে বিস্ফোৰক খেল প্ৰদৰ্শন কৰি 29 টা বলত 68 ৰাণ সংগ্ৰহ কৰে ৷ ৰিংকু সিঙে 46 ৰাণৰ বৰঙণি যোগায় ৷ 20 অভাৰত KKR ৰ ৰাণ হয় 204 (KKR Vs RCB IPL match) ৷

কলকাতা নাইট ৰাইডাৰ্ছ (প্লেয়িং একাদশ): মনদ্বীপ সিং, ৰহমানুল্লাহ গুৰবাজ(W), নীতিশ ৰানা(C), ৰিংকু সিং, আন্দ্ৰে ৰাছেল, শ্বাৰ্দুল ঠাকুৰ, সুনীল নাৰিনে, সুয়াশ শৰ্মা, টিম চাউথী, উমেশ যাদৱ, বৰুণ চক্ৰৱৰ্তী ৷ (IPL Live Updates)

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (প্লেয়িং একাদশ): বিৰাট কোহলী, ফাফ ডু প্লেছিছ (C), দীনেশ কাৰ্তিক(W), গ্লেন মেক্সৱেল, মাইকেল ব্ৰেচৱেল, শ্বাহবাজ আহমেদ, ডেভিদ উইলি, কৰ্ণ শৰ্মা, হৰ্শাল পেটেল, আকাশ দীপ, মহম্মদ চিৰাজ ৷ (IPL 2023 news)

লগতে পঢ়ক: IPL 2023 RR vs PBKS: মৰণপণ যুঁজ দিও পঞ্জাৱৰ হাতত 5 ৰাণত পৰাস্ত ৰাজস্থান ৰয়েলছ

Last Updated : Apr 7, 2023, 12:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.