ETV Bharat / sitara

Bigg Boss OTT : প্ৰথম প্ৰতিযোগী কণ্ঠশিল্পী নেহা ভছিন

author img

By

Published : Jul 31, 2021, 9:30 PM IST

ছবি নিৰ্মাতা কৰণ জোহৰে আঁত ধৰিবলগীয়া বিগ বছ অ'টিটি(Bigg Boss OTT)ত প্ৰথম প্ৰতিযোগী হিচাপে প্ৰৱেশ কৰিব কণ্ঠশিল্পী নেহা ভছিনে(Neha Bhasin) । কালাৰ্ছ চেনেলত সম্প্ৰচাৰিত হোৱাৰ পূৰ্বে শ্ব'টোৰ ছিজন-১৫ প্ৰথম ৬ মাহৰ বাবে ষ্ট্ৰীমিং প্লেটফৰ্ম ভূত(Voot)ৰ জৰিয়তে প্ৰদৰ্শিত হ'ব আৰু বিগ বছ অ'টিটি নামেৰে প্ৰদৰ্শিত হ'ব ।

Neha Bhasin first confirmed contestant on Karan Johar hosted show
বিগ বছ ছিজন ১৫ৰ প্ৰথম প্ৰতিযোগী নেহা ভছিন

চিটাৰা ডেস্ক, ৩১ জুলাই : 'স্বাগ ছে কৰেংগে ছবকা স্বাগত' গীতটিৰ গায়িকা নেহা ভছিনক ৰিয়েলিটি শ্ব' বিগ বছ অ'টিটি(Bigg Boss OTT)ৰ প্ৰথম প্ৰতিযোগী হিচাপে নিৰ্ধাৰণ কৰা হৈছে । শ্ব'টোৰ ছিজন-১৫ৰ ডিজিটেল সংস্কৰণৰ আঁত ধৰিব ছবি নিৰ্মাতা কৰণ জোহৰে । নেহাই অনুষ্ঠানটোত প্ৰৱেশ কৰাৰ কথা ষ্ট্ৰীমিং প’ৰ্টেল ভূতে নিশ্চিত কৰিছে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলগীয়া আন আন তাৰকাসকলৰ নাম এতিয়াও গোপনে ৰখা হৈছে ।

'স্বাগ ছে কৰেংগে ছবকা স্বাগত', আছালাম-ই-ইছকম', 'হীৰিয়ে' আৰু 'জগ ঘুমেয়া' শীৰ্ষক কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে নেহাই । ৮ আগষ্টত ভূতত প্ৰিমিয়াৰ হ'ব বিগ বছ অ'টিটি ছিজন-১৫ । কৰণে বিগ বছ অ'টিটি ছয় সপ্তাহৰ বাবে আঁত ধৰিব । ডিজিটেল বিশেষ সম্প্ৰচাৰ সম্পূৰ্ণ হোৱাৰ পিছত কালাৰ্ছত শ্ব'টো সম্প্ৰচাৰিত হ'ব আৰু বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে(Salman Khan) শ্ব'টোৰ আঁত ধৰিব ।

আয়োজকসকলৰ মতে, এই সিদ্ধান্ত এক প্ৰকাৰৰ পৰীক্ষণমূলক আৰম্ভণি হ'ব পাৰে ।

যদি ডিজিটেল প্লেটফৰ্মত আশা কৰা ধৰণে সঁহাৰি লাভ কৰে তেন্তে, ছিজন-১৬ ডিজিটেল প্লেটফৰ্মত প্ৰদৰ্শন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । অথবা অ'টিটি আৰু টেলিভিছনত একেলগেও অনুষ্ঠানটো আৰম্ভ হোৱাৰ সম্ভাৱনা থাকিব ৷ উল্লেখ্য যে, বিগ বছত প্ৰতিটো ছিজনতে বিতৰ্ক হোৱা পৰিলক্ষিত হয় যদিও TRP ৰ ক্ষেত্ৰত প্ৰতিবাৰেই শীৰ্ষত থাকে অনুষ্ঠানটো । অৱশ্যে এইবাৰ ডিজিটেল সংস্কৰণত হ'লেও ছলমান খানৰ পৰিৱৰ্তে কৰণ জোহৰে প্ৰথম অৱস্থাত অনুষ্ঠানটো আঁত ধৰিলে দৰ্শকৰ কেনে সঁহাৰি লাভ কৰিব সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: এছ শংকৰৰ পৰৱৰ্তী ছবিত ৰাম চৰণ আৰু কিয়াৰা আদৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.